• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ অসমত চকু AIMIM-ৰ; আজমলক সমৰ্থন জনাই নিৰ্বাচনী বতাহ গৰম কৰিব ওৱাইছিয়ে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 27, 2026 10:29 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ নিৰ্বাচনত অল ইণ্ডিয়া ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সৈতে হাত মিলালে ওৱাইছিয়ে। দিল্লীস্থিত বাসগৃহৰ পৰা সংবাদ মাধ্যমৰ সৈতে কথা পতাৰ সময়তে এ আই এম আই এমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। আগন্তুক অসম বিধানসভা নিৰ্বাচনত তেওঁৰ দল AIMIM-এ অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টক সমৰ্থন কৰিব। এই সিদ্ধান্ত এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ অনুৰোধত লোৱা বুলি জানিব পৰা গৈছে।

ওৱাইচিয়ে কয় যে ‘বদৰুদ্দিন আজমল চাহাবৰ অনুৰোধত আমি এআইইউডিএফক সমৰ্থন কৰিম।‘ এই ঘোষণাৰ আঁৰত আছে এখন ব্যক্তিগত বৈঠক। ওৱাইচিয়ে কয় যে আজমলৰ পুত্ৰ তথা প্ৰাক্তন বিধায়ক আব্দুল ৰহমান আজমলে আজি দিল্লীস্থিত তেওঁৰ বাসগৃহত তেওঁক সাক্ষাৎ কৰিবলৈ আহিছিল। দুয়োৰে মাজত বিতং আলোচনা হয়। পিছত ওৱাইছিয়েও বদৰুদ্দিন আজমলৰ সৈতে ফোনযোগে কথা পাতে। তেওঁ লগতে ২ আৰু ৩ এপ্ৰিলত গুৱাহাটীত উপস্থিত হ’ব বুলিও জনায়।

Apply Now

তেওঁ এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ সমৰ্থনত কেইবাখনো ৰাজহুৱা সভাত ভাষণ দিব। অসমত ২০২৬ চনৰ ৯ এপ্ৰিলত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। ১২৬খন আসনৰ এই নিৰ্বাচনত ৰাজনৈতিক সমীকৰণ নতুনকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। সংখ্যালঘুৰ এক বৃহৎ অংশ বিশেষকৈ অসমৰ মুছলমান সম্প্ৰদায়ৰ মাজত দীৰ্ঘদিন ধৰি প্ৰভাৱশালী হৈ আহিছিল AIUDF। কিন্তু যোৱা কেইটামান নিৰ্বাচনত তেওঁলোকৰ আসনৰ সংখ্যা হ্ৰাস পাইছে।

আনহাতে, হায়দৰাবাদস্থিত দল যদিও এআইএমআইএম দেশৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু ভোটৰ ৰাজনীতিত সক্ৰিয়। ৰাজনৈতিক মহলৰ এটা অংশই ধাৰণা কৰে যে ওৱাইছিৰ এই সমৰ্থনে এ আই ইউ ডি এফক নতুন শক্তি দিব পাৰে। ইতিমধ্যে এই ঘোষণা সন্দৰ্ভত স্থানীয় ৰাজনৈতিক মহলত আলোচনা আৰম্ভ হৈছে। কংগ্ৰেছ দলৰ ভিতৰতো ইয়াক লৈ ৰণনীতি প্ৰস্তুত কৰাৰ চিন্তা আৰম্ভ হৈছে।

অসমত সংখ্যালঘু ভোটৰ এক বৃহৎ অংশ পৰম্পৰাগতভাৱে কংগ্ৰেছৰ ফালে গৈছে। যদি AIUDF আৰু AIMIM একেলগে কাম কৰে, তেন্তে সেই ভোটত বিভাজন আনিব পাৰে। এনে মিত্ৰতাই বিজেপি শাসিত অসম চৰকাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য গঢ়ি তোলাৰ প্ৰচেষ্টাত এক নতুন মাত্ৰা যোগ কৰিব পাৰে। অৱশ্যে পূৰ্ণাংগ নিৰ্বাচনী মিত্ৰতা নে সাধাৰণ সমৰ্থন সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ওৱাইছিয়ে কেৱল সমৰ্থন আৰু প্ৰচাৰৰ কথাহে কৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd