DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মিত্ৰতা নেৰে; অমিত শ্বাহৰ পৰা হিমন্ত বিশ্বৰ মন্তব্যৰ উত্তৰ বিচাৰিব অগপই

ৰাজনীতিত মিত্ৰতা ভংগ কৰাটো এক মুহূৰ্তৰ কথা বুলি কৈয়ো মিত্ৰতা নেৰে অগপই

এন ই নাও নিউজ by এন ই নাও নিউজ
November 26, 2018 7:01 pm
মিত্ৰতা নেৰে; অমিত শ্বাহৰ পৰা হিমন্ত বিশ্বৰ মন্তব্যৰ উত্তৰ বিচাৰিব অগপই

অগপৰ কৰ্ণধাৰ কমিটীৰ বৈঠকৰ দৃশ্য। ২৬ নৱেম্বৰত। ফটো : য়ু বি।

316
VIEWS
Share on FacebookShare on Twitter

২৫ নৱেম্বৰত বিজেপি নেতা তথা মন্ত্ৰী ড০ হিমন্ত বিশ্বই মিত্ৰ দল অগপক বিদ্ৰূপ-কটাক্ষৰে এক প্ৰকাৰৰ তুচ্ছ-তাচ্ছিল্য কৰাৰ পিছতো দলটোৰ নেতৃত্বই ইয়াৰ বিৰুদ্ধে আত্মসন্মানজনক প্ৰত্যুত্তৰ দিবলৈ সক্ষম নহ’ল। ইয়াৰ পৰিৱৰ্তে লজ্জাজনকভাৱে দলটোৰ সভাপতিয়ে হিমন্তৰ মন্তব্যৰ উত্তৰ বিচাৰি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ পত্ৰ লিখিব বুলিহে আজি এখন সংবাদমেলত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ২৫ নৱেম্বৰত বিজেপি নেতা তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলটোক সমালোচনাৰে থকা-সৰকা কৰিছিল। বিশেষকৈ মিত্ৰতাৰ ক্ষেত্ৰত অগপই নিজা সিদ্ধান্ত ল’বলৈ ৰাস্তা খোলা আছে বুলি কি অগপক এক প্ৰকাৰৰ মিত্ৰতা ছেদ কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল হিমন্তই। ইয়াৰ পিছতে আজি অগপ দলটোৰ কৰ্ণধাৰ কমিটীৰ সদস্যসকল বৈঠকত মিলিত হৈছিল।

দুঘণ্টাজোৰা কৰ্ণধাৰ বৈঠকৰ পিছত দলটোৰ নেতৃবৰ্গই সংবাদমেল সম্বোধন কৰে আৰু পুনৰ আগৰ দৰেই সেমসেমীয়া স্থিতি প্ৰকাশ কৰে। ‘ৰাজনীতিত মিত্ৰতা ভংগ কৰাটো এক মুহূৰ্তৰ কথা’ বুলি কৈয়ো দলটোৱে মিত্ৰতা ভংগ নকৰে বুলিহে স্পষ্ট কৰে দলটোৰ কৰ্ণধাৰ সমিতিৰ সদস্যসকলে। ইপিনে সভাপতি অতুল বৰাই হিমন্ত বিশ্ব শৰ্মাৰ তীৰ্যক মন্তব্যৰ উত্তৰ বিচাৰি অমিত শ্বাহলৈ পত্ৰ লিখিব বুলিহে জনায়।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত পুনৰ আগৰ কথাকে দোহাৰে, “নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আপোচ নকৰো, দিল্লীৰ কথাত আমি কেতিয়াও উঠা-বহা নকৰো।”

“মোদীয়ে নিৰ্বাচনৰ সময়ত অসমত আহি বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব বুলি কৈছিল, আমি আৰু অসমৰ জনসাধাৰণে মানি লৈছিলো সেই কথা। কিন্তু কালি হিমন্ত বিশ্বই নতুন ভিত্তিবৰ্ষৰ কথা কৈছে।” অতুল বৰাই কয়।

অতুল বৰাৰ মতে, “পঞ্চায়ত নিৰ্বাচনত মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী হিমন্তই মিত্ৰতাৰ কথা কৈছিল। কিন্তু ৰঞ্জিত দাসে বাৰে বাৰে সুকীয়াকৈ খেলাৰ কথা কৈছিল। একেদৰে  আমাৰ তৃণমূল কৰ্মীয়েও অকলে খেলাৰ কথা কৈছিল। সেয়ে তৃণমূল কৰ্মীৰ কাৰণে আমি অকলে খেলাৰ সিদ্ধান্ত ললো।”

ইপিনে ‘কংগ্ৰেছৰ লগত কেতিয়াও মিত্ৰতা কৰি নিৰ্বাচন খেলা নাই।’ বুলিও স্পষ্ট কৰে বৰাই। “আমাক সমালোচনা কৰাৰ অধিকাৰ তৰুণ গগৈৰ নাই।” তৰুণ গগৈক উভতি ধৰি কয় অতুল বৰাই। উল্লেখযোগ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি এখন সংবাদমেলত ‘বিজেপিয়ে পদে পদে অপমান কৰি থকাৰ পিছতো কেনেকৈ লগত থাকিব পাৰিছে’ বুলি অগপক প্ৰশ্ন কৰিছিল।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd