• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰৰ ভূমিকাত অৱতীৰ্ণ অগপৰ সভাপতি অতুল বৰা!

সংবাদমেলৰ প্ৰশ্নোত্তৰৰো 'ছিণ্ডিকেট' মন্ত্ৰী হিমন্তৰ; প্ৰশ্নৰ উত্তৰ দিয়াত অগপৰ মন্ত্ৰী অতুল বৰাক বাধা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2019 8:54 pm
AGP-BJP join press meet

বিজেপিৰ কাৰ্য্যালয়ত অগপ-বিজেপিৰ সংবাদমেলৰ দৃশ্য। ১৫ মাৰ্চত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ মিলনৰ মাজেৰে লাভ কৰা ‘মিত্ৰ’ বিজেপিৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি পুৱাই বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত উপস্থিত হৈ যৌথ সংবাদমেল সম্বোধন কৰা অগপৰ সভাপতি অতুল বৰাই কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। এজন বিজেপিৰ মুখপাত্ৰৰ দৰেই আছিল অতুল বৰাৰ আজিৰ ভূমিকা।  তেওঁ বিজেপি দলৰ মজিয়াৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।

‘’অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলক মই বিনয়েৰে আহ্বান জনাইছো, কংগ্ৰেছক পৰাভূত কৰাৰ স্বাৰ্থত ভোটখিনি যাতে ঠিক মতে ট্ৰেন্সফাৰ হয় তথা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত  আমাৰ কৰ্মীসকলে সৰ্বতোপ্ৰকাৰে চেষ্টা অৱ্যাহত ৰাখক‘’, বিজেপিক জয়যুক্ত কৰাৰ বাবে অগপৰ কৰ্মীসকলক সংবাদমেলত আহ্বান অতুল বৰাৰ।

Apply Now

ইপিনে কিছুদিন পূৰ্বে জাতিধ্বংসী বিধেয়কক কেন্দ্ৰ কৰি সমালোচনাৰে থকা-সৰকা কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হয় মন্ত্ৰীগৰাকী।

মোদীক প্ৰশংসাবাণীৰে উপচাই তেওঁ কয়, ‘’২০১৪ চনত মোদী প্ৰধান মন্ত্ৰী শাসনলৈ অহাৰ পাছত দেশলৈ বহু ক্ষেত্ৰতে বিকাশ আহিছে। মনমোহন সিঙক আমাৰ ৰাজ্যৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবে সুবিধা দিছিল। কিন্তু ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে সিঙে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ নকৰিলে। উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে আমি আকৌ এবাৰ প্ৰধান মন্ত্ৰীহিচাপে নৰেন্দ্ৰ মোদীক চাব বিচাৰো।‘’

বৰাই কংগ্ৰেছক সমালোচনা কৰি কয়, ‘’২০০১ চনৰ পৰা ৰাজ্যখনত ধাৰাবাহিকভাৱে কংগ্ৰেছৰ শাসন আছিল। সেই সময়ছোৱাত অসমত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল, অসমৰ জনসাধাৰণে কংগ্ৰেছৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰিছিল। কংগ্ৰেছৰ অপশাসন দূৰ পেলোৱাৰ বাবে অগপ-বিজেপি ৰামধেনু সদৃশ মিত্ৰতাত অৱতীৰ্ণ হৈছিলো।‘’

বৰাই আৰু কয়, ‘’আমি মূল শত্ৰুক চিনাক্ত কৰি উলিয়াইছো। আমাৰ দৃঢ় বিশ্বাস আমি আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিখন আসনত জয়ী হ’বলৈ সক্ষম হ’ম।‘’

আজি বিজেপিৰ কাৰ্য্যালয়লৈ অহা প্ৰসংগত অগপৰ সভাপতিগৰাকীয়ে কয়, ’’বিজেপিয়ে আমাক তেওঁলোকৰ কাৰ্য্যালয়লৈ আমন্ত্ৰণ জনোৱাত আমি অতিকে আনন্দিত। কালি বিজেপিৰ ৰাজ্যিক নেতৃত্ব অগপ কাৰ্য্যালয়ত উপস্থিত হোৱাৰ পাছত অগপৰ তৃণমূল কৰ্মীসকলো অতিকৈ আনন্দিত বুলি জানিব পৰা গৈছে।‘’

তাৎপয্যপূৰ্ণভাৱে, অগপৰ মন্ত্ৰীজনক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দিয়াত সংবাদমেলতে বাধা আৰোপ কৰে বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এগৰাকী সাংবাদিকে সংবাদমেলত অতুল বৰাক উদ্দেশ্যি মিত্ৰতাৰ সন্দৰ্ভত এক প্ৰশ্ন কৰিছিল আৰু প্ৰশ্নটো আছিল অতি গুৰুত্বপূৰ্ণ।

সাংবাদিকজনৰ প্ৰশ্ন, ‘’কালি আপোনালোকৰ দলৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা অগপৰ কেইজনমান নেতাৰ ব্যক্তিগত সিদ্ধান্ত বুলি অভিযোগ তুলিছিল। এইক্ষেত্ৰত আপুনি…’’

কিন্তু সাংবাদিকজনক আধাতে উভতি ধৰি হিমন্তই মাইক্ৰ’ফ’নটো কাঢ়ি লৈ কয়, ‘’আপুনি এটা কাম কৰক না, অগপ আৰু বিজেপিৰ দলৰ মাজৰ কথা তেওঁলোকৰ নিজৰ দলৰ সংবাদমেলত সুধি লওক। প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয়ে ইয়াত আলাপ-আলোচনা কৰাটো উচিত নহয় বা আমাৰ দলৰ কোনো নেতাৰ কথা বেলেগৰ দলৰ মজিয়াত আলোচনা কৰাটো উচিত নহয়।‘’

এইদৰে সংবাদমেলত সাংবাদিকৰ প্ৰশ্নোত্তৰৰো ছিণ্ডিকেট কৰাৰ উপৰি মন্ত্ৰী হিমন্তই অগপৰ নেতাজনৰ ব্যক্তিগত স্বাধীনতাও খৰ্ব কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd