• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোট সলালে শিলাদিত্যই! নিৰ্বাচনৰ সময়ত দলৰ নিৰ্দেশত ‘হঠাৎ মুছলমান প্ৰীতি’ বিধায়কজনৰ

জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মোদীয়ে ‘সবকা সাথ সবকা বিকাশ’ নীতি লৈছে : শিলাদিত্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 9, 2018 8:20 pm
Shiladitya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা অহৰহভাৱে অসমৰ মুছলমানসকলক পোনপটীয়াকৈ অপমানজনক শব্দ, বাক্যৰে আক্ৰমণ কৰি অহা বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ নতুন অৱতাৰে সকলোৰে দৃষ্টি কাঢ়িছে। বিধায়কজনৰ মুখত এতিয়া সততে শুনিবলৈ পোৱা গৈছে ‘জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে’ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ কথা।

বিধায়কজনৰ স্বভাৱৰ এই আমূল পৰিৱৰ্তনৰ আঁৰত কি নিশ্চয় জনসাধাৰণে জানে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে খিলঞ্জীয়াৰ ৰোষত পৰা বিজেপিৰ বাবে সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু ভোটাৰ গুৰুত্বপূৰ্ণ ফেক্টৰ হৈ পৰিছে। গতিকে দলে বিধায়কজনক ভিতৰুৱাকৈ কঠোৰ সকীয়নি দিয়ে।

Apply Now

এই সকীয়নি পাই শিলাদিত্যৰ সুৰ সম্পূৰ্ণ সলনি হৈ যায়। ফলত যোৱা কেইবাদিনো ধৰি সাম্প্ৰদায়িক মন্তব্য কৰাৰ পৰা বিৰত আছে বিধায়কজন। লগতে নিৰ্বাচনী প্ৰচাৰৰ অৰ্থে উপস্থিত থকা সভা-সমিতিত বিধায়কজনক দেখা গৈছে সংখ্যালঘু নেতা-পালিনেতাৰ সৈতে ফটো উঠাও।

উল্লেখযোগ্য যে যোৱা ৭ নৱেম্বৰৰ দিনা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে শিলাদিত্যৰ মন্তব্যই সংখ্যালঘু লোকসকলৰ মাজত অসন্তুষ্টি আনিছে বুলি উল্লেখ কৰিছিল। লগতে একেখন সভাতে ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তৌফিক ৰহমানে শিলাদিত্যক ইংগিত কৰি বিজেপিত ‘দুই-এজন বিকৃত মস্তিষ্কৰ মানুহ আছে’ বুলি কৈছিল।

ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দলৰ ‘সংসদীয় ব’ৰ্ডলৈ লিখিত আকাৰত বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে অভিযোগ পত্ৰ দাখিল কৰিছিল বুলি জনা যায়।

দলৰ এই হেঁচা আৰু সমাগত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিতৰ্কিত তথা মুছলমান বিদ্বেষী বিধায়ক শিলাদিত্যই মুখ বন্ধ ৰাখিছে। যোৱা ৭ নবেম্বৰৰ দিনা বিধায়কজনে নিজা সমষ্টি হোজাইৰ এটা সংখ্যালঘু অধ্যুষিত অঞ্চলত  এখন সভাত উপস্থিত থাকি এনেকুৱা বহু কথা কয়, য’ত সংখ্যালঘুসকলক বিজেপিয়ে বৈষম্যৰ দৃষ্টিৰে নাচায় বুলি দাবী কৰা হয়। নিজৰ ভাষণৰ ‘জাতি-ধৰ্ম বৰ্ণ নিৰ্বিশেষে’ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিৰ কথাও আওৰায় বিধায়কজনে।

“বিকাশৰ কোনো ধৰ্ম নাই, বিকাশৰ কোনো জাতি নাই।”, এইদৰে কয় বিধায়কজনে।

“যেতিয়া ৰাস্তা নিৰ্মাণ কৰা হয়, তাত লিখা থাকে নেকি এইটো হিন্দু যোৱা ৰাস্তা, এই ৰাস্তাটো মুছলমানৰ কাৰণে। বিজেপি চৰকাৰ ভাৰতলৈ অহাৰ আগতে জাতি-ধৰ্মৰ ওপৰতে ৰাজনীতি হৈ আহিছিল। কিন্তু বিজেপি চৰকাৰে মাৰোৱাৰী, বেংগলীসকলৰ সমান্তৰালকৈ মুছলমানসকলৰো উন্নয়নো কৰিছে।” বিধায়কজনৰ মন্তব্য।

আনহাতে ছ’চিয়েল মিডিয়াতো বিধায়কজনৰ এই মোট সলোৱা কথাটোৰ ৰসাল চৰ্চা হোৱা দেখা গৈছে। বহুতে ইয়াক ‘ভোটৰ আশাত ভূতৰ মুখত ৰাম নাম’ আখ্যা দিয়ে। আন বহুতক ‘নিৰ্বাচনৰ বাবে এই অৱতাৰ, নিৰ্বাচনৰ পিছতে আকৌ আগৰ ফৰ্মলৈ উলটি যাব’ ইত্যাদি মন্তব্য কৰা দেখা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd