• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

SI প্ৰশ্ন কাকত ফাদিল : DGP ভাস্কৰ জ্যোতি মহন্ত, ADGP জি পি সিং আৰু IGP সুৰিন্দৰ কুমাৰৰ সংবাদ মেল, কি কি ক’লে তিনি শীৰ্ষ আৰক্ষী বিষয়াই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 10, 2020 6:17 pm
index.jpga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু  আৰক্ষী মহাপৰিদৰ্শক (চিআইডি) সুৰিন্দৰ কুমাৰে এক সংবাদ মেল সম্বোধন কৰে।

অসমৰ আৰক্ষীৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল তথা কেলেংকাৰিৰ তদন্তৰ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত অৱগত কৰি আৰক্ষী সঞ্চালক প্ৰধান মহন্তই কয়, “এতিয়ালৈকে আমি এই ঘটনাৰ সৈতে জড়িত ৪৫ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো। ইয়াৰে ৪৩ গৰাকী এই কেলেংকাৰিৰ সৈতে পোনপতীয়াভাৱে জড়িত।”

Apply Now

তেওঁ লগতে জনায় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চিআইডিত গোচৰ ৰুজু কৰা হৈছিল। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ মতে নলবাৰী, লখিমপুৰ আৰু কাৰ্বি আংলঙতো এই কেলেংকাৰিৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল।

SI পদৰ পৰীক্ষাৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে আলোচনা কৰা হৈছে বুলিও জানিবলৈ দিয়ে অসম আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।

আনহাতে এতিয়াৰ পৰা আৰক্ষীৰ নিযুক্তি ব’ৰ্ডৰ পৰীক্ষা অসম আৰক্ষীয়ে নিজে পাতিব বুলিও প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান মহন্তই।

ইপিনে এই কেলেংকাৰিত জড়িত থকা আৰক্ষী বিভাগৰ সকলো উচ্চ পদস্থ বিষয়াকে গ্ৰেপ্তাৰ কৰা হ’ব বুলিও তেওঁ দাবী কৰে।

অসম আৰক্ষীৰ মহা পৰিদৰ্শক(চিআইডি) সুৰিন্দৰ কুমাৰে SIৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ক’ৰ পৰা ফাদিল হ’ল সেয়া তদন্ত কৰি থকা হৈছে বুলি কৈ হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ দুটা ৰুম ইতিমধ্যে ছীল কৰাৰ লগতে হোটেলখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলিও সাংবাদিকক জানিবলৈ দিয়ে।

কুমাৰে আৰু কয়ে যে, হোটেলখনত অবৈধভাৱে পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। ধাৰাপুৰৰ অক্ষয় টেলি কমিউনিকেশ্যন নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা বহুকেইটা হাৰ্ডডিস্ক, এডমিট কাৰ্ড, ব্লেঙ্ক চেকবুক জব্দ কৰা হৈছে।

ইফালে SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত চিআইডিত আৰু তিনিটা গোচৰ ৰুজু কৰিবলৈ আদালতত আবেদন কৰিব বুলিও সিঙে জানিবলৈ দিয়ে।

আনহাতে আজি সংবাদমেলত আৰক্ষী বিষয়াত্ৰয়ে আন এক বিস্ফোৰক তথ্য প্ৰকাশ কৰি কয় যে অভিযুক্ত সুৰজ শৰ্মাৰ ঘৰত উদ্ধাৰ হোৱা বিলাসী বাহনখন তামিলনাডুত পঞ্জীয়নভুক্ত।

চিআইডিৰ গোচৰত যি দহগৰাকী অভিযুক্তই ভাৰতীয় দণ্ডিবিধি ১৬৫ ধাৰাত জবানবন্দী দিছে তেওঁলোকে পিছত নিজৰ জবানবন্দী সলনি কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰিছে অসম আৰক্ষীয়ে।

আনহাতে দিবন ডেকাৰ ফেইচবুক প’ষ্টৰ ভিত্তিত আন কেবাজনো অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ দিছে।

অভিযান কালত বহু পৰিমাণৰ টকাও উদ্ধাৰ হোৱা বুলি জানবিলৈ দি আৰক্ষী বিষয়াজনে জনাই যে এই উদ্ধাৰ হোৱা টকাসমূহ SIৰ কেলেংকাৰিৰ সৈতে জড়িত হয় নে নহয় সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব।

দিনে নিশাই কাম কৰি অসম আৰক্ষীৰ ডিআইডিয়ে ৫ টা গোচজৰ ৰুজুৰ কৰি SIৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত ৪৫ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে ৪৩ জনৰ বিৰুদ্ধে চিআইডিত গোচৰ ৰুজু কৰা হৈছে বুলি সংবাদ মেলত অৱগত কৰে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

ইফালে সিঙে সমগ্ৰ অভিযানত ৩ কোটিৰো অধিক টকা জব্দ কৰা বুলি সাংবাদিকক সদৰী কৰিছে।

কিছু সময়ৰ পূৰ্বে আৰু ১৫ লাখ জব্দ কৰিছে অসম আৰক্ষীৰ অভিযানকাৰী দলে।

ইতিমধ্যে পৰীক্ষাৰ সৈতে জড়িত সকলোবোৰ প্ৰতিষ্ঠান তথা এজঞ্চিকে দায়িত্বৰ পৰা আঁতৰোৱা হৈছে বুলিও জানিবলৈ দি এতিয়াৰ পৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা কোনো বাহিৰা প্ৰতিষ্ঠান দিয়া নহয় বুলি স্পষ্ট কৰি দিয়ে জি পি সিঙে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd