• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰে মিত্ৰতা অগপ দলৰ নীতি আদৰ্শৰ ভেটি উছন কৰা সিদ্ধান্ত : ড০ হীৰেণ গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2019 7:28 pm
Hiren Gohain Press meet

গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে সংবাদমেল সম্বোধন কৰিছে ড০ হীৰেণ গোহাঁইয়ে। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“অগপই বিশ্বাসঘাতকতা পাহৰি বিজেপিৰ সৈতে মিত্ৰতা কৰিছে।” গুৱাহাটী প্ৰেছ ক্লাৱত বুধবাৰে এক সংবাদমেলত এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেণ গোহাঁইয়ে।

তদুপৰি, অগপই বিশ্বাসঘাতক দলৰ লগত হাত মিলাইছে বুলি মন্তব্য কৰি তেওঁ এয়া অতি নিৰ্লজ্জজনক আখ্যা দিয়ে। অগপৰ আত্মসমৰ্পণে তেওঁলোকক ৰাইজৰ আগত মুখ দেখুৱাব নোৱাৰা অৱস্থা কৰিব বুলিও সংবাদমেলত ডঃ গোহাঁইয়ে কয়।

Apply Now

তেওঁ লগতে কয়, “শুনা গৈছে যে কেইখনমান আসন আৰু প্ৰচুৰ ধনৰ উপহাৰৰ বিনিময়ত অগপই বিজেপিৰে মিত্ৰতাৰ সিদ্ধান্ত লৈছে। ই আঞ্চলিক দলটোৰ তৃণমূল কৰ্মীক চূড়ান্তভাৱে হতাশ আৰু ক্ষুব্ধ কৰিব। এই সিদ্ধান্ত অগপ দলৰ নীতি আদৰ্শৰ ভেটি উছন কৰা সিদ্ধান্ত।‘’

তদুপৰি, অগপ দলৰ বিশ্বাসঘাতক নেতৃত্বই পুনৰ দেশ প্ৰেমৰ মুখা পিন্ধিলেও অসমৰ ভোটদাতা ৰাইজে এই দলৰ প্ৰাৰ্থী আৰু দেশদ্ৰোহী ষড়যন্ত্ৰৰ মূল নায়ক বিজেপি দলৰ প্ৰাৰ্থীক দৃঢ়তাৰে প্ৰত্যাখান কৰিবৰ বাবে আহ্বান জনায় বুদ্ধিজীৱি গৰাকীয়ে।

তেওঁ লগতে কয়, “অগপই বিজেপিৰ কাৰ্যপন্থা অৱলম্বন কৰিছে।সকলো নীতি নিয়ম, আঞ্চলিকতাবাদৰ আদৰ্শ ভৰিৰে গচকি পেলাইছে।”

গোহাঁইয়ে প্ৰশ্ন কৰে, ‘অগপ দলে কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত আওকান কৰি কেনেকৈ মিত্ৰতা কৰিলে?’

আনহাতে, গোহাঁইৰ সৈতে সংবাদমেলত উপস্থিত থকা আন এগৰাকী বিশিষ্ট বুদ্ধিজীৱী উদয়াদিত্য ভৰালীয়ে কয়, “অগপই পূৰ্বেও বহু ভুল ত্ৰুটি কৰিছে। নিজৰ ল’ৰা বুলি পাহৰি গৈছে অসমৰ ৰাইজে।”

তেওঁ আৰু কয়, “অগপৰ সচেতনতা অহা বুলি ভাবিছিলো। অগপৰ ভেটি আৰু বিজেপিৰ ভেটি একেই। গতিকে অগপৰ ভেটি সুদৃঢ় কৰিবলৈ বিজেপিৰ ভেটি ভাঙিব লাগিব।” তেওঁ অসমৰ পৰা বিজেপিক উৎখাত কৰিব লাগিব বুলিও সংবাদমেলত মন্তব্য কৰে।

সংবাদমেলত উপস্থিত থকা মনজিত মহন্তই কয়, “এইটো এটা ভয়ানক পদাঘাত। অগপই মানুহক ঠগিছে। বিজেপিতকৈও বেছি ফাঁকিবাজ অগপ।” তদুপৰি, মহন্তই কয় যে অগপ নেতৃত্বই মিত্ৰতাৰ সিদ্ধান্ত লোৱাৰ বাবে আলোচনা কৰিবলৈ সাধাৰণ পৰিষদৰ সভাও অনুষ্ঠিত কৰা নাছিল ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd