আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায় ঘোষণা কৰিছে। এই গোচৰত জড়িত ২০ জন অভিযুক্তক আদালতে দোষী সাব্যস্ত কৰিছে, আনহাতে ২৫ জনক নিৰ্দোষী বুলি ঘোষণা কৰা হৈছে। ৮ বছৰ ধৰি চলি থকা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰৰ শুনানি আজি শেষ হয়।
২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰি গাঁৱত সংঘটিত হৈছিল এই বৰ্বৰ হত্যাকাণ্ড। অসমৰ ইতিহাসৰ অন্যতম নৃশংস ঘটনা হিচাপে চিহ্নিত এই ঘটনাত নীলোৎপল দাস আৰু অভিজিৎ নাথ নামৰ দুজন যুৱকে উন্মাদ জনতাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল। অভিযোগ আছিল যে এই যুৱক দুজন কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল, কিন্তু কিছু উন্মাদ লোকে তেওঁলোকক আক্ৰমণ কৰে।
আদালতে যদিও আজি ৰায়দান কৰিছে, দোষীসকলৰ শাস্তি ঘোষণা কৰা হোৱা নাই। অহা ২৪ এপ্ৰিলত আদালতৰ পৰা শাস্তি ঘোষণা কৰা হ’ব। এই ঘটনাই সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল আৰু ন্যায়ৰ বাবে দীৰ্ঘদিন ধৰি অপেক্ষা কৰা হৈছিল।





