সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা (এআইয়ুডিএফ) ৰাজ্যখনৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা টেলিফ’নিক বাৰ্তালাপত সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে নতুন দিল্লীৰ পৰা কৈছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত মৰ্চাই বিজেপিক সম্পূৰ্ণ পৰাস্ত কৰিব।
পঞ্চায়ত, লোকসভা আৰু ২০২০ৰ বিধানসভা নিৰ্বাচনত অসমক বিজেপিমুক্ত কৰাতো হৈছে সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ লক্ষ্য বুলি ইছলামে কয়।ইছলামে আৰু কৈছে যে বিগত ২টা পঞ্চায়ত নিৰ্বাচনত সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চাই সন্তোষজনক স্থান লাভ কৰিছিল। তেওঁ এইবাৰো গৰিষ্ঠসংখ্যক আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।
উল্লেখ্য যে ২০১৩ৰ পঞ্চায়ত নিৰ্বাচনত ৪২০টা জিলা পৰিষদ সমষ্টিৰ সদস্যৰ ভিতৰত ৭২খন আসন জয় কৰি দ্বিতীয় সৰ্ববৃহৎ গল হিচাপে পৰিগণিত হৈছিল।
পঞ্চায়ত নিৰ্বাচনত ইছলামে কোনো ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা স্থাপনৰ কৰা অস্বীকাৰ কৰি কৈছে যে তেওঁলোকে কোনো দলৰ পৰা মিত্ৰতাৰ প্ৰস্তাৱ লাভ কৰা নাই।আঞ্চলিক দলৰ ৰাজনৈতিক ক্ষমতাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি ইছলামে কৈছে যে য’ত দূৰ পঞ্চায়ত নিৰ্বাচন প্ৰযোজ্য হয়, সেই পৰ্যন্ত অগপকে ধৰি আন আন ৰাজনৈতিক দলসমূহে সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ বিৰূদ্ধে ঠিয় দিব নোৱাৰে। তেওঁ কৈছে যে সকলোৱে অগপৰ বৰ্তমান ক্ষমতাৰ বিষয়ে জ্ঞাত।
তাৰোপৰি, সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চাৰ উপ-সভাপতি আৱাল মজিদে কৈছে, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী, বৰপেটা, মৰিগাঁও আৰু কৰিমগঞ্জ জিলাত মৰ্চাৰ সুদৃঢ় ভেঁটি আছে আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে দলটোৱে আন আন নতুন স্থানত আসন লাভ কৰাৰ লক্ষ্য বান্ধি লৈছে।
মজিদে কৈছে যে মৰ্চাই উজনি অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়কে ধৰি আন আন জিলাকেইখনত খোপনি মজবুত কৰি অধিকতৰ আসন দকল কৰাৰ লক্ষ্য বান্ধি লৈছে। উল্লেখ্য যে অসমত ২২০১খন গাঁও পঞ্চায়ত, ১৮৫খন আঞ্চলিকপঞ্চায়ত আৰু ২১খন জিলা পঞ্চায়ত আছে।