• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ ১০ লাখ লোকৰ চহী সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰিব অজাপই

কাগজ কল ৰক্ষাত উদ্যোগ ল'বলৈ মুখ্যমন্ত্ৰীক আহ্বান জাতীয় পৰিষদৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2021 6:54 am
AJP on Paper mills
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিলামলৈ যোৱা অসমৰ কাগজ কল দুটাৰ সম্পত্তিখিনি বিক্ৰী নকৰি সেয়া পুনৰুজ্জীৱিত কৰাৰ দাবীৰে দহ লাখ লোকৰ চহী সম্বলিত এখন স্মাৰকপত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে অসম জাতীয় পৰিষদে৷

জাগীৰোডস্থিত নগাঁও কাগজ কলৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত কাগজ কল কৰ্মচাৰী সংস্থাসমূহৰ সহযোগত আয়োজন কৰা এখন সংবাদ মেলত দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যিহেতু ৰাজ্যবাসীয়ে ইমান দিনে জনাই অহা দাবী চৰকাৰে আওকান কৰিলে, আনকি বিধানসভা আৰু লোকসভাত জনপ্ৰতিনিধিসকলে উত্থাপন কৰা দাবীৰ প্ৰতিও চৰকাৰে সঁহাৰি নিদিলে আৰু অৱশেষত কাগজ কল দুটাৰ সকলো সম্পত্তি অহা ৩০ জুনৰ দিনা পানীৰ দৰত বিক্ৰি কৰি দিয়াৰ আনুষ্ঠানিক জাননী জাৰি হৈ গ’ল, এনে অৱস্থাত এই সমগ্ৰ বিষয়টোত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ অতিশয় জৰুৰী হৈ পৰিছে৷

Apply Now

সেই কাৰণে প্ৰধানমন্ত্ৰীয়ে যাতে প্ৰক্ৰিয়াটোত হস্তক্ষেপ কৰে, তাৰ বাবে প্ৰধানমন্ত্ৰীৰ ওচৰত অসমৰ দহলাখ নাগৰিকে চহী কৰা স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ’ব৷

স্মাৰকপত্ৰখনত অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে চহী সংগ্ৰহ কৰা হ’ব৷ অনলাইন স্মাৰকপত্ৰখন জাতীয় পৰিষদৰ ৱেবছাইটত দিয়া হৈছে আৰু অফলাইন স্মৰাকপত্ৰখনত দলৰ কৰ্মীসকল গাঁৱে গাঁৱে গৈ চহী সংগ্ৰহ কৰিব৷ এসপ্তাহ চহী সংগ্ৰহ কৰাৰ পিছত সকলো চহী একেলগ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ স্মাৰকপত্ৰখন প্ৰেৰণ কৰা হ’ব৷

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ সভাপতি চমছেৰ সিং আৰু দুলু আহমেদ, সম্পাদক বাণী দাস আৰু চন্দ্ৰপ্ৰকাশ শৰ্মা আৰু প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান উপস্থিত থকা সংবাদ মেলখনত লুৰীণজ্যোতি গগৈয়ে কয় যে এনেকুৱা নহয় যে কাগজ কল দুটা অকাৰ্যক্ষম হৈ আছে আৰু চৰকাৰে চলাব নোৱাৰি বন্ধ কৰি দিছে, বৰং যিসময়ত কাগজ কল দুটা বন্ধ কৰা হৈছিল তেতিয়া কল দুটা সুচলৰূপে চলি আছিল৷

২০১৫ চনৰ ২০ অক্টোবৰৰ দিনা কাছাৰ কাগজ কলটো বন্ধ হোৱাৰ ঠিক আগদিনা কলটোয়ে ২৮৩ টন কাগজ উৎপাদন কৰিছিল৷

কাছাৰ কাগজ কলটো বন্ধ হোৱাৰ ৫ মাহৰ পিছত ২০১৬ চনৰ ২৭ মাৰ্চৰ দিনা পাঁচগ্ৰামৰ ওচৰৰ কালিগঞ্জত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন নিৰ্বাচনী সভাত ভাগ লৈ ঘোষণা কৰিছিল যে যদি সেইবাৰৰ নিৰ্বাচনত বিজেপি দল বিজয়ী হয় তেনেহ’লে কাছাৰ কাগজ কলটো পুনৰ আৰম্ভ কৰা হ’ব৷

কিন্তু ২০১৬ৰ নিৰ্বাচনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে কাছাৰ কাগজ কলটোতো পুনৰাৰম্ভ নকৰিলেই, বৰং প্ৰধানমন্ত্ৰীৰ আশ্বাসৰ ঠিক এবছৰৰ মূৰত ২০১৭ চনৰ ১৩ মাৰ্চৰ দিনা জাগীৰোডৰ নগাঁও কাগজ কলটোও বন্ধ কৰি দিয়ে৷

উক্ত দুয়োটা কল বন্ধ কৰাৰ কোনো আনুষ্ঠানিক অধিসূচনা বা নিৰ্দেশনা কিন্তু আজিলৈকে চৰকাৰে জাৰি কৰা নাই৷

বিজেপি দলে ২০১৬, ২০১৯ আৰু ২০২৬ চনৰ নিৰ্বাচনী ইস্তাহাৰত কাগজ দল দুটা পুনৰুজ্জীৱিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে চৰকাৰে পুনৰুজ্জীৱিত কৰাৰ পদক্ষেপ হাতত লোৱাতো দূৰৰে কথা, কাগজ কল দুটাৰ প্ৰায় ৬৬০০ বিঘা মাটি সহ সমস্ত সম্পত্তি নিলামত বিক্ৰী কৰাৰ বাবে অৱসায়কে জাৰি কৰা জাননীৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে৷

ৰাষ্ট্ৰীয় কোম্পানী আইন প্ৰধিকৰণে নিযুক্ত কৰা অৱসায়কে কেন্দ্ৰীয় চৰকাৰৰ তীখা মন্ত্ৰ্যালয়ৰ ৱেবছাইটযোগে কাগজ কল দুটাৰ সম্পত্তিখিনি অহা ৩০ জুনৰ দিনা নিলাম কৰিব৷

জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ মতে, যি সময়ত কাগজ কল দুটাৰ মাটি সহ সমস্ত সম্পত্তিৰ মূল্য কেইবা হাজাৰ কোটি টকা হ’ব, তেনে সময়ত অৱসায়ক কুলদীপ বাৰ্মাই সম্পত্তিখিনিৰ আধাৰ মূল্য নিৰ্ধাৰণ কৰিছে মাত্ৰ ১,১৩৯ কোটি টকা৷ ইয়াৰ পৰাই অৱসায়ক আৰু চৰকাৰৰ যে কিবা অন্য অংক আছে সেই কথা সহজে অনুমান কৰিব পাৰি৷

গতিকে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যাতে বিষয়টোত হস্তক্ষেপ কৰি অহা ৩০ জুনৰ নিলাপ কাৰ্য স্থগিত ৰাখে তাৰ বাবে প্ৰধানমন্ত্ৰীক অনুৰোধ জনাই উক্ত দহ লাখ লোকৰ চহী সম্বলিত স্মাৰকপত্ৰখন প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণৰ সিদ্ধান্ত লোৱা বুলি সভাপতি গগৈয়ে প্ৰকাশ কৰে৷

আনহাতে, সামান্য কেইহাজাৰমান কোটি টকা হ’লে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰিব পৰা যাব বুলি বিশেষজ্ঞমহলে মত আগবঢ়াই থকা কথাটোলৈ উনুকিয়াই গগৈয়ে কয় যে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীয়ে নুমলিগড় তেল শোধনাগাৰৰ অংশ ক্ৰয় আৰু মহিলাসকলে ক্ষুদ্ৰ ঋণৰ ধন ঋণদাতা বেংকক আদায় দিবলৈ লোৱা সিদ্ধান্তৰ দৰে অসমবাসীৰ আৱেগ জড়িত থকা কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰতো এটা ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব পাৰিলে কল দুটাৰ সৈতে জড়িত ১২ শ পৰিয়াল আৰু তাৰ সৈতে পৰোক্ষভাৱে জড়িত হৈ থকা চাৰি লক্ষাধিক লোকৰ সংস্থাপনৰ বাট মুকলি হ’ব৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd