• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুবিধাবাদী টাইপা! : টাইপাৰ নেতৃত্বই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে কটাক্ষ ৭০ সংগঠনৰ নেতৃত্বৰ

৭০ সংগঠনৰ অংশীদাৰ হিচাপে টাইপাই স্মাৰক পত্ৰত কিয় উল্লেখ নকৰিলে ‘কা বাতিল’ আৰু অখিল গগৈৰ মুক্তিৰ প্ৰসংগ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2020 5:23 pm
26098abe-3fdb-416d-876b-30a19472ccfd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি টাই আহোম যুৱ পৰিষদৰ সভাপতি দিলীপ গগৈৰ নেতৃত্বত ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহনৰ জৰিয়তে এটা সঁজাতি দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান তথা এক আলোচনাত মিলিত হোৱাৰ পাছতে টাইপা নেতৃত্বক উভটি ধৰিছে ৭০ টাকৈ জাতীয় সংগঠনৰ নেতৃবৃন্দই।

এই সন্দৰ্ভত ৭০ সংগঠনৰ অংশীদাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘এই সময়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাটো দুৰ্ভাগ্যজনক কথা। বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক দলে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই অসমীয়া জাতিক ঠান-বান কৰি দিলে। কা আইনখন প্ৰয়োগ কৰি বিজেপি দলে অসমীয়া জাতিলৈ দুৰ্যোগ কঢ়িয়াই আনিছে।‘

Apply Now

‘টাইপাই বিজেপিৰ পৰা আহোম সম্প্ৰদায়ৰ লোকক প্ৰাৰ্থীত্ব বিচাৰি অসমীয়া জাতিটোলৈ অশনি সংকেট কঢ়িয়াই আনিছে। টাইপাৰ নেতৃত্বৰ লগত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছো যদিও এতিয়া অতি দুখৰে ক’ব বিচাৰিছো যে বিজেপি দলৰ লগত গোপনে বুজাবুজি কৰিছে।‘ দাসে লগতে কয়।

ইয়াৰোপৰি তেওঁ কয় ‘কেৱল আহোম জনগোষ্ঠীৰ বাবেই নহয়, সমগ্ৰ অসমীয়া জাতিৰ বাবে ই দুৰ্ভাগ্যজনক বিষয়। ইয়াৰ জৰিয়তে টাইপাৰ সুবিধাবাদী চৰিত্ৰটো উদঙাই দিয়া হৈছে।‘

ৰুবুল দাসৰ প্ৰশ্ন, ’৭০ টাকৈ জাতীয় সংগঠনৰ অংশীদাৰ হিচাপে টাইপাই কিয় জাতিধ্বংসী কা আইন বাতিলৰ প্ৰসংগৰ লগতে অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়াৰ প্ৰসংগ স্মাৰক পত্ৰত উল্লেখ নকৰিলে?’

আনহাতে, স্বৰাজ অসমৰ আহ্বায়ক ভবেন সন্দিকৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘টাইপা কা বিৰোধী ৭০ সংগঠনৰ এটা অন্যতম সংগঠন আছিল। টাইপাৰ কেইজনমান মুষ্টিমেয় নেতাইহে এই কামটো কৰিছে। কালি মন্ত্ৰী যোগেন মহনৰ জৰিয়তে টাইপাৰ কেইজনমান বিক্ৰী যোৱা নেতা তথা যিকোনো মূল্যৰ বিনিময়ত জাতিক গাদ্দাৰ কৰিবলৈ প্ৰস্তুত হৈ থাকে।‘

তেওঁ লগতে কয় ‘অসমীয়া জাতিৰ অস্তিত্ব বা আৱেগৰ লগত জড়িত কিছু বিষয় বাদ দি ১৫ গৰাকী বিধায়কৰ প্ৰাৰ্থীত্ব বিচাৰি যি গাড্ডাৰ কৰিলে তাৰ পৰিণাম বা ফল অসমীয়া জাতিয়ে তেওঁলোকক দিব।‘

ইপিনে, এইক্ষেত্ৰত বিজেপি শাসনাধীন ৰাজ্য চৰকাৰকো চোকা সমালোচনা কৰি সন্দিকৈয়ে কয় ‘ৰাজ্য চৰকাৰ নিশ্চিত হৈছে যে তেওঁলোক ২০২১ ত শাসনলৈ নাহে সেয়েহে তেওঁলোকে শিল্পীকে ধৰি যিবোৰ কা-বিৰোধী বিক্ৰী যোৱা মানসিকতাৰ নেতা আছে সেইসকলৰ লগত যোগাযোগ কৰিছে। এনে নেতাক ক্ৰয় কৰি তেওঁলোকে কেতিয়াও ২০২১ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’ব নোৱাৰে। ২০২১ ত অসমৰ জনগণে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব।‘

আনহাতে, মুখ্য মন্ত্ৰীক টাইপাৰ মুষ্টিমেয় নেতাই সাক্ষাৎ কৰাৰ বিষয়টো অতি আশ্চৰ্যকৰ বুলি উল্লেখ কৰে অসমীয়া যুৱ মঞ্চৰ সচিব প্ৰধান জিতুল ডেকাই।

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে হোৱা এক টেলিফোনিক বাৰ্তালাপত ডেকাই কয় ‘টাইপাৰ মুষ্টিমেয় নেতাই মুখ্য মন্ত্ৰীক এনেধৰণে সাক্ষাৎ কৰা বিষয়টোত আমি আচম্বিত হৈছো। যিহেতু সংগঠনৰ পেডত ১৫ গৰাকীকৈ ব্যক্তিক টিকট দিয়াৰ কথা উল্লেখ কৰিছে তাক লৈ ৭০ সংগঠনৰ মজিয়াত আলোচনা হৈ আছে। লোহিত গগৈ যিহেতু আমাৰ সৈতে কা-বিৰোধী আন্দোলনত ওতঃ-পোতঃভাৱে জড়িত হৈ আছে, গতিকে আমি তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ যোগাযোগ কৰিছো।‘

তেওঁ আৰু কয় ‘৭০ সংগঠনৰ অংশীদাৰ হিচাপে অখিল গগৈৰ মুক্তি অথবা কা আইন বাতিল কৰিবলৈ কোনোধৰণৰ দাবী স্মাৰক পত্ৰত উল্লেখ নকৰাতো দৃষ্টিগোচৰ হৈছে। আমি আচৰিত হৈছো যে তেওঁলোকে ৭০ সংগঠনৰ দাবী হিচাপে অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া প্ৰসংগটো স্মাৰক পত্ৰত উল্লেখ নকৰিলে।‘

এনেদৰেই ৭০ সংগঠনৰ নেতৃবৃন্দই টাই আহোম যুৱ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে সৰৱ হৈছে যদিও কেন্দ্ৰীয় সভাপতি দিলীপ গগৈৰ দাবী ‘আমি আপোচবিহীনভাৱে সংগ্ৰাম কৰি আহিছো। বাগানীয়া লেবাৰে ৩৫ টা বিচাৰিছে বুলি বাতৰি প্ৰকাশ হৈছে। আমি ভাবিলো যিহেতু আমি দাবী কৰা মতে ৩৬ টা পোৱাটো সম্ভৱ নহয় সেয়েহে ১৫ টা বিচাৰিলো। আমি কেৱল বিজেপিকে নহয় কংগ্ৰেছ নাইবা অগপকো স্মাৰক পত্ৰ দিম ১৫ জনকৈ বিধায়ক পদৰ প্ৰাৰ্থী বিচাৰি।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd