দূৰ্গাোৎসৱৰ পূৰ্বে অসমৰ চাহ বাগিচাৰ শ্ৰমিক সকলক ২০ শতাংশ বানচ দিবৰ বাবে দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।
আজি বোকাখাতত অনুষ্ঠিত এক বিশেষ সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ সভাপতি ৰাজেন কুমাৰ আৰু সম্পাদক পৱন বেদিয়াই কয় যে মালিক পক্ষৰ সংগঠন চি চি বি এ ঘোষণা কৰা ৮.৩৩ শতাংশ বানচ আমি কোনোপধ্যেই মানি নলওঁ।
চাহ শ্ৰমিকৰ বানচক লৈ আমি হেতালি খেলাতো সহ্য নকৰো আৰু শ্ৰমিকক ২০ শতাংশ বানচ আদায় দিবৰ বাবে দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰক বিষয়তোত হস্তক্ষেপৰ দাবী জনায়।
সম্পাদক পৱন বেদিয়াৰ মতে চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত অসম চৰকাৰ ব্যৰ্থ হৈছে। ইয়াৰ বিপৰীতে মাত্ৰ ৩০ টকাৰ এক ইন্টেৰিয়াম দি অসম চৰকাৰে চাহ শ্ৰমিকক প্ৰৱঞ্চনাহে কৰিছে আৰু এতিয়া ২০ শতাংশ বানচৰ ক্ষেত্ৰতো যদি অসম চৰকাৰ নিমাতে থাকে তেন্তে আটচাই কেতিয়াও সহ্য নকৰে।
চাহ শ্ৰমিকক ২০ শতাংশ বানাচ দিবই লাগিব। তাৰ বাবে আমি আজিৰ পৰা ৩০ চেপ্তেম্বৰলৈকে ৰাজ্যৰ প্ৰতিখন বাগিচাতে ২০ শতাংশ বানচৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰিম। লগতে বাগিচাৰ মালিক পক্ষৰ কাৰ্যালয় আৰু চাহ বাগিচাৰ মুখ্য কাৰ্যালয়তো এই ধৰ্ণা কাৰ্যসূচী পালন কৰা হ’ব বুলিও তেওঁ কয়।
ইফালে বানচৰ প্ৰাকক্ষণত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰীয় অসমৰ চাহ উদ্যোগৰ অৱস্থা বেয়া বুলি কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতাদ্বয়ে কয় যে চাহ উদ্যোগৰ অৱস্থা যদি বেয়াই তেন্তে ইমান দিনে অসম চৰকাৰ ক’ত আছিল। এই অজুহাতেৰে চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বানচ দি ঠগিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে।
বানচৰ দাবীত চাহ বাগিচাৰ পৰিস্থিতি উত্তপ্ত হ’ব আৰু ইয়াৰ বাবে মালিক পক্ষ আৰু অসম চৰকাৰেই জগৰীয়া হ’ব বুলি আটছাৰ নেতাদ্বয়ে আজিৰ প্ৰেছ মেলত ঘোষণা কৰে।
বোকাখাতৰ আৱৰ্ত ভৱনত আয়োজিত এই প্ৰেছ মেলত কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে সংগঠনটোৰ বোকাখাত গোটৰ বিষয় ববীয়াও উপস্থিত থাকে।
প্ৰেছ মেলতে চাহ জনগোষ্ঠীৰ জাতীয় পৰৱ কৰম পূজা কেন্দ্ৰীয় ভাৱে বিশ্বনাথৰ বিহালীত চেপ্তেম্বৰ মাহৰ ২০ আৰু ২১ তাৰিখে অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে ৷