• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশাল প্ৰতিবাদেৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিক সকীয়ালে মিত্ৰদল অগপই

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 23, 2018 7:22 pm
Anti-CAB vote appeal invites expulsion for AGP youth leader

ফাইল ফটো : য়ু বি

696
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠ বিজেপিয়ে অসমৰ থলুৱা ৰাইজ আৰু বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠনৰ মতৰ বিপৰীতে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি হিলদল ভাঙি ওলাই আহিল অসম চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদ।

আজি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগপৰ দহ সহস্ৰাধিক নেতা-কৰ্মীয়ে বিধেয়কখনৰ বিৰুদ্ধে গুৱাহাটীৰ লতাশিল খেলপথাৰত সমাৱেশত মিলিত হয়। ইয়াৰ পৰাই এক বিশাল প্ৰতিবাদী সমদল উলিয়াই চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰলৈ যাত্ৰা কৰে প্ৰতিবাদকাৰীসকল।

প্ৰতিবাদত অংশ লৈ আঞ্চলিক দলটোৰ নেতা-কৰ্মীসকলে অসমৰ থলুৱা ৰাইজৰ অস্তিস্বৰ প্ৰতি সংকট নমাই আনিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি অহা বিভিন্ন জাতীয় সংগঠন আৰু খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদৰ প্ৰতি বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান নকৰা বিষয়টোক ধিক্কাৰ দিয়ে। লগতে এই বিধেয়ক বাতিল নকৰা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্বত থাকি অগপৰ সভাপতি অতুল বৰাই কয়, “নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আমি কোনো কাৰণতে মানি নলওঁ। আমি দিল্লীক সুধিব বিচাৰো- ‘আপোনালোকে অসম স্বদেশীৰ হোৱাটো বিচাৰে নে বিদেশীৰ হোৱাটো বিচাৰে?’ যদি স্বদেশীৰ হোৱাটো বিচাৰে তেনেহ’লে অসমৰ জনমতক উপেক্ষা নকৰিব।”

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে অসমৰ কেৱল গুৱাহাটী আৰু বৰাক উপত্যকাতে শুনানি গ্ৰহণ কৰি পুনৰ শুনানিৰ বাবে অসমলৈ আহিব বুলি কৈও নহা বিষয়টোকো ধিক্কাৰ দিয়ে।

বিধেয়কখন আইনত পৰিণত নহ’বৰ কাৰণে অগপই আন্দোলন অব্যাহত ৰাখিব বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁ কয়, “এয়া সাম্ৰাজ্যবাদ নহয় যে চৰকাৰে যি মন যায় তাকে জাপি দিব পাৰিব। আমি আশা কৰো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সোনকালে শুভবুদ্ধি উদয় হ’ব আৰু এই বিধেয়কখন বাতিল কৰিব।”

প্ৰতিবাদত অংশ লৈ বিশিষ্ট সাংবাদিক অদীপ ফুকনে কয়, “জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ জাতি-জনগোষ্ঠী দল-সংগঠনৰ প্ৰতিবাদক অগ্ৰাহ্য কৰাৰ ফলত এই প্ৰতিবাদ আৰু যে শক্তিশালী হ’ব সেয়া আজি লতাশিল খেলপথাৰত সমবেত ৰাইজেই প্ৰমাণ কৰি দিছে। আজি সমগ্ৰ অসমৰ জনগণে বন্ধ পালন কৰি, প্ৰতিবাদ কৰি অসমৰ জনগণৰ শত্ৰু কোন, বন্ধু কোন দেখুৱাই দিছে।”

এই কাৰ্যসূচীত অংশ লৈ বিশিষ্ট লেখিকা মাইনী মহন্ত, অধিবক্তা নেকিবুৰ জামান, সত্যন্দ্ৰ কুমাৰ ডেকা, অগপ নেতা বৃন্দাবন গোস্বামী, কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰেখা ৰাণী দাস বড়োৱেও ভাষণ প্ৰদান কৰি বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd