ছত্তিশগড়ত এজন বায়ুসেনা বিষয়াক নিজৰ বাসগৃহতে চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত বিষয়াগৰাকীৰ নাম বিপুল যাদব বুলি জানিব পৰা গৈছে আৰু তেওঁৰ বয়স ৩৯ বছৰ আছিল। তেওঁ বায়ুসেনাৰ উইং কামাণ্ডাৰ হিচাপে কৰ্মৰত আছিল আৰু বৰ্তমান ছত্তিশগড়ৰ ৰায়পুৰত মাওবাদী বিৰোধী অভিযানৰ গুৰুত্বপূৰ্ণ দায়িত্বত নিয়োজিত আছিল। আৰক্ষীৰ প্ৰাথমিক ধাৰণা অনুসৰি এয়া এক আত্মহত্যাৰ ঘটনা হ’ব পাৰে যদিও এতিয়াও ইয়াৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই।
ঘটনাৰ বিৱৰণি অনুসৰি যোৱা বুধবাৰে পুৱা ঘৰৰ বনকৰা মহিলাই বিপুল যাদবৰ মৃতদেহ চিপজৰী লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। লগে লগে এই খবৰে সমগ্ৰ অঞ্চলটোত হুলস্থূলৰ সৃষ্টি কৰে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যদিও এতিয়ালৈকে কোনো সুইচাইড নোট উদ্ধাৰ হোৱা নাই। ঘৰৰ পৰা কোনো পত্ৰ উদ্ধাৰ নোহোৱাৰ বাবে ঘটনাটোৰ আঁৰত কিবা ৰহস্য লুকাই আছে নেকি সেই লৈও সন্দেহৰ সৃষ্টি হৈছে।
পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে বিপুল যাদবৰ এজন ৯ বছৰীয়া পুত্ৰ আৰু এজনী ৭ বছৰীয়া কন্যা সন্তান আছিল। তেওঁৰ পত্নী বৰ্তমান দিল্লীত এটা তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানত কাম কৰে। উল্লেখ্য যে তেওঁৰ পত্নীও আগতে বায়ুসেনাতে কৰ্মৰত আছিল। যিটো সময়ত এই ঘটনাটো সংঘটিত হৈছিল সেই সময়ত তেওঁৰ দুই সন্তান কাষৰ কোঠাতে শুই আছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তদন্তত আন এক দিশো পোহৰলৈ আহিছে। খবৰ অনুসৰি বিপুল আৰু তেওঁৰ পত্নীৰ মাজত প্ৰায়েই কাজিয়া-পেচাল হৈ থাকিছিল। ঘৰুৱা অশান্তিৰ বাবেই তেওঁ এনে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এয়া হত্যা নে আত্মহত্যা সেই সন্দৰ্ভত আৰক্ষীয়ে সকলো দিশৰ পৰা তদন্ত অব্যাহত ৰাখিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিলেহে প্ৰকৃত সত্য পোহৰলৈ আহিব।





