মংগল গ্ৰহ ভ্ৰমণ কৰিবলৈ নাছাৰ পৰা বৰ্ডিং পাছ লাভ কৰিলে অভিনেতা আদিল হুছেইনে

আদিল হুছেইন। ফাইল ফটো।

অসম সন্তান তথা আন্তৰ্জাতিকভাৱে প্ৰশংসিত অভিনেতা আদিল হুছেইনে শনিবাৰে প্ৰকাশ কৰে যে তেওঁ নেছনেল এৰ’নেটিকছ এণ্ড স্পেচ এডমিনিষ্ট্ৰেছন (NASA)ৰ পৰা এখন বৰ্ডিং পাছ লাভ কৰিছে।

নিজৰ টুইটাৰ হেণ্ডেলত অভিনেতাজনে লিখিছে, “মোক এইমাত্ৰ @Nasa দ্বাৰা এই বৰ্ডিং পাছ প্ৰদান কৰা হৈছে। এই মংগল অভিযান ২০২৬ৰ জুলাইত কেপ কানাভাৰেল, ফ্ল’ৰিডাৰ পৰা মংগল গ্ৰহৰ জেজেৰ’ ক্ৰেটাৰলৈ উৰণ… যদিও শাৰীৰিকভাৱে ভ্ৰমণ নহয়.”

লগতে পঢ়ক: সঁচা! ২০২৯ চনৰ পৰা অমৰ হ’ব মানুহ? গৱেষণাত বিজ্ঞানীৰ অভূতপূৰ্ব দাবী

ইয়াৰ পূৰ্বে নাছাই মহাকাশযান এখনত উঠি “আপোনাৰ নাম মংগল গ্ৰহলৈ পঠিয়াবলৈ” এক পদক্ষেপ আৰম্ভ কৰিছিল।

বিগত সময়ত পাৰ্চেভাৰেন্স ৰ’ভাৰখনে ইলেক্ট্ৰন ৰশ্মিৰ জৰিয়তে এখন প্লেকাৰ্ডত “আঙুলিৰ নখৰ আকাৰৰ চিপ”ত খোদিত কৰা ১০,৯৩২,২৯৫ জন লোকৰ নাম কঢ়িয়াই নিছিল।

এই পদক্ষেপৰ সফলতাৰ পিছত নাছাই পুনৰাবৃত্তি কৰি ২০২০ চনৰ মাজভাগত নাছাৰ ভৱিষ্যতে মংগল গ্ৰহলৈ যোৱা অভিযানত পৃথিৱীবাসীক নিজৰ নাম অন্তৰ্ভুক্তিৰ অনুমতি দিয়ে, যদিও বৰ্ডিং পাছত ২০২৬ চনৰ জুলাইৰ ভ্ৰমণৰ তাৰিখ নিৰ্দিষ্ট কৰা হৈছে।

লগতে পঢ়ক: ১০ মাহ পাছত জেলৰ পৰা ওলায়েই বিজেপিৰ বিৰুদ্ধে সৰৱ সিদ্ধু; প্ৰশংসা ৰাহুল গান্ধীক

নাছাই জাৰি কৰা বৰ্ডিং পাছত লিখা আছে “BOARDING PASS: FUTURE MARS MISSION”।

পাছটোত থকা উৎক্ষেপণ স্থানটোক পৃথিৱীৰ ফ্ল’ৰিডাৰ কেপ কানাভেৰেল বায়ুসেনা ষ্টেচন আৰু মংগল গ্ৰহত অৱতৰণৰ স্থান জেজিৰ’ ক্ৰেটাৰ বুলি চিহ্নিত কৰা হৈছে।

ইয়াৰ উপৰিও পাছটোৱে আপোনাক ১.১ বিলিয়ন মাইল/ ১.৭ বিলিয়ন কিলোমিটাৰ এৱাৰ্ড পইণ্টৰ সৈতে ‘স্পেচক্ৰাফ্ট মাইলছ’ ৰিৱাৰ্ডো দিয়ে!

ইতিমধ্যে এই পৰ্যন্ত ২২৯৯৯১৭৭ জন লোকে ৰঙা গ্ৰহলৈ প্ৰেৰণ কৰিবলৈ নিজৰ নাম পঞ্জীয়ন কৰিছে।