• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীয়ে ‘জনসম্পৰ্ক’ৰ বাবে বাছি লোৱা প্ৰথমজন বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই ‘টাৰ্গেট’ হ’ল ৰাজ্যিক বিজেপিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 17, 2018 10:38 pm
HirenGohai_Sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা জুন মাহৰ প্ৰথমভাগতে ‘সম্পৰ্কৰে সমৰ্থন’ কাৰ্য্যসূচীৰ অধীনত বিজেপি চৰকাৰ আৰু দলৰ মুৰব্বী ক্ৰমে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসে ঘৰলৈ গৈ সাক্ষাৎ কৰা প্ৰথমজন ব্যক্তি আছিল বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই।

কিন্তু মুখ্য মন্ত্ৰী আৰু দলৰ সভাপতিৰ এই সিদ্ধান্তত সুখী নাছিল দলটোৰ বহু সংখ্যক শীৰ্ষ নেতা। বিজেপিৰ এজন কঠোৰ সমালোচক হিচাপে পৰিচিত ড০ গোহাঁইৰ প্ৰতি বিভিন্ন সময়ত বিজেপিৰ নেতাই ৰাজহুৱাকৈ উপলুঙাসূচক মন্তব্য কৰি আহিছে।

Apply Now

আজি পুনৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বক দেখা গ’ল বুদ্ধিজীৱীজনক আক্ৰমণৰ লক্ষ্য হিচাপে লোৱা। বিশেষকৈ বিজেপি দল আৰু চৰকাৰৰ জনবিৰোধী নীতিবোৰ ফঁহিয়াই দেখুৱাই জনগণৰ দৃষ্টিত দল আৰু চৰকাৰৰ স্বৰূপ উদঙাই দিয়াত দলটোৰ নেতাসকল খৰ্গহস্ত হৈ পৰিছে ড০ গোহাঁইৰ প্ৰতি।

মন কৰিব লগীয়া কথাটো হ’ল আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলৰ নেতাসকলে ঘনে ঘনে সংবাদমেল আয়োজন কৰি দলৰ প্ৰধান সমালোচকসকলক টাৰ্গেট কৰি আহিছে।

বিগত কেইবাখনো সংবাদমেলত কৃষক নেতা অখিল গগৈক লক্ষ্য কৰি লোৱাৰ পিছত আজি  বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত দাসৰ সংবাদমেলৰ বিষয়বস্তু হৈ পৰে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ সহিতে অন্য বুদ্ধিজীৱী, সমালোচকসকল।

সংবাদমেলত দাসে ড০ হীৰেন গোহাঁইক সমালোচনা কৰি কয়, “ড০ হীৰেন গোহাঁই অসম আন্দোলনৰ ঘোৰ বিৰোধী আছিল।”

ইয়াৰোপৰি বৰ্তানৰ প্ৰেক্ষাপটৰ সৈতে সংগতি নথকা অতীতৰ কিছুমান কথা খুঁচৰি দাসে কয়, “অসম আন্দোলনৰ সময়ত হীৰেন গোহাঁইক সমাজৰ পৰা বহিষ্কাৰ কৰিছিল অসমৰ জনসাধাৰণে।”

“হীৰেন গোহাঁয়ে ৮৫৫জন চহিদক সেই সময়তে উপলুঙা কৰিছিল।” বিশিষ্ট বুদ্ধিজীৱীগৰাকীক ব্যক্তিগতভাৱে আক্ৰমণ কৰি দাসে এইদৰে মন্তব্য কৰে।

তেওঁ অভিযোগ কৰে যে হীৰেন গোহাঁইয়ে পিকনিক পাৰ্টী হিচাপে অসম আন্দোলনক অভিহিত কৰিছিল। দাসে লগতে কয়, “অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামক উপলুঙা কৰা হীৰেন গোহাঁই আৰু তেওঁক গুৰু হিচাপে মানি লোৱা অখিল গগৈয়ে এটা ষড়যন্ত্ৰত লিপ্ত হৈছে।”

ইফালে জ্যেষ্ঠ সাংবাদিক অজিত ভূঞাকো সমালোচনা কৰিবলৈ নেৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে।

ধুবুৰীৰ চৰ-চাপৰি অঞ্চলত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এখন ৰাজহুৱা সভাত কৰা ‘চৰ চাপৰি অঞ্চলতহে অসমীয়া ভাষা জীয়াই ৰাখিছে’ মন্তব্যৰ বিৰোধিতা কৰি তেওঁ কয়, “খাইতামনি, জাইতামনি কেনেকৈ অসমীয়া ভাষা হ’ল আমাৰ অসমীয়াক বুজাই দিয়ক।”

প্ৰণিধানযোগ্য যে, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰা সকলো এতিয়া আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ৰাজ্যিক বিজেপিৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত হোৱা আন্দোলনে দলটোক ক্ষতি কৰাত এইদৰে সকলো সমালোচকৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে দলটোৰ নেতৃত্ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd