২৫ জানুৱাৰী, ২০২৩-ত আদানি গ্ৰুপৰ দহটা কোম্পানীৰ মুঠ বজাৰ মূলধন ১ লাখ কোটি টকা হ্ৰাস পাইছিল। ২৩ জানুৱাৰী, ২০২৬-ত আদানি গ্ৰুপৰ কোম্পানীসমূহৰ বজাৰ মূলধন ১.১ লাখ কোটি টকাৰ ক্ষতি হ’ল। তিনি বছৰৰ পাছত জানুৱাৰী মাহৰ দুঃস্বপ্নটো আদানি গ্ৰুপলৈ ঘূৰি আহিল।
তিনি বছৰৰ আগতে ২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ লগে লগে পিছদিনা আদানি গ্ৰুপৰ কোম্পানীসমূহৰ শ্বেয়াৰ তীব্ৰভাৱে হ্ৰাস পাবলৈ ধৰে। একেদৰে শুকুৰবাৰে আদানিৰ বিষয়ে ‘নেতিবাচক’ খবৰ ওলোৱাৰ লগে লগে গ্ৰুপটোৰ হাতত থকা কোম্পানীসমূহৰ শ্বেয়াৰৰ মূল্য দ্ৰুতগতিত হ্ৰাস পায়।
ইয়াৰ ফলত ক্লোজিং বেল বজাৰ লগে লগে দেখা গ’ল যে এইবাৰো আদানিৰ ১.১ লাখ কোটি টকাৰ মাৰ্কেট কেপ শ্বেয়াৰ বজাৰৰ জীপাল বালিত ডুব গৈছে। বিনিয়োগকাৰীয়ে এদিনতে আদানিৰ শ্বেয়াৰত ১৪ শতাংশ পৰ্যন্ত ধন হেৰুৱাইছে।
সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে প্ৰৱঞ্চনা আৰু উৎকোচৰ অভিযোগত গৌতম আদানি আৰু সাগৰ আদানিলৈ পোনপটীয়াকৈ ইমেইলযোগে চমন প্ৰেৰণৰ অনুমতি বিচাৰি আমেৰিকাৰ আদালতত আবেদন জনাইছে।
শুকুৰবাৰে এই খবৰ পোহৰলৈ অহাৰ লগে লগে আদানিৰ শ্বেয়াৰ ‘ক্ৰেচ’ হৈ পৰে, লগতে শ্বেয়াৰ বজাৰৰ দুটা প্ৰধান সূচকাংক চেন্সেক্স আৰু নিফটিও ‘ক্ৰেচ’ হয়। যাৰ বাবে বিনিয়োগকাৰীৰ ৬.৮ লাখ কোটি টকাৰ মূলধন সেইদিনা বজাৰৰ পৰা অন্তৰ্ধান হৈ গ’ল।
প্ৰতিবেদনত আৰু দাবী কৰা হৈছে যে এছ ই চি কৰ্তৃপক্ষই আদালতক জনাইছিল যে ভাৰতে যোৱা বছৰ চৰকাৰী চেনেলৰ জৰিয়তে চমনৰ বাবে কৰা দুটা অনুৰোধ নাকচ কৰিছিল। আমেৰিকাত ভাৰতীয় ব্যৱসায়িক গোষ্ঠীৰ বিৰুদ্ধে এইটোৱেই প্ৰথম হাই-প্ৰফাইল গোচৰ। আদানি গোষ্ঠীৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ আত্মীয়ৰ বিৰুদ্ধে চমন জাৰি কৰাৰ চেষ্টা চলাইছে আমেৰিকাৰ বজাৰ নিয়ন্ত্ৰক সংস্থা কৰ্তৃপক্ষই।
মন কৰিবলগীয়া যে গ্ৰীণলেণ্ডক লৈ ভূ-ৰাজনৈতিক উত্তেজনা হ্ৰাস পোৱাৰ সম্ভাৱনাৰ বাবে বৃহস্পতিবাৰে মূল বজাৰ সূচকাংকসমূহ গ্ৰীণ -জোনলৈ ঘূৰি আহিল। কিন্তু ঠিক পিছদিনা বজাৰলৈ ঘূৰি আহিল ‘বিক্ৰীৰ চাপ’। সেই দিনটোত আদানি গ্ৰীণ, আদানি এণ্টাৰপ্ৰাইজ, আদানি এনাৰ্জী আৰু আদানি বন্দৰৰ শ্বেয়াৰৰ মূল্য ১৪ শতাংশ পৰ্যন্ত হ্ৰাস পায়। পৰিসংখ্যা অনুসৰি শুকুৰবাৰে ক্লোজিং বেল বজাৰ সময়ত চেন্সেক্সো ৭৬৯ পইণ্ট হ্ৰাস পাই ৮১,৫৩৭ পইণ্টত উপনীত হয়। ইপিন, একে সময়তে নিফটি ২৪১ পইণ্ট হ্ৰাস পাই ২৫,০৪৮ পইণ্টত বন্ধ হয়।
কিছুমান বিশেষজ্ঞৰ দাবী যে গ্রীনলেণ্ডক লৈ উত্তেজনা কমিছে যদিও আদানিৰ শ্বেয়াৰৰ পতনে চেন্সেক্স-নিফটিক তললৈ টানি আনিছে৷ তদুপৰি ডলাৰকে ধৰি বিভিন্ন মুদ্ৰাৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাটোৱেও বিনিয়োগকাৰীৰ চকু কপালত তুলিছে। যিয়ে বিদেশী বিনিয়োগকাৰীৰ এটা অংশক বৃহৎ পৰিমাণৰ শ্বেয়াৰ বিক্ৰী কৰাৰ দিশলৈ ঠেলি দিছে।
প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে পশ্চিম এছিয়াত ভূ-ৰাজনৈতিক উত্তেজনাৰ বাবে শুকুৰবাৰে খাৰুৱা তেলৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। শুকুৰবাৰে ব্ৰেণ্ট খাৰুৱা তেলৰ ফ্যুচাৰ ০.৫ শতাংশ বৃদ্ধি পাই ৬৪.৩৫ ডলাৰ হয়। ইয়াৰ ফলত ভাৰতৰ তেল আমদানিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি একাংশ বিশেষজ্ঞই দাবী কৰিছে। ফলত বিনিয়োগকাৰীৰ এটা অংশই সেইদিনা শ্বেয়াৰ বিক্ৰী কৰে। ইয়াৰ ফলত সাধাৰণ বিনিয়োগকাৰীৰ দুশ্চিন্তা আৰু বৃদ্ধি পাইছে।





