• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ-বিজেপিৰে গোপন বুজাবুজি! নগাঁৱৰ ২৯ জিলা পৰিষদত মাত্ৰ ১০ প্ৰাৰ্থীৰ মনোনয়ন দাখিলএআইয়ুডিএফৰ

মিণ্টু দাস by মিণ্টু দাস
November 16, 2018 7:49 am
dc-Cover-p40pqim728drk7l3ljpcupjfh5-20170206133020.Medi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ বাবে নগাঁৱত বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম মুহূৰ্তত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইয়ুডিএফ দলে নগাঁও জিলাত মাত্ৰ ১০টা জিলা পৰিষদ আসনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আৰু সেই প্ৰাৰ্থী কেইজনেহে মনোনয়ন দাখিল কৰে।

দলটোৱে ঘোষণা কৰা চূড়ান্ত তালিকা অনুসৰি, জিলাখনৰ শিঙ্গিয়া জিলা পৰিষদ সমষ্টিত আজিজুল হক মৰল, ভকতগাঁৱত শ্বাহ আলম চৌধুৰী, জুৰীয়াত পাৰবিন চুলতানা, জাৰামাৰি-আলিটাঙনীত জিয়াবুৰ ৰহমান, টুকটুকীত গোলাম ৰাব্বানী, শিঙিমাৰী-মাধৱপাৰাত ছহিদুল ইছলাম, কচুৱাত আক্ৰাম মনজিল হুছেইন, বটদ্ৰৱাত আছমিনা খাতুন, বেচামাৰীত নাজমা খাতুন আৰু হাতীচোঙত মুৰ্শিদা খাতুন।

Apply Now

উল্লেখ্য যে, নগাঁও জিলা পৰিষদৰ অন্তৰ্গত মুঠ ২৯ টা জিলা পৰিষদ সমষ্টিৰ আসন আছে। মন কৰিবলগীয়া যে, বাকী ১৯ টাকৈ আসনত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদানৰ কৰা নাই। আনকি, অতি ৰহস্যজনকভাবে জিলাখনৰ সংখ্যালঘু অধ্যুষিত ৰূপহী, গড়াজান, শিঙিমাৰী আৰু বাজিয়াগাঁৱৰ লগতে আন কেইবাটাও সংখ্যা লোকৰ প্ৰভাৱ থকা জিলা পৰিষদ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই।

এই সন্দৰ্ভত এআইয়ুডিএফৰ নগাঁও  জিলাৰ সভাপতি মিঞা হুছেইনে নিজৰ প্ৰতিক্ৰিয়া বিচৰাত সংবাদ মাধ্যমৰ আগত কয় যে জিলাখনৰ জিকাৰ সম্ভাৱনা থকা সমষ্টিতহে দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। দলীয় স্থিতি অতি দুৰ্বল থকা সমষ্টিত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে সংখ্যালঘু অধ্যুষিত বহু কেইটা সমষ্টিত কোনো লোকে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন নকৰাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাই।

আনহাতে,  চৰ্চা অনুসৰি বিজেপিৰ লগত গোপন বুজাবুজি থকাৰ বাবেই সংখ্যালঘু লোকৰ যথেষ্ট প্ৰভাৱ থকা জিলা পৰিষদৰ সমষ্টিতো এআইয়ুডিএফে প্ৰাৰ্থিত্ব দিয়াৰ পৰা ৰহস্যজনকভাবে বিৰত আছে। আন এটা সূত্ৰে জানিব পৰা মতে, কংগ্ৰেছ দলৰ লগতো এক গোপন বুজাবুজিৰ ফলস্বৰূপে এআইয়ুডিএফ দলে জিলাখনৰ বহু কেইটা আসনত দলীয় মনোনয়ন প্ৰদান কৰা নাই।

মুঠতে এআইয়ুডিএফৰ এই সমগ্ৰ বিষয়টো এক ৰহস্যৰ আবৰ্তত সোমাই পৰিছে যদিও পৰৱৰ্তী সময়ত সেই কথা স্পষ্ট হৈ পৰাৰ সম্ভাৱনা আছে। লক্ষণীয় যে, বিগত পঞ্চায়ত নিৰ্বাচনত দলটোৱে জিলাখনৰ প্ৰায়কেইটা জিলা পৰিষদ আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল যদিও এইবেলি কি কাৰণত  প্ৰভাৱ থকা স্বত্বেও বহুকেইটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই, সেয়া এক বিচাৰ্যৰ বিষয়।

প্ৰকৃততে বিগত সময়চোৱাত সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে জহাই ফুৰা বদৰুদ্দিন আজমলকে ধৰি দলটোৰ অন্যান্য নেতাসকলে এন আৰ চিকে ধৰি জনগোষ্ঠীটোৰ নাগৰিকত্ব সমস্যা সন্দৰ্ভত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰাত চুড়ান্তভাবে ব্যৰ্থ হোৱাৰ অভিযোগ সৰ্বত্ৰ চৰ্চা লাভ কৰাৰ পিছত সংখ্যালঘু এলেকাত এআইয়ুডিএফৰ জনপ্ৰিয়তা বহুখিনি হ্ৰাস হোৱাৰ লগতে দলটোৰ প্ৰতি ৰাইজৰ মোহভংগ হৈ পৰা বুলিও চৰ্চিত হৈছে।

ইপিনে, আসন্ন পঞ্চায়ত নিৰ্বাচনত মুল ইচ্ছু কি হ’ব বুলি এআইয়ুডিএফৰ জিলাখনৰ একমাত্ৰ বিধায়ক আমিনুল ইছলামে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত  নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত তেওঁলোকৰ স্থিতি অটল বুলি উল্লেখ কৰি কয় যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো লোক অসমৰ পৰা যাবই লাগিব, সি হিন্দুয়েই হ‌ওক বা মুছলমানেই হ‌ওক।

তদুপৰি বৰ্তমানৰ ৰাজ্যৰ শাসনৰ গাদীত থকা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ দিনতো গ্ৰামোন্নয়ন বিভাগত পৰ্বতসম দুৰ্নীতি সংঘটিত হৈ থকা বিষয়টোও আন এক নিৰ্বাচনী ইচ্ছ্যু হ’ব বুলি বিধায়কগৰাকীয়ে সদৰী কৰে।পঞ্চায়ত নিৰ্বাচনতো দলটোৱে ভাল ফল প্ৰদৰ্শন কৰিব বুলিও আশাবাদী বিধায়ক ইছলাম।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd