DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰঞ্জন গগৈক ক্লীনশ্বিট দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ : উচ্চতম ন্যায়ালয়ৰ বাহিৰত ১৪৪ ধাৰা জাৰি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2019 5:19 pm
_93cd94ea-709b-11e9-9308-6ffbdc5c45a7

উচ্চতম ন্যায়ালয়ৰ চৌহদত অধিবক্তা, মহিলা কৰ্মীৰ প্ৰতিবাদ। ফটো : হিন্দুস্তান টাইমছৰ সৌজন্যত

820
VIEWS
Share on FacebookShare on Twitter

যৌন নিৰ্যাতনৰ গোচৰত দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আভ্যন্তৰীণ তদন্ত কমিটিয়ে ক্লীনশ্বিট দিয়াৰ এদিন পাছতেই উচ্চতম ন্যায়ালয়ৰ বাহিৰত মঙলবাৰে আৰক্ষীয়ে ১৪৪ ধাৰা জাৰি কৰে।

মঙলবাৰে ৰাতিপুৱাৰে পৰা এদল অধিবক্তা মহিলা সমাজকৰ্মীয়ে উচ্চতম ন্যায়ালয়ৰ সন্মুখত এক প্ৰতিবাদ সাব্যস্ত কৰিছিল।

আনহাতে, আৰক্ষীয়ে সমবেত প্ৰতিবাদকাৰীসকলক অঁতৰাই পঠিয়াবলৈ চেষ্টা কৰাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। তদুপৰি, এই প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেইগৰাকীমান সাংবাদিককো আৰক্ষীয়ে আটক কৰিছিল।

প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে আটক কৰা সাংবাদিক কেইগৰাকীক মুকলি কৰি দিলেও আৰক্ষীয়ে ৩০গৰাকী মহিলা সামাজিক কৰ্মীক দিল্লীৰ মন্দিৰ মাৰ্গ আৰক্ষী থানাত আটক কৰি ৰখা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ চৌহদত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰি তোলা হৈছে।

বাতৰি অনুসৰি, কেইবাগৰাকীও সামাজিক কৰ্মী আৰু অধিবক্তাৰ এটা দলে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰটোৰ সন্দৰ্ভত ন্যায়াধীশ এছ এ ববদেৰ নেতৃত্বৰ তিনিজনীয়া ন্যায়াধীশৰ কমিটিখনে গ্ৰহণ কৰা প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।

প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া মতে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক ক্লীনশ্বিট দিয়া উচ্চতম ন্যায়ালয়ৰ আভ্যন্তৰীণ তদন্ত কমিটিখনে গ্ৰহণ কৰা পদ্ধতিটোৰ ওপৰত প্ৰশ্ন তুলি প্ৰতিবাদটো সাৱ্যস্ত কৰা হৈছিল। তেওঁলোকে দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে পূৰ্বতে যৌন নিৰ্যাতনৰ অভিযোগ তোলা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে এক সুবিচাৰ পোৱাটো বিচাৰে বুলিও সদৰী কৰে।

উল্লেখযোগ্য যে সোমবাৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত গঠিত তিনিজনীয়া ন্যায়াধীশৰ কমিটিখনে বিষয়টো সম্পৰ্কত ৰঞ্জন গগৈক ক্লীনশ্বিট দিছিল।

আনহাতে, মহিলাগৰাকীয়ে পূৰ্বে আভ্যন্তৰীণ তদন্ত কমিটিখনৰ প্ৰক্ৰিয়াটোত ভীতিগ্ৰস্ত হৈ অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল। সোমবাৰৰ ৰায়টোৰ পাছত প্ৰাক্তন মহিলা কৰ্মচাৰীগৰাকীয়ে কৈছিল যে তেওঁৰ শংকা সঁচা হ’ল আৰু তেওঁৰ ন্যায় লাভৰ আশা সম্পূৰ্ণ ধূলিস্যাৎ হৈ পৰিল।

Recent News

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

বিধায়ক অখিল গগৈৰ সমষ্টিত পথ নিৰ্মাণত অনিয়ম; নিৰ্মাণৰ সময়তে ঠায়ে ঠায়ে খহিছে পথ

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

Booker Prize: প্ৰথমবাৰৰ বাবে ভাৰতীয় ভাষাত লিখা উপন্যাসলৈ সন্মান! গীতাঞ্জলি শ্ৰী-লৈ বুকাৰ বঁটা

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

কুকুৰক খোজ কঢ়াবৰ বাবেই এথলীটকক ষ্টেডিয়াম এৰিবলৈ কোৱা আইএএছ দম্পতীক বদলি

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

যুদ্ধ অপৰাধ! ইউক্ৰেইনৰ আদালতত আৰু দুজন ৰাছিয়ান সৈনিক দোষী সাব্যস্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd