• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী ৰনশিঙা বজাই অগপ নেতা মণিমাধৱ মহন্ত : গৌৰৱ গগৈ একুৱাৰিয়ামৰ মাছ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 25, 2019 7:02 am
20190324_192028

চামগুৰিত নিৰ্বাচনী প্ৰচাৰ সভাত অগপ নেতা মণি মাধব মহন্ত। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰিত পুনৰ সাংসদ গৌৰৱ গগৈক উভতি ধৰিলে কলিয়াবৰ লোকসভা সমষ্টিৰ বাবে মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী অগপৰ মণিমাধৱ মহন্তই।

চামগুৰিৰ নতুন তিনিআলিস্থিত কলিয়াবৰ জিলা বিজেপিৰ কাৰ্যালয়ত দেওবাৰে নিশা উপস্থিত হৈ বিজেপিৰ নেতা-কৰ্মী সকলৰ সৈতে হোৱা ভাব-বিনিময় সভাত বৰ্তমানৰ গৃহ সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈক বাৰুকৈয়ে কটাক্ষ কৰিলে পাঁচ দিনৰ পূৰ্বে অগপত যোগদান কৰি প্ৰাৰ্থিত্ব লাভ কৰা মণিমাধৱ মহন্তই।

Apply Now

মহন্তৰ মতে কংগ্ৰেছী সাংসদ গৰাকীয়ে সাংসদ পূঁজিৰ ২৫কোটি টকাৰ ১৩.৪৫কোটি টকাই সমষ্টিৰ উন্নয়ন মূলক কামত ব্যৱহাৰ কৰাত ব্যৰ্থ হ’ল। গৌৰৱ গগৈয়ে সংসদত সমষ্টিৰ সমস্যাৰ সম্পৰ্কে কোৱাৰ বিপৰীতে ৰাইবেৰেলি তথা আমেথিৰ কথাহে উত্থাপন কৰা বুলি মন্তব্য কৰে মণিমাধৱ মহন্তই।

ইপিনে, গৌৰৱ গগৈক একুৱাৰিয়ামৰ মাছ বুলি কটাক্ষ কৰি সংবাদ মাধ্যমৰ আগত মহন্তই কয় যে কলিয়াবৰৰ ৰাইজে এতিয়া মতা মাছ মাইকী মাছৰ বিষয়ে জানিব নিবিচাৰে, বিচাৰে সৰ্বত্ৰে উন্নয়নহে। কংগ্ৰেছ আৰু এআইয়ুডিএফৰ মাজত গোপন মিত্ৰতা থকাৰ দাবী কৰি মহন্তই কটাক্ষ কৰিবলৈ নাপাহৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকো।

“তৰুণ গগৈয়ে এতিয়া Who is Badaruddin বুলি কোৱাৰ বিপৰীতে he is my heart বুলিহে কয়,”-মহন্তই এইদৰে কয়।

মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা অগপ প্ৰাৰ্থী মণিমাধৱ মহন্তই নিশ্চিত কৰে যে কংগ্ৰেছ এআইয়ুডিএফৰ গোপন মিত্ৰতাই আগন্তুক লোকসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰজোঁটৰ কোনো ক্ষতি কৰিব নোৱাৰে। কাৰণ উন্নয়নৰ মুখ নেদেখা সমষ্টিৰ সংখ্যালঘু ৰাইজক দল দুটাই দীৰ্ঘদিন ধৰি ধৰ্মৰ নামত প্ৰতাৰিত কৰি আহিছে।

প্ৰায় তিনি শতাধিক বিজেপিৰ নেতা-কৰ্মীৰ সমাৱেশেৰে নিশাৰ ভাগত অনুষ্ঠিত সভাখনত অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী তথা প্ৰাক্তন আছু নেতা গৰাকীয়ে সদৰি কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতিৰ অস্তিত্ব ৰক্ষাৰ যিকোনো বিষয়ত দলে লোৱা সিদ্ধান্তৰ পক্ষত তেওঁৰ স্থিতি বাহাল থাকিব।

আগন্তুক নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত অগপ, বিজেপি, সন্মিলিত গণ শক্তি, বিপিএফ, তিৱা জাতীয় ঐক্য মঞ্চৰে গঠিত শ্ৰেষ্ঠ পৰিয়াল সদৃশ মিত্ৰজোঁটৰ সন্মুখত পূৰ্বৰ দৰে কোনো ধৰণৰ প্ৰত্যাহ্বান নাই বুলি ৰণহুংকাৰ প্ৰদান কৰা দেখা গ’ল মণিমাধৱ মহন্তক।

অৱশ্যে, কংগ্ৰেছৰ এসময়ৰ অভেদ্য দূৰ্গ স্বৰূপ চামগুৰিত আহি নৱাগত অগপ নেতা মণিমাধৱ মহন্তই চলোৱা নিৰ্বাচনী তৎপৰতাক বৰ্তমানৰ কংগ্ৰেছী সাংসদ গৰাকীয়ে প্ৰতিহত কৰিবলৈ পৰৱৰ্তী সময়ত কেনে ধৰণৰ ৰণকৌশল হাতত লয় সেয়া আগন্তুক দিনত অতিশয় লক্ষণীয় হ’ব।

ভাৰ্গব হাজৰিকা

ভাৰ্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd