• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইমছৰ প্ৰাক্তন সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াৰ সতৰ্কবাণীঃ ধপাতৰ ধোঁৱাতকৈ বায়ু প্ৰদূষণ বেছি মাৰাত্মক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 4, 2022 8:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদূষণে কালান্তক ৰূপধাৰণ কৰাৰ পিছতে বন্ধ কৰি দিয়া হৈছে দেশৰ ৰাজধানী নতুন দিল্লীৰ বহু বিদ্যালয়। বায়ু প্ৰদূষণে জনসাধাৰণৰ অংগসমূহক গুৰুতৰভাৱে প্ৰভাৱিত কৰি আহিছে, দিল্লীৰ এইমছৰ প্ৰাক্তন সঞ্চালক ড০ ৰণদীপ গুলেৰিয়াই আজি পুনৰবাৰ এই বিষয়ত সতৰ্ক কৰি দিয়ে। এইমছৰ পালমোনাৰী মেডিচিন আৰু নিদ্ৰাৰ বিকাৰ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ গুলেৰিয়া কয় , “প্ৰদূষণে আনকি ধপাতৰ ধোঁৱাতকৈও অধিক ক্ষতি সাধে । আমি ধূমপানৰ বিষয়ে বহু কথা পাওঁ, কিন্তু বায়ু প্ৰদূষণৰ ফাবোজাই ধূমপানৰ তুলনাত এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।”

উল্লেখ্য বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় নাগৰিকসকলৰ আয়ুস কাল হ্ৰাস পাইছে। ভাৰতীয় লোকৰ স্বাস্থ্যৰ বাবে বৃহৎ ভাবুকি হৈ ধৰা দিছে প্ৰদূষণ। মাৰাত্মক প্ৰদূষণে প্ৰতিগৰাকী ভাৰতীয় লোকৰ জীৱনকাল পাঁচ বছৰলৈ হ্ৰাস কৰিব বুলি আশংকা প্ৰকাশ কৰিছে চিকাগো বিশ্ববিদ্যালয়ৰ বায়ু গুণমান জীৱন সূচক (একিউএলআই) প্ৰতিষ্ঠানে।

Apply Now

পৰিছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ হিচাপে পৰিগমিত হৈ পৰিছে দিল্লী। ইয়াত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭ মাইক্ৰ’গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১ গুণতকৈ অধিক।
প্ৰদূষণ মানৱ স্বাস্থ্যৰ বাবে বিশ্বৰ আটাইতকৈ ডাঙৰ বিপদঘন্টা হিচাবে দেখা দিছে। তথ্যত প্ৰকাশ পোৱা পৰিসংখ্যা অনুসৰি বিশ্বব্যাপী বায়ু প্ৰদূষণে মানুহৰ ২.২ বছৰকৈ আয়ুস হ্ৰাস কৰিছে।এইচ.আই.ভি.-এইডছতকৈ ছয় গুণ আৰু সন্ত্ৰাসবাদতকৈ ৮৯ গুণে বেছি হৈছে এই প্ৰদূষণৰ মাৰক ক্ষমতা।

বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰতত প্ৰদূষণে ভাৰতীয় লোকৰ স্বাস্থ্যৰ প্ৰতি সৰ্বাধিক বিপদ নমাই আনিছে। প্ৰতিবেদন খনত সদৰী কৰা হৈছে যে ২০১৩ চনৰ পৰা বিশ্বৰ মুঠ প্ৰদূষণৰ ৪৪ শতাংশ কেৱল ভাৰতৰ পৰাই হৈছে।
যদি প্ৰদূষণৰ এনে স্তৰ অব্যাহত থাকে তেন্তে ভাৰতীয় লোকে কমেও পাঁচ বছৰৰ আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।
১৯৯৮ চনৰ পৰা ভাৰতৰ বতাহত গড় বাৰ্ষিক প্ৰদূষণ সৃষ্টিকাৰী কণিকা ৬১.৪ শতাংশ বৃদ্ধি হৈছে।
অধ্যয়নটোৱে ভাৰতত বায়ু প্ৰদূষণ বৃদ্ধিৰ বাবে যোৱা দুটা দশকত ঔদ্যোগিকৰণ, অৰ্থনৈতিক বিকাশ আৰু জনসংখ্যা বৃদ্ধিকে দায়ী কৰিছে। অধ্যয়নটোত কোৱা হৈছে যে বৰ্তমানৰ প্ৰদূষণৰ স্তৰ অব্যাহত থাকিলে ভাৰত-গাঙ্গেয় সমভূমিৰ ৫১০ নিযুত বাসিন্দাই গড়ে ৭.৬ বছৰৰ আয়ুস হেৰুৱাব পাৰে। লক্ষ্ণৌৰ বাসিন্দাসকলে ৯.৫ বছৰৰ আয়ুস হেৰুৱাব লগীয়া হ’ব পাৰে।

সেইদৰে উত্তৰ প্ৰদেশত ৮.২ বছৰ, বিহাৰত ৭.৯ বছৰ, পশ্চিম বংগত ৫.৯ বছৰ আৰু ৰাজস্থানত ৪.৮ বছৰ সেই ৰাজ্যসমূহৰ লোকে আয়ুস হেৰুৱাব লাগিব বুলি আশংকা ব্যক্ত কৰা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd