• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিফল স্বাস্থ্য বিভাগ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে : বদৰুদ্দিন আজমল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2018 8:23 pm
Himanta Ajmal
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’যোৱা ৯ দিনত ২০ টাকৈ নৱজাতকে মৃত্যুক সাবটি লৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। স্বাস্থ্য বিভাগৰ ইমানখিনি বিফলতা হ’ল, গতিকে হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে।‘‘ শনিবাৰে দিচপুৰৰ বিধায়ক আৱাসত অনুষ্ঠিত হোৱা এআইয়ুডিএফৰ ক’ৰ কমিটিৰ বৈঠকৰ পাছতেই সংবাদ মাধ্যমৰ আগত এইদৰে পদত্যাগৰ দাবী তোলে দলটোৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ বদৰুদ্দিন আজমলে।

উল্লেখযোগ্য যে, চলিত মাহৰ বিগত ৯ দিনত প্ৰায় দৈনিক নৱজাতকে মৃত্যুক সাবটি লোৱাৰ পাছত সকলো দল-সংগঠনে ইয়াৰ এক উচ্চ পৰ্য্যায়ৰ দাবী তোলাৰ সমান্তৰালকৈ আজমলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

Apply Now

আনহাতে, ইমান এক ডাঙৰ ঘটনা ঘটাৰ পাছত ‘স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে’ বুলিও তেওঁ সংবাদমাধ্যমৰ আগত কয়।

তদুপৰি ৰাজ্যৰ চিকিৎসালয়সমূহত ‘সুস্থ মানুহ গৈ বেছিকৈ অসুস্থ হৈ ঘুৰি আহিবলগীয়া হয়’ এইবুলি দাবী কৰে এআইয়ুডিএফৰ মুৰব্বীগৰাকীয়ে।

তেওঁ লগতে কয়, ‘’আমাৰ ধুবুৰীত যদি ভাল হৈ থকা মানুহ এজন চিকিৎসালয়ত যায় তেন্তে তেওঁ ভাল হৈ ঘুৰি নাহে, বেমাৰী হৈ ঘুৰি আহে।‘’

আনহাতে, পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা হোৱা-নোহোৱা প্ৰসংগত সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, ‘’যদি কংগ্ৰেছে বিচাৰে তেতিয়া হ’ব পাৰে, এতিয়ালৈকেতো কংগ্ৰেছ আগবাঢ়ি অহা নাই, গতিকে আমিও আগুৱাই যোৱা নাই।‘’

লক্ষণীয় কথা যে, ৰাজ্যত যদিও কংগ্ৰেছে মিত্ৰতা স্থাপন নকৰে তথাপিও দিল্লীত য়ুপিএ চৰকাৰৰ সৈতে মিত্ৰতা বাহাল থাকিব বুলি আজমলে কয়।

আনহাতে, ৰাজ্যৰ আগন্তুক নিৰ্বাচনত যদি কংগ্ৰেছ-এআইয়ুডিএফে মিত্ৰতাত নেখেলে তেন্তে ভোট বিভাজন হ’ব আৰু সেই ভোট বিজেপিলৈ যাব বুলি তেওঁ সংবাদমাধ্যমৰ আগত কয়।

তদুপৰি তেওঁ কয়, ‘’মোদী চৰকাৰ সকলো ক্ষেত্ৰতে ১০০ শতাংশই ফেইলাৰ হৈছে। বিজেপিয়ে হাতত লোৱা এখন আঁচনিও সফলভাৱে ৰূপায়ণ কৰিব পৰা নাই।‘’

তেওঁৰ মতে ‘‘বিজেপিয়ে কেৱল ঠাইৰ নাম বদলোৱা আৰু মন্দিৰ নিৰ্মাণৰ ৰাজনীতি কৰি আছে।‘‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd