• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক নগাঁৱত ক’লা পতাকা প্ৰদৰ্শন আছুৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , January 9, 2019 9:19 pm

2 min read

c2649a89-cd89-433c-9994-07f0a1158095

বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক নগাঁওত ক'লা পতাকা প্ৰদৰ্শন আছুৰ। ফটো: নৰ্থইষ্ট নাও

507
VIEWS
Share on FacebookShare on Twitter

জাতিদ্ৰোহী নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত কৰাৰ প্ৰতিবাদত আজিও উত্তাল হৈ আছে সমগ্ৰ নগাঁও জিলা। এই উত্তাল পৰিস্থিতিৰ মাজতেই আজি ক’লা পতাকাৰ সন্মুখীন হ’বলগা হয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস।

উল্লেখ্য যে, আজি নগাঁও জিলা বিজেপিৰ উদ্যোগত স্থানীয় খগেন মহন্ত প্ৰেক্ষাগৃহত দলটোৰ পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়াৰ বাবে অনুষ্ঠিত এক দলীয় সভাত অংশগ্ৰহণ কৰি ওভতাৰ পথত বিজেপিৰ সভাপতি গৰাকীক আছুৰ সদস্যসকলে ক’লা পতাকা প্ৰদৰ্শন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

সভাখনৰ পৰা উভতি অহাৰ পথত নগাঁও আৱৰ্ত ভৱনৰ সন্মুখত এই ক’লা পতাকা দেখুৱাই বিভিন্ন ধ্বনিৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী ছাত্ৰ সদস্য সকলে জাতিদ্ৰোহী বিজেপি মুৰ্দাবাদ, ৰঞ্জিত দাস গ’ বেগ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল হায় হায় আদি ধ্বনিৰে বিজেপিৰ সভাপতিগৰাকীক কঠোৰ সকীয়নি প্ৰদান কৰি অসমীয়া জাতিৰ পৰিপন্থী কাম নকৰিবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰক দাবী জনায়। অন্যথা অনাগত সময়ত চৰকাৰ আৰু বিজেপিয়ে ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব সকীয়াই দিয়ে।

আজি আচম্বিতে বিজেপিৰ সভাপতিগৰাকীক আছুৰ নেতা-কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰাত তেওঁ অস্বস্তিত পৰিব লগা হয়। এই ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। অৱশ্যে দৌৰা-দৌৰিকৈ আহি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আছুৰ কৰ্মীসকলক খেদি পঠিয়ায়।

মনকৰিবলগীয়া যে, নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে নগাঁৱত বিগত দুদিন ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত বিজেপিৰ সভাপতি গৰাকীৰ নগাঁও আগমনক কেন্দ্ৰ কৰি আজি পুৱাৰে পৰা নগাঁও আৰক্ষীয়ে আৱৰ্ত ভৱন চৌহদত ব্যাপক নিৰাপত্তা বাহিনীৰ লোক নিয়োজিত কৰে।

আনকি, নগাঁও আৱৰ্ত ভৱনৰ ভিতৰত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি মূল প্ৰৱেশদ্বাৰৰ গেইট বন্ধ কৰি দিয়ে। মুঠতে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীয়ে আৱৰ্ত ভৱন চৌহদ এলেকাটো এক অভেদ্য দুৰ্গত পৰিণত কৰাৰ পাছতো আছুৱে আজি বিজেপিৰ সভাপতিগৰাকীক ক’লা পতাকা প্ৰদৰ্শন কৰা কাৰ্য‌ই বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd