বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ সাতখন ৰাজ্যৰ ১৬গৰাকী উপায়ুক্তক নথি-পত্ৰ নোহোৱা অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে পঞ্জীয়ন কৰিবলৈ দিয়া নিৰ্দেশত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৱে।
আছুৱে কয় যে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিজেপি চৰকাৰৰ ই অতি অশুভ ইংগিত। ই ভোটবেংক ৰক্ষাৰ এক ব্যৱস্থা। ইয়াৰ প্ৰভাৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো পৰিব।
বিজেপি চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত ‘এডেও দুডেও লোটা নিয়াৰ ছেও’ৰ নীতি গ্ৰহণ কৰিছে বুলি ব্যক্ত কৰি খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত হোৱা জাতিধ্বংসী নিৰ্দেশনাক আছুৱে বিৰোধিতা কৰিছে আৰু দৃঢ়তাৰে বিৰোধিতা কৰি যাব বুলি সদৰী কৰে।
আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দেশনা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰ, চৰকাৰৰ সকলো অংশীদাৰী দল আৰু ৰাজ্যৰ সকলো ৰাজনৈতিক দলক আছুৱে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে।
ইপিনে, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিঘ্নিত কৰিবলৈ বিজেপি চৰকাৰে এটাৰ পাছত আনটো পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছৰ অপশাসন আঁতৰাই ৰাইজে ৰাজনৈতিক পৰিৱৰ্তন আনিছিল। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰে এটাৰ পাছত আনটো খিলঞ্জীয়াৰ স্বাৰ্থ-বিৰোধী সিদ্ধান্তৰে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত মানসিক নিৰ্যাতন চলাইছে।
আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এই নিৰ্দেশনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত জাপি দিয়া (১) বিদেশী (সংশোধনী) নিৰ্দেশনা ২০১৫(২) পাৰপত্ৰ (ভাৰতত প্ৰৱেশ) নিয়ম ২০১৫(৩) নাগৰিকত্ব সংশোধনী বিল ২০১৬(৪) দীৰ্ঘ ম্যাদি ভিছা এই সকলোৰে দৃঢ়তাৰে বিৰোধিতা কৰি আহিছে।
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনত জাৰি কৰা নিৰ্দেশনাৰ অধীনত দেশৰ ৭খন ৰাজ্যত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দিয়া নিৰ্দেশনাৰ প্ৰভাৱ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলতো পৰিব। আনকি, ১৯৭১ চনৰ পাছত অসমলৈ অহা অবৈধ বাংলাদেশীয়েও এই সুবিধা ল’ব পাৰিব। উক্ত সাতখন ৰাজ্য বা দেশৰ আন ঠাইলৈ অহা অবৈধ বাংলাদেশীয়ে এই সুবিধা লৈ অসমত প্ৰৱেশ কৰিব পাৰিব।
অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি বিজেপি চৰকাৰৰ এয়া অক অশুভ ইংগিত বুলি সদৰী কৰি ভোটৰ অংকত অসমৰ খিলঞ্জীয়া মানুহক নিঃশেষ কৰাৰ যো-জা কৰিছে বুলি ক্ষোভ ব্যক্ত কৰে। আছুৱে ইয়াৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে।