ডিব্ৰুগড় আৰক্ষীয়ে বৃহস্পতিবাৰে কেইবাজনো লোকক চাকৰি আৰু দোকানৰ প্ৰতিশ্ৰুতি দি কোটি কোটি টকাৰ প্ৰতাৰণা কৰা ইমতিয়াজ হুছেইনক তেওঁৰ মহানগৰীখনৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ হুছেইনে নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল। দণ্ডাধীশৰ সৈতে আৰক্ষীৰ এটা দলে চিৰিং চাপৰি আৰু আমোলাপট্টি সংযোগী পথৰ সমীপৰ বাসগৃহত উপস্থিত হৈ তেওঁক জিম্মাত লোৱাৰ পূৰ্বে দুৱাৰ ভাঙি প্ৰৱেশ কৰে।
ডিব্ৰুগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনোৱা মতে, এই গোচৰৰ সন্দৰ্ভত হুছেইনৰ পত্নীকো গ্ৰেপ্তাৰ কৰা হৈছে।
ডিব্ৰুগড়ত হুছেইনৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আৰু গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।
ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয়, ‘ইমতিয়াজ হুছেইন আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছে।তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল আৰু গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেওঁ নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল।আমি তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ দুৱাৰ ভাঙি সোমাবলগীয়া হৈছিল। তদন্ত চলি আছে।’
হুছেইনৰ বিৰুদ্ধে অভিযোগ পোৱাৰ পিছত ফেব্ৰুৱাৰী মাহৰ পৰা আৰক্ষীয়ে হুছেইনক অনুসৰণ কৰি আহিছে বুলিও তেওঁ কয়।
তেওঁ লগতে কয়, ‘ডিব্ৰুগড়ত তেওঁৰ বিষয়ে সকলোৱে জানে।তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল, কিন্তু তেওঁ নিজৰ স্থান সলনি কৰি থাকিল।আজি আমি তেওঁৰ উপস্থিতিৰ তথ্য পাই তেওঁক গ্ৰেপ্তাৰ কৰিলোঁ।এই গোচৰৰ সৈতে জড়িত তেওঁৰ পত্নীকো গ্ৰেপ্তাৰ কৰিছো।’
আৰক্ষীৰ মতে, হুছেইনে কেইবাজনো লোকৰ পৰা চাকৰি আৰু কিছুমান ক্ষেত্ৰত দোকানৰ প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰা বুলি অভিযোগ উঠিছে। সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হোৱা ধনৰ সঠিক পৰিমাণ আৰু ভুক্তভোগী লোকৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে তেওঁৰ গেৰেজৰ পৰা তিনিখন বাহন উদ্ধাৰ কৰে — এখন মাৰ্চিডিজ বেঞ্জ (এ এছ ০১ টি চি ২৭৯২), টয়োটা ইনোভা ক্ৰীষ্টা (এ এছ ০১ ই এল ১১৮৩) আৰু হুণ্ডাই আই ১০ (এ এছ ০৬ টি ৭২৮৬)।
হুছেইনে ২০০৯ চনৰ সংসদীয় নিৰ্বাচনত ডিব্ৰুগড় লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতাও কৰিছিল।





