• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন: জল, জংঘল আৰু পৰিচয়ৰ সুৰক্ষাৰ দাবীত ৰাজধানীত ১৬খন ৰাজ্যৰ সহস্ৰাধিক জনজাতিৰ প্ৰতিবাদ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2026 10:06 am
ফটো: ফেচবুকৰ পৰা সংগৃহীত

ফটো: ফেচবুকৰ পৰা সংগৃহীত

29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“জল, জংঘল কাৰ? আমাৰ, আমাৰ।” শ্লোগানেৰে ৭ ছেপ্টেম্বৰ, সোমবাৰে ৰাজধানী দিল্লীৰ বাহাদুৰ শ্বাহ জফৰ মাৰ্গ মুখৰিত হৈ পৰে। দেশৰ ১৬খন ৰাজ্যৰ পৰা অহা সহস্ৰাধিক আদিবাসী লোকে ভগত সিং ছহীদ পাৰ্কৰ পৰা উলিওৱা এই সমদলে সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰে।

 

Apply Now

আদিবাসী অধিকাৰ ৰাষ্ট্ৰীয় মঞ্চৰ (AARM) অধ্যক্ষ জিতেন্দ্ৰ চৌধুৰী আৰু ৰাষ্ট্ৰীয় আহ্বায়ক পুলিন বাস্কেৰ নেতৃত্বত উলিওৱা এই সমদল আছিল এক দুদিনীয়া সন্মিলনৰ সামৰণি অনুষ্ঠান। ইয়াৰ পূৰ্বে ৬ ছেপ্টেম্বৰত নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাবৰ মাৱলংকাৰ হলত অনুষ্ঠিত হৈছিল ‘আদিবাসী অধিকাৰ সংগ্ৰাম সন্মিলন’।

 

সন্মিলন উদ্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মদন বি. লকুৰে আদিবাসীসকলৰ ভূমি আৰু প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে থকা পঞ্চম আৰু ষষ্ঠ অনুসূচী, বন অধিকাৰ আইন (FRA) আৰু পেছা (PESA) আইনৰ দুৰ্বল ৰূপায়ণক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে বন অধিকাৰ আইন প্ৰণয়নৰ ২০ বছৰ পিছতো গ্ৰাম সভাৰ কৰ্তৃত্বক আওকাণ কৰি আদিবাসীসকলৰ বিৰুদ্ধে সৰু-সুৰা গোচৰ জাপি দিয়াৰ প্ৰৱণতা আজিও অব্যাহত আছে।

 

কৰ্প’ৰেটৰ স্বাৰ্থত কেনেদৰে আদিবাসীসকলক উচ্ছেদ কৰা হৈছে, তাৰ এক ভয়ংকৰ ছবি সন্মিলনত দাঙি ধৰা হয়। ছত্তীশগড়ৰ হাছদেও অৰণ্য, মধ্যপ্ৰদেশৰ কেন-বেটৱা, কৰ্ণাটকৰ নাগাৰহোল আৰু তেলেংগানাৰ পোলাভাৰম প্ৰকল্পৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰে। তেলেংগানাৰ এজন প্ৰতিনিধিয়ে কয়, “কোমৰাম ভীম সংৰক্ষণ বনাঞ্চলৰ নামত ৩৩৯খন জনজাতীয় গাঁও উচ্ছেদ কৰাৰ পৰিকল্পনা কৰা হৈছে। চৰকাৰী নিৰ্দেশনাত মিছাকৈয়ে কোৱা হৈছে যে গ্ৰাম সভাৰ জৰিয়তে ৰাইজৰ সন্মতি লোৱা হৈছে।”

 

২০১৪ চনৰ খাক্সা কমিটীৰ প্ৰতিবেদন অনুসৰি, ১৯৫১ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত দেশত উন্নয়নমূলক প্ৰকল্পৰ নামত প্ৰায় ৮৫.৪ লাখ আদিবাসীক উচ্ছেদ কৰা হৈছে। কিন্তু ইয়াৰ সঠিক ক্ষতিপূৰণ বা পুনৰ্সংস্থাপনৰ কোনো ব্যৱস্থা আজিকোপতি হোৱা নাই।

 

সন্মিলনত চাকৰি আৰু শিক্ষাৰ বিষয়টোৱেও গুৰুত্ব লাভ কৰে। ২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ খালী পদৰ সংখ্যা প্ৰায় দুগুণলৈ বৃদ্ধি পাইছে, য’ত কেৱল ৯টা মন্ত্ৰালয়তেই অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১২,০০০ তকৈ অধিক পদ খালী হৈ আছে। আনহাতে, শিক্ষাৰ ক্ষেত্ৰত ২০১৮-১৯ বৰ্ষৰ পৰা এতিয়ালৈকে প্ৰায় ৭৯,০০০ চৰকাৰী বিদ্যালয় বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত জনজাতীয় অঞ্চলৰ শিক্ষাৰ্থীসকল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। মহাৰাষ্ট্ৰৰ হোষ্টেলসমূহত ছাত্ৰ-ছাত্ৰীৰ পুতৌলগা অৱস্থা আৰু মৃত্যুৰ পৰিসংখ্যাও সন্মিলনত তুলি ধৰা হয়।

 

আদিবাসীসকলৰ সাংস্কৃতিক পৰিচয় আৰু ভাষাৰ ওপৰত নামি অহা সংকটক লৈও সন্মিলনত গভীৰ আলোচনা হয়। ‘জনজাতি সুৰক্ষা মঞ্চ’ৰ দৰে সংগঠনে ধৰ্মান্তৰিত আদিবাসীসকলক অনুসূচিত জনজাতিৰ তালিকাৰ পৰা বাদ দিয়াৰ বাবে চলোৱা অভিযানক তীব্ৰ গৰিহণা দিয়া হয়। ৰাজস্থানৰ জনজাতীয় নেতা প্ৰেম পাৰ্গীয়ে কয়, “ধৰ্মান্তৰকৰণৰ নামত আদিবাসীসকলক তালিকাৰ পৰা বাদ দিয়াৰ দাবী প্ৰকৃততে তেওঁলোকক সংৰক্ষণৰ পৰা বঞ্চিত কৰাৰ এক কৌশল মাত্ৰ।”

May be an image of studying and crowd

(ফটো: ফেচবুকৰ সংগৃহীত)

ভাষিক অধিকাৰ সন্দৰ্ভত প্ৰতিনিধিসকলে ক্ষোভ প্ৰকাশ কৰে যে গণ্ডী, ভিলী বা কক-বৰকৰ দৰে ভাষাসমূহক স্বীকৃতি নিদি কেৱল হিন্দী জাপি দিয়াৰ চেষ্টা চলি আছে। একলব্য বিদ্যালয়সমূহত আদিবাসী ইতিহাসৰ সলনি বলপূৰ্বকভাৱে হিন্দু দেৱ-দেৱীৰ পূজা আৰু ৰামায়ণ-মহাভাৰতৰ পাঠ দিয়াৰ প্ৰৱণতাকো প্ৰতিনিধিসকলে তীব্ৰ বিৰোধিতা কৰে।

 

সন্মিলনৰ সামৰণিত চি পি আই (এম) নেত্ৰী বৃন্দা কৰাতে কয় যে বৰ্তমানৰ চৰকাৰৰ আমোলত আদিবাসীসকলৰ বিৰুদ্ধে এক অঘোষিত যুদ্ধ চলি আছে, য’ত কৰ্প’ৰেট স্বাৰ্থ আৰু হিন্দুত্ববাদী নীতি জাপি দিয়া হৈছে। যোৱা দহ বছৰত ২.১৫ লাখ হেক্টৰ বনাঞ্চল কৰ্প’ৰেটৰ হাতলৈ গৈছে বুলিও তেওঁ অভিযোগ কৰে।

 

সন্মিলনত চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত বন অধিকাৰ আইনৰ অধীনত খাৰিজ হোৱা দাবীসমূহৰ পুনৰীক্ষণ, পেছা আইনৰ উচিত ৰূপায়ণ, খালী হৈ থকা সংৰক্ষিত পদসমূহ পূৰণ কৰা আৰু আগন্তুক লোকপিয়লত আদিবাসীসকলৰ নিজা ধৰ্ম অন্তৰ্ভুক্ত কৰাৰ বাবে এটা সুকীয়া স্তম্ভ প্ৰদান কৰাৰ দাবী উত্থাপন কৰা হয়। আদিবাসী অধিকাৰ ৰাষ্ট্ৰীয় মঞ্চই অতি শীঘ্ৰেই সংশ্লিষ্ট কৰ্তৃপক্ষক সাক্ষাৎ কৰি এই দাবীসমূহ দাখিল কৰিব বুলি জানিবলৈ দিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd