অঃ জাঃ যুঃ ছাঃ পঃৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত শতাধিক ইনথেম গাওঁ পঞ্চায়তৰ ৰাইজ তথা যুৱ ছাত্ৰ কৰ্মীয়ে আজি বিক্ষোভ কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়।
এই উপলক্ষে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে আজি দিনৰ ১১ বজাত মাৰ্ঘেৰিটা ৰংগ মঞ্চৰ পৰা মহকুমাধিপতি কাৰ্য্যালয়লৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে।
সংগঠনটোৰ জিলা সমিতিৰ উপদেষ্টা সঞ্জীৱ উলুপ, সাধাৰণ সম্পাদক কাঞ্চন বৰা, মাৰ্ঘেৰিটা আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সভাপতি সম্পাদক ৰাহুল মালাকাৰ আৰু বিমল সিংহৰ নেতৃত্বত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰী সকলে ‘অসম চৰকাৰ হায় হায়, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ’ আদি প্ৰতিবাদী শ্ল’গানেৰে মাৰ্ঘেৰিটাৰ আকাশ বতাহ মুখৰিত কৰি তোলে।
উল্লেখযোগ্য যে পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী আৰোহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনকাল দুবছৰো অধিক হ’ল যদিও আজিও পৰিৱৰ্তন নহ’ল বাট-পথৰ। মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন জৰাজীৰ্ণ বাট-পথৰ দাবীত আজি যুৱ ছাত্ৰ পৰিষদে ভুক্তভোগী ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়।
মাৰ্ঘেৰিটা সমষ্টি উন্নয়নত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই পিঠি দিয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
সমষ্টিটোৰ অন্তৰ্গত পেঙেৰী, মাইচাংপানী, এন চি নগা পথাৰ আদি জৰাৰ্জীণ বাট-পথ অনুপযোগী হৈ পৰাৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগ বগাহাতীলৈ পৰিণত হোৱা, সমষ্টিটোত বিশুদ্ধ খোৱা পানী যোগান ধৰা আদি কেইবাটাও সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজিৰ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
ধৰ্ণা কাৰ্যসূচী ৰূপায়ণৰ পাছতেই মাৰ্ঘেৰিটা মহকুমাধিপতিৰ যোগেদি মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আৰু লগতে অনতিপলমে এই দাবী সমূহ সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে যুৱ-ছাত্ৰ পৰিষদে।
আনহাতে প্ৰতিবাদ স্থলীত উপস্থিত হোৱা মাৰ্ঘেৰিটা মহকুমাৰ দণ্ডাধীশ ঝৰ্ণা পাটগিৰিয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমূহ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে সমস্যা সমূহ সমাধানৰ আশ্বাস দিয়ে।