• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰকৃতিৰ সংহাৰ! আফগানিস্তানত ভূমিকম্পত মৃত্যুৰ সংখ্যা ২০০০ অতিক্ৰম

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2023 1:42 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম আফগানিস্তানত ধাৰাবাহিকভাৱে সংঘটিত ভূমিকম্পৰ ফলত ২০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। আহত হৈছে ৯ হাজাৰৰো অধিক লোক। তালিবান চৰকাৰে এই তথ্য প্ৰকাশ পাইছে।

প্ৰাদেশিক চৰকাৰৰ উপ-মুখপাত্ৰ বিলাল কৰিমীয়ে দেওবাৰ পুৱা জনাইছিল যে, ‘মৃতকৰ সংখ্যা ১০০০ৰো অধিক। চূড়ান্ত সংখ্যা কিমান হ’ব তাৰ বাবে আমি অপেক্ষা কৰি আছো।

তালিবান চৰকাৰৰ দুৰ্যোগ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মোল্লা জান ছায়েকে সংবাদ সংস্থা ৰয়টাৰক জনোৱা মতে, এই ভূমিকম্পত ২হাজাৰ ৫৩ জন লোকৰ মৃত্যু হৈছে। আহত হৈছে ৯ হাজাৰ ২৪০ জন লোক। মুঠতে ১ হাজাৰ ৩২৯ টা ঘৰ ধ্বংস হৈছে।

Apply Now

লগতে পঢ়কঃ ইজৰাইল-পেলেষ্টাইন যুদ্ধত শনিবাৰৰ পৰা আৱদ্ধ বলীউদ অভিনেত্ৰী; অৱশেষত আহিল খবৰটো!

বিগত কেইবছৰৰ ভিতৰত এই ভূমিকম্পক আটাইতকৈ ভয়াৱহ বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, ভূমিকম্পৰ ফলত বহু গাঁও মাটিত মিহলি হৈ গৈছে। ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। উদ্ধাৰকাৰীয়ে আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে।

আফগানিস্তানৰ হেৰাট প্ৰদেশৰ ৰাজধানীৰ পৰা ৩০ কিলোমিটাৰ উত্তৰ-পশ্চিমে শনিবাৰে স্থানীয় সময় অনুসৰি ১১:০০ বজাত ৬.৩ ৰিখটাৰ স্কেলৰ এটা ভূমিকম্প সংঘটিত হয়। ইয়াৰ পিছত আৰু আঠটা শক্তিশালী আফটাৰশ্বক।

বাতৰি অনুসৰি, ভূমিকম্পৰ ফলত দুৰ্গম গ্ৰাম্য অঞ্চলৰ ঘৰবোৰ ভাঙি পৰে। চহৰ অঞ্চলত বিয়পি পৰে আতংক। আতংকিত মানুহবোৰ ৰাস্তালৈ নামি আহে।

বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে, হেৰাট প্ৰদেশৰ কমেও ১২খন গাঁৱত ৬০০ৰো অধিক ঘৰ ধ্বংস বা আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই অঞ্চলসমূহত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ৪ হাজাৰ ২০০ জন।

লগতে পঢ়কঃ দুৰ্যোগত বিপৰ্যস্ত ছিকিমৰ পৰা উদ্ধাৰ কৰা হৈছে ১৪০ জনৰো অধিক অসমৰ ছাত্ৰ-ছাত্ৰীক

অৱশ্যে যোৱা নিশা বিশ্ব স্বাস্থ্য সংস্থাই কয় যে তালাচী আৰু উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বছিৰ আহমেদ নামৰ এজন ৪২ বছৰীয়া স্থানীয় লোকে জনোৱা মতে, ভূমিকম্পৰ প্ৰথম জোকাৰণিতে আটাইকেইটা ঘৰ ভাঙি যায়। ঘৰৰ ভিতৰত থকা সকল ধ্বংসাৱশেষৰ তলত পোত খাই পৰিছে। বহু পৰিয়ালৰ অৱস্থাৰ কোনো তথ্য পোৱা হোৱা নাই।

প্ৰথম ভূমিকম্প অনুভৱ কৰাৰ সময়তে হেৰাটৰ বহু বাসিন্দাই ঘৰ এৰি পলায়ন কৰে। বিদ্যালয়, চিকিৎসালয় আৰু কাৰ্যালয় খালী হৈ পৰে। ভূমিকম্পৰ পিছত মহানগৰত হতাহতিৰ খবৰ কমেইহে পোৱা গৈছে।

২০২১ চনত দেশত পুনৰ ক্ষমতালৈ আহিছিল তালিবান। তালিবান পুনৰ ক্ষমতালৈ অহাৰ পিছত দেশখনলৈ বিদেশী সাহায্য বহুলাংশে প্ৰত্যাহাৰ কৰা হয়। আফগানিস্তানত ভয়াৱহ মানৱীয় সংকটত পৰে। ইয়াৰ ভিতৰতে দেশত হোৱা ভূমিকম্পৰ ফলত ব্যাপকভাৱে প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হৈছে।

লগতে পঢ়কঃঅধিক সুন্দৰী হোৱাৰ বাসনা! প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ‘ল অভিনেত্ৰী জেকলিনৰ; সাৱটিলে মৃত্যুক

ইৰাণৰ সীমান্তৱৰ্তী হেৰাট প্ৰদেশৰ জনসংখ্যা প্ৰায় ১ কোটি ৯০ লাখ। ইতিমধ্যে অঞ্চলটোত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে। খৰাং পৰিস্থিতিয়ে ইতিমধ্যে প্ৰদেশখনৰ কৃষক গোষ্ঠীক পংগু কৰি তুলিছে।

আফগানিস্তানত সঘনাই ভূমিকম্প সংঘটিত হয়। বিগত বৰ্ষৰ জুন মাহত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প দেশত সংঘটিত হৈছিল। ইয়াৰ ফলত ১ হাজাৰৰো অধিক লোকৰ মৃত্যু আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰে। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd