DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰুৱা দম্পতী হত্যাকাণ্ডৰ নতুন মোৰ: ‘ মই হত্যা কৰা নাই,পুলিচৰ মাৰতহে হত্যা কৰা বুলি কৈছিলো’—আকাশ চৌধুৰী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 8, 2021 3:30 pm
544
VIEWS
Share on FacebookShare on Twitter

বেলতলাৰ বৰুৱা দম্পতী হত্যাকাণ্ডই নতুন মোৰ হৈছে। আৰক্ষীয়ে কিছুদিন পূৰ্বে প্ৰকাশ কৰিছিল যে বৰুৱা দম্পতীক কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে হত্যা কৰিছিল। আৰক্ষীয়ে হত্যাৰ কাৰণ ৰাজহুৱা কৰিব পৰা বিষয় নহয় বুলি কৈয়ো আন এক ৰহস্যৰ সৃষ্টি কৰিছিল।

কিন্তু আৰক্ষীৰ এনে দাবীৰ বিপৰীতে আজি আকাশ চৌধুৰীয়ে আদালতৰ প্ৰাংগনত আন এক মন্তব্যহে কৰে।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আকাশ চৌধুৰীয়ে কয় যে আৰক্ষীৰ মাৰতহে তেওঁ হত্যা কৰা বুলি ক’বলৈ বাধ্য হৈছিল।

আকাশে কয়’ মই হত্যা কৰা নাই। সন্তানৰ শপত খাই কৈছো। পুলিচৰ মাৰতহে মই হত্যা কৰা বুলি কৈছিলো’।

এতিয়া প্ৰশ্ন হয় যদি বৰুৱা দম্পত্তীক আকাশে হত্যাই কৰা নাছিল তেন্তে এই হত্যাৰ সৈতে কোন জড়িত আছিল। চিচিটিভিৰ ফুটেজত ধৰা পৰা লোক দুজন কোন আছিল সেয়াও এতিয়াও ৰহস্য হৈ আছে।

আকাশ চৌধুৰীয়ে আজি আদালত চৌহত কৰা মন্তব্যই সমগ্ৰ বিষয়টোকে ৰহস্যৰ মাজলৈ ঠেলি দিছে।

উল্লেখ্য বেলতলা চন্দননগৰৰ বৃদ্ধ দম্পতী ক্ৰমে ননী বৰুৱা(৮৬) আৰু মীনা বৰুৱাক(৮০) আকাশ চৌধুৰীয়ে হত্যা কৰাৰ প্ৰমাণ লাভ কৰা বুলি দাবী কৰিছিল আৰক্ষীয়ে।

আৰক্ষীৰ মতে ঘটনাস্থলীত উদ্ধাৰ হৈছিল আকাশ চৌধুৰীৰ ফিংগাৰপ্ৰিণ্ট। আকাশে গ্ৰীল ভঙা বুলি কোৱা গ্ৰীলখনতে আকাশৰ ফিংগাৰ প্ৰিন্ট লাভ কৰিছিল ফৰেণ্সিক দলে।

ফৰেণ্সিক দল, CID আৰু মহানগৰ আৰক্ষীয়ে যুটীয়াভাৱে চলাই আছে বৃদ্ধ দম্পতীৰ হত্যাকাণ্ডৰ।

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিযুক্ত আকাশ চৌধুৰীক।

আকাশৰ বিৰুদ্ধে দিছপুৰ থানাত ভাৰতীয় দণ্ড বিধিৰ 458,380,302 ধাৰাত 3900/21 নম্বৰত ৰুজু হৈছে গোচৰ।

আৰক্ষীৰ মাৰাথান জেৰাৰ পাছত এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ কথা আকাশেস্বীকাৰ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল।আৰক্ষীৰ মতে আকাশে অকলেই হত্যা কৰিছিল বৰুৱা দম্পতীক।

এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে এতিয়ালৈ ৪ জন লোকক আটক কৰিছিল ।

আৰক্ষীয়ে আকাশ চৌধুৰীৰ পত্নী পুতু দাসকো সোধা-পোচা অব্যাহত ৰাখিছিল।

মহানগৰ আৰক্ষীয়ে আটক কৰিছিল বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়া নামৰ এজন অটোচালকজনকো।

দুয়োজনে আকাশ চৌধুৰীৰ সৈতে সেইনিশা সুৰাপান কৰিছিল বুলি জানিব পৰা গৈছে।

মহানগৰ আৰক্ষীয়ে সত্যন্দ্ৰ সিং আৰু পৰেশ চৌধুৰী নামৰ দুজন লোকক আটক কৰিছিল।

আকাশ চৌধুৰীৰ কল ডিটেইলচৰ আধাৰত এই লোকদুজনক আৰক্ষীয়ে আটক কৰিছিল।

আৰক্ষীয়ে অভিযুক্ত আকাশ চৌধুৰীক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাইছিল আৰু আদালতে আকাশ চৌধুৰীক সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল।

আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলি যোৱাত আজি আকাশক পুনৰ আদালতত হাজিৰ কৰোৱা হয়। আদালত চৌহদতে আকাশে বৰুৱা দম্পতীক হত্যা নকৰা বুলি কৰা মন্তব্যই এতিয়া সমগ্ৰ বিষয়টোকে ৰহস্যৰ মাজলৈ ঠেলি দিলে।

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 04 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

Assam Career

Assam Career : ARIAS Societyৰ নিয়োগ জাননী প্ৰকাশ, কিদৰে কৰিব আবেদন?

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

মুম্বাইত ভাৰতীয় ৰে’লৱেই মুকলি কৰিলে দ্বিতীয় খন শ্লিপিং পড হোটেল

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

গল্পকাৰ বিপুল খাটনিয়াৰৰ মৃত্যুৰ বৰ্ষপূৰ্তিত বক্তৃতানুষ্ঠানৰ আয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd