• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবছৰত ৬৪ শতাংশ বৃদ্ধি! ভাৰত-বাংলাদেশৰ মাজৰ ‘চৰকাৰী সহযোগিতাত’ জয়জয়-ময়ময় আদানীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:40 am
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন পূৰ্বে মুকেশ আম্বানীৰ অঁতৰাই তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। এতিয়া গৌতম আদানীৰ সম্পত্তিৰ আশ্চৰ্যজনক তথ্য ৰাজহুৱা হৈছে। পৰিসংখ্যা অনুসৰি আদানী পাৱাৰ লিমিটেডৰ লাভে ৪ হাজাৰ কোটিৰ সীমা অতিক্ৰম কৰিছে।

যোৱা বছৰৰ এপ্ৰিল মাহত আদানী পাৱাৰৰ লাভ আছিল ২৫৯৯ কোটি টকা। চলিত বৰ্ষৰ এপ্ৰিল মাহত সেই সংখ্যা ৪,২৭১ কোটিত উপনীত হয়। অৰ্থাৎ এবছৰত আদানী পাৱাৰৰ লাভ ৬৪ শতাংশ বৃদ্ধি পাইছে।

Apply Now

চলিত মাহৰ মাজভাগত আদানী গ্ৰুপৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ বাবেই আদানীয়ে এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। উদ্যোগপতিগৰাকীৰ মুঠ ধন-সম্পত্তি ৯২.৬ বিলিয়ন ডলাৰ অৰ্থাৎ ৮ লাখ ৭৭ হাজাৰ কোটি টকা।

আদানীৰ বিভিন্ন ব্যৱসায়ৰ ভিতৰত অন্যতম হৈছে বিদ্যুৎ যোগান কেন্দ্ৰ আদানী পাৱাৰ। আদানীৰ এই কোম্পানীটোৱে যোৱা বিত্তীয় বৰ্ষত মুঠ ১৫ হাজাৰ কোটি টকা উপাৰ্জন কৰিছে। সেয়াও যোৱা বছৰৰ তুলনাত ১০০০ কোটিৰো অধিক। এই বৃহৎ লাভৰ আঁৰৰ কাৰণ হ’ল কৰ হাৰ হ্ৰাস, যিটো খোদ কোম্পানীটোৱেও স্পষ্টভাৱে উল্লেখ কৰিছে। মন কৰিবলগীয়া যে আদানী পাৱাৰ হৈছে সৰ্ববৃহৎ ব্যক্তিগত তাপ শক্তি উৎপাদন কেন্দ্ৰ।

প্ৰসংগক্ৰমে বিৰোধীয়ে বাৰে বাৰে মোডী চৰকাৰক আদানীক সুবিধা দিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে। দুবছৰ পূৰ্বে আমেৰিকাৰ শ্বৰ্ট চেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্চে দাবী কৰিছিল যে আদানী গ্ৰুপে নিজৰ সুবিধাৰ বাবে ভাৰতীয় বজাৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে।

হিণ্ডেনবাৰ্গ গৱেষণাই মোদীৰ শাসন কালত আদানী গ্ৰুপৰ উত্থানত বৃহৎ দুৰ্নীতিৰ ইংগিত দিছিল। সেই প্ৰতিবেদন ওলোৱাৰ লগে লগে আদানীসকলৰ শ্বেয়াৰৰ মূল্য হোৰাহোৰে নামিবলৈ ধৰে। আদানীৰ বিৰুদ্ধে মূল অভিযোগ আছিল বজাৰক প্ৰভাৱিত কৰা আৰু একাউণ্টত জালিয়াতি কৰা। অৱশ্যে সেই অভিযোগ খাৰিজ কৰিছে ছেবিয়ে।

ছেবিৰ প্ৰতিবেদনৰ পিছৰে পৰা আদানীৰ সম্পত্তিৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। শেহতীয়াকৈ পুনৰ বাংলাদেশলৈ বিদ্যুৎ যোগান আৰম্ভ কৰিছে আদানী পাৱাৰে। ভাৰতৰ আদানী পাৱাৰ কোম্পানীয়ে ২০১৭ চনত বাংলাদেশৰ সৈতে চুক্তিবদ্ধ হৈছিল।

চুক্তি অনুযায়ী আদানীৰ কোম্পানীয়ে ঝাৰখণ্ডৰ গোড্ডাত অৱস্থিত বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ পৰা অহা ২৫ বছৰলৈ ঢাকালৈ ১০০ শতাংশ বিদ্যুৎ যোগান ধৰাৰ কথা। এতিয়া বাংলাদেশত নতুন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা আদানীৰ কোম্পানীয়ে তাত বিদ্যুৎ যোগান অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

ভূমিকম্পত বিধ্বস্ত কলম্বিয়া, কমেও ১১১জনৰ মৃত্যু; জৰুৰীকালীন অৱস্থা ঘোষণা, বন্ধ ৬টা বিমানবন্দৰ

August 11, 2026 7:30 am
অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd