দেশৰ বেছিভাগ বিমান বন্দৰ বৰ্তমান তেওঁলোকৰ অধীনত। প্ৰায় সকলো ক্ষেত্ৰতে তেওঁলোকৰ বিনিয়োগ বিয়পি আছে। এতিয়া হেনো আদানি গোটে বিমান সংস্থাও খুলিব বিচাৰে। আনকি, সেই বিমান সংস্থা খোলাৰ বাবে মোডী চৰকাৰৰ ওচৰত বৰ্তমানৰ নিয়ম শিথিল কৰাৰ অনুৰোধো জনাইছে। সংবাদ মাধ্যমত এনেকুৱা খবৰ বিয়পি পৰিছিল। কিন্তু এতিয়া আদানি গোটে এই সকলো খবৰ নস্যাৎ কৰিছে।
এক বিবৃতি দি জনাই দিয়া হৈছে যে, আদানি গোটে বৰ্তমান বিমান সংস্থাৰ ব্যৱসায়ত কোনো বিনিয়োগ কৰা নাই বা বিমান পৰিবহণ ব্যৱসায়ত প্ৰৱেশ কৰাৰ বাবে চৰকাৰৰ নীতিৰ কোনো পৰিৱৰ্তন বিচৰা নাই। সংস্থাটোৰ তৰফৰ পৰা বিবৃতিত কোৱা হৈছে যে বিভিন্ন সংবাদ মাধ্যমৰ ৰিপৰ্টত আদানি গোটে বিমান পৰিবহণ ব্যৱসায়ত যোগ দিয়া বুলি কোৱা হৈছে। কিন্তু তেওঁলোকে স্পষ্ট কৰি দিব বিচাৰে যে এনে ধৰণৰ কোনো প্ৰস্তাৱ তেওঁলোকৰ ওচৰত নাই আৰু তেওঁলোকে এনে ধৰণৰ কোনো পদক্ষেপ লোৱা নাই।
দেশৰ একাধিক বিমান বন্দৰৰ দায়িত্ব আদানি গোটৰ হাতত আছে। বৰ্তমান দেশৰ দুটা ব্যস্ত বিমান বন্দৰ, দিল্লী আৰু মুম্বাই বিমান বন্দৰ পৰিচালনা কৰা সংস্থাসমূহৰ ক্ষেত্ৰত এটা নিয়ম আছে। নিয়ম অনুসৰি, এই বিমান বন্দৰসমূহৰ নিয়ন্ত্ৰক সংস্থাই কোনো নিৰ্দিষ্ট বিমান সংস্থাত দহ শতাংশতকৈ বেছি অংশীদাৰিত্ব ৰাখিব নোৱাৰে। ২০০৬ চনত এই দুখন বিমান বন্দৰ বেচৰকাৰীকৰণৰ সময়ত এই চৰ্ত চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল। কালি সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে, বিমান ব্যৱসায়ত প্ৰৱেশ কৰাৰ বাবে সেই চৰ্ত শিথিল কৰাৰ দাবী জনাইছে আদানি গোটে। কিন্তু আদানি গোটে এই সকলোবোৰ কথা অস্বীকাৰ কৰিলে।
বৰ্তমান মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ৭৪ শতাংশ শ্বেয়াৰৰ মালিক এই সংস্থাটো। আনহাতে দিল্লী বিমান বন্দৰৰ ৭৪ শতাংশ মালিকীস্বত্ব আছে জি এম আৰ এয়াৰপৰ্টছৰ হাতত। যোৱা বছৰৰ ডিচেম্বৰ মাহত গৌতম আদানিৰ পুত্ৰ জীত আদানিয়ে ৰাজহুৱাভাৱে জনাইছিল যে, বিমান সংস্থা চলোৱাৰ তেওঁলোকৰ কোনো পৰিকল্পনা নাই। বৰ্তমান দেশৰ ঘৰুৱা উৰণ সেৱা ক্ষেত্ৰৰ প্ৰায় ৯০ শতাংশই ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াৰ দখলত আছে। আদানি গোট এই ব্যৱসায়লৈ আহিলে সাধাৰণ যাত্ৰীসকলৰ সুবিধা হ‘ব বুলি ভবা হৈছিল, কিন্তু তেনেকুৱা একো হোৱা নাই।





