ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ জাগুন, লেখাপানী, মাৰ্ঘেৰিটা আদিৰ লগতে ইয়াৰ উপকণ্ঠীয় অঞ্চলসমূহ কাঠ বালি শিলৰ চোৰাং বেহাৰ ভূ-স্বৰ্গ লৈ পৰিণত হৈছে৷ একাংশ অসাধু ব্যৱসায়ীয়ে সংৰক্ষিত আৰু অসংৰক্ষিত বনাঞ্চল সমূহত অবাধে মুল্যবান গছ-গছনি কাটি অৰুণাচলৰ ভূমিত থকা বিভিন্ন কাঠ উদ্যোগসমূহৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছে৷ সেইদৰে অসাধু চক্ৰটোৱে বালি, শিলৰো এক বৃহৎ চোৰাং কাৰবাৰ চলাই আহিছে ৷
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত কাঠ, বালি শিলৰ অবাধ লুণ্ঠনৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি৷ সংগঠনটোৱে আজি লিডু ৰেলেৱে ৰঙ্গমঞ্চত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে৷
উল্লেখ্য যে, ৭২ ঘণ্টাৰ পূৰ্বে ছাত্ৰ সংগঠনটোৱে মাৰ্ঘেৰিটা নগৰৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পুত্তলিকা দাহ কৰি এই লুণ্ঠন ৰাজৰ তীব্ৰ প্ৰতিবাদ জনাছিল৷ ইয়াৰ পাছতো যদি বন বিভাগে বন মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ’লে অধিক তীব্ৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি যুৱ ছাত্ৰ পৰিষদে হুংকাৰ দিছে৷ প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডিএফঅ বিপুল বৰাৰ বিৰুদ্ধে বিভিন্ন শ্লগানৰ দি ধৰ্মঘটস্থলী উত্তাল কৰি তোলে।