• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 11:50 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজ আকাশত হঠাতে যেন ভৰিৰ তলৰ পৰা মাটিহে খহি পৰিল! ফুকেটৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানত একেৰাহে কেইবাটাও ভয়ংকৰ যান্ত্ৰিক বিজুতি দেখা দিয়ে। হঠাতে বিমানখন প্ৰায় ৩০০ ফুট তললৈ নামি আহে আৰু ইয়াৰ ফলত যাত্ৰী আৰু কেবিন ক্ৰুকে ধৰি কমেও ১৭ জন লোক আহত হয়। জানিব পৰা মতে, বিমানখনৰ অট’পাইলট ব্যৱস্থা বিকল হোৱাৰ লগতে ‘ট্ৰিপল হাইড্ৰ’লিক ফেইলিয়ৰ’ৰ দৰে অতি বিপদজনক যান্ত্ৰিক ত্ৰুটি দেখা গৈছিল।

যোৱা ৪ আগষ্টত এয়াৰবাছ এ ৩২০ মডেলৰ এই বিমানখনত ১৩৭ জন যাত্ৰী আৰু ৮ জন ক্ৰু সদস্য আছিল। মাজ আকাশত হঠাতে তীব্ৰ জোকাৰণিৰ সৃষ্টি হয় আৰু অট’পাইলট ব্যৱস্থা বিচ্ছিন্ন হৈ পৰে। তেতিয়া সহ-পাইলটজনে নিজেই বিমানখন নিয়ন্ত্ৰণলৈ আনে। ঠিক সেই সময়তে ফ্লাইট-কণ্ট্ৰোল ষ্টল মেছেজ ভাঁহি আহে আৰু বিমানখনৰ কেইবাটাও ইণ্ডিকেটৰ চুইছ সাময়িকভাৱে বন্ধ হৈ পৰে। বিমান এখনৰ দিশ নিৰ্ণয় আৰু নিয়ন্ত্ৰণৰ বাবে অতি গুৰুত্বপূৰ্ণ হাইড্ৰ’লিক চিষ্টেম বিকল হৈ পৰাত বিমানখন চৰম বিপদত পৰে। অৱশ্যে পাইলটসকলে কোনোমতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি বিমানখন নিৰাপদে দিল্লীত অৱতৰণ কৰাবলৈ সক্ষম হয়।

Apply Now

এই সমগ্ৰ ঘটনাক এক গুৰুতৰ দুৰ্ঘটনা হিচাপে চিহ্নিত কৰি ভাৰতৰ এয়াৰক্ৰাফ্ট এচিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰ’ই তদন্ত আৰম্ভ কৰিছে। যিহেতু বিমান নিৰ্মাতা কোম্পানী এয়াৰবাছৰ মুখ্য কাৰ্যালয় ফ্ৰান্সত অৱস্থিত, সেয়েহে আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি ফ্ৰান্সৰ বিমান দুৰ্ঘটনা তদন্তকাৰী সংস্থা আৰু এয়াৰবাছৰ এটা বিশেষ বিশেষজ্ঞ দলে ভাৰতীয় তদন্তকাৰীসকলক সহায় কৰিবলৈ আহিছে। বিমানখনৰ ডাটা আৰু ককপিট ৰেকৰ্ড পৰীক্ষা কৰি এই ভয়ংকৰ বিপদৰ প্ৰকৃত কাৰণ বিচৰা হৈছে।

বিমানখনৰ এজন যাত্ৰীয়ে জনোৱা মতে, হঠাতে বিমানখন তললৈ নামিবলৈ আৰম্ভ কৰাত সকলোৱে চৰম আতংকত চিঞৰিবলৈ ধৰে। জোকাৰণিৰ ফলত এটি শিশু উফৰি গৈ পিছফালে পৰে আৰু বহুতৰে হাড় আৰু কামিহাড়ত আঘাত লাগে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে জনায় যে এই তীব্ৰ জোকাৰণি প্ৰায় পাঁচ মিনিট ধৰি চলিছিল আৰু চাৰিজন কেবিন ক্ৰু সদস্যৰ ডিঙি আৰু মেৰুদণ্ডত গুৰুতৰ আঘাত লাগিছিল।

আনহাতে, ঘটনাৰ পিছত পাইলটসকলৰ বাধ্যতামূলক ড্ৰাগছ পৰীক্ষা কৰা হৈছিল। ইয়াৰ প্ৰাথমিক ৰিপৰ্টত বিমান পৰিচালনা কৰা প্ৰধান পাইলটজনৰ ফলাফলত কিছু খেলিমেলি দেখা যোৱাত নমুনাটো চূড়ান্ত পৰীক্ষাৰ বাবে লেবলৈ পঠিওৱা হৈছে। চূড়ান্ত ৰিপৰ্ট নহালৈকে আৰু তদন্ত চলি থকাৰ সময়ছোৱাত দুয়োগৰাকী পাইলটকে বিমান চলোৱাৰ পৰা সাময়িকভাৱে আঁতৰাই ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd