• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে কাইলৈ গুৱাহাটীত অগপৰ বিশাল প্ৰতিবাদী সমদল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2018 6:48 pm
agp

প্ৰতিনিধিত্বমূলক চিত্ৰ

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ বিৰুদ্ধে কাইলৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব অসম গণ পৰিষদে।

অসম গণ পৰিষদ দলে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা প্ৰতিবাদী সমদলতো ঐতিহাসিক লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হৈ চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত অন্ত পৰিব। অসমৰ প্ৰত্যেকখন জিলাৰে অগপ সমৰ্থকে এই প্ৰতিবাদী সমদলটোত অংশগ্ৰহণ কৰিব বুলি কেন্দ্ৰীয় নেতৃত্বই জনাইছে।

Apply Now

অসমত ভয়াবহভাৱে বৃদ্ধি পোৱা অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে অসমত হিন্দু শৰণাৰ্থী লোকক সংস্থাপন দিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতাৰে কাইলৈ এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জনায়।

আনহাতে মঙলবাৰৰ এই প্ৰতিবাদী সমদলটোত প্ৰায় ৫০ হেজাৰ অগপ সমৰ্থকে যোগদান কৰিব বুলি অগপৰ কেন্দ্ৰীয় নেতৃত্বই দাবী কৰিছে।

উল্লেখ্য যে অসম চৰকাৰৰ সহযোগী দল অগপই আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। দলটোৰ ফালৰ পৰা জানিবলৈ দি কয় যে অসম চুক্তি উলংঘা কৰা, নাগৰিকপঞ্জী উন্নীতকৰণত বাধা প্ৰদান কৰা তথা অসমক লৈ হেতালি খেলা কোনো কাৰ্যই অসমত হ’বলৈ নিদিও।

মন কৰিবলগীয়া কথা যে চৰকাৰৰ ভিতৰত থাকি এনেদৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰি থকা কাৰ্যক বিভিন্ন দল-সংগঠনৰ লগতে বিৰোধি কংগ্ৰেছ দলেও অগপ দলক বিভিন্ন সময়ত তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত অগপৰ ফালৰ পৰা কোৱা হৈছে যে অগপ দলে চৰকাৰৰ ভিতৰত থাকিয়ে এই বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰি যাব। জাতিধ্বংসী বিধেয়কখন কোনো কাৰণতে গৃহীত হ’বলৈ দিয়া নহ’ব। ইয়াৰ বাবে দলে অসমত জনমত গঠন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ উপৰি অগপ দলে বিভিন্ন সময়ত প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰি এই বিধেয়কখন গৃহীত নকৰিবলৈ বিভিন্ন পদক্ষেপ লোৱা দেখা যায়। ইয়াৰ উপৰি ২১ অক্টোবৰ অৰ্থাৎ দেওবাৰে উত্তৰ প্ৰদেশৰ মিৰাটৰ শাস্ত্ৰি নগৰত থকা যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ প্ৰসাদ আগৰৱালাৰ বাসগৃহত অগপৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰোধিতা কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল।

ইফালে অগপই গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ দিনাই ৪৬টা জাতীয় সংগঠনে আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাত প্ৰতিবাদী কাৰ্যসূচীলৈ আহিবলগীয়া অসম গণ পৰিষদৰ সমৰ্থকসকলৰ যান-বাহনৰ বাবে এই বন্ধ ইতিমধ্যে শিথিল কৰা হৈছে বুলি ৪৬টা সংগঠনৰ ঐক্য মঞ্চৰ আহ্বায়কে এই কথা জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd