• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী প্ৰশাসনৰ বাধা! প্ৰত্যাহ্বান গ্ৰহণ কৰি অখিলৰ হুংকাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 15, 2018 8:30 pm
15-11-18 Guwahati- Akhil Gogoi press meet (4)

বৃহস্পতিবাৰে অখিল গগৈৰ সংবাদমেল। ফটো : ইউ বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ দিচপুৰ জনতা ভৱনৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি মুঠ ৭০ টা সংগঠনে বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল যদিও কামৰূপ মহানগৰ প্ৰশাসনে পূব গুৱাহাটী এলেকাত ১৪৪ ধাৰা জাৰি কৰিছে।

ইপিনে, কামৰূপ মহানগৰ প্ৰশাসনৰ ১৪৪ ধাৰাকো নেওচি  কাইলৈ দিচপুৰত বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। প্ৰতিবাদকাৰীক ৰুধিবলৈ চৰকাৰ তথা প্ৰশাসনৰ বিষয়াসকল নানা ষড়যন্ত্ৰত লিপ্ত হোৱাৰো অভিযোগ তোলে অখিল গগৈয়ে।

Apply Now

বৃহস্পতিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক কাৰ্য্যালয়ত অখিলে কয়, ‘’অসম চৰকাৰৰ অত্যাচাৰ, স্বৈৰতন্ত্ৰ আৰু ফেচিবাদ ইত্যাদি সকলোবোৰ ওফৰাই কাইলৈ দিচপুৰৰ গণেশ উদ্যানত পূৱা ১০ বজাৰ পৰা প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হ’ব।‘’

সেয়েহে উক্ত প্ৰতিবাদী সভাত দলে-বলে সকলো মহানগৰবাসী আৰু অসমবাসী ৰাইজক আহি যোগদান কৰাৰ বাবে কৃষক নেতাগৰাকীয়ে আহ্বান জনায়।

আনহাতে, শদিয়া, জোনাই, ধুবুৰী আৰু ডিফুৰ পৰা শান্তিপূৰ্ণভাৱে বাইকেৰে সমদল কৰি আহি থকা প্ৰতিবাদকাৰীসকলৰ ভিতৰত জোনাইৰ পৰা অহা দলটোক দৰং জিলাত  গ্ৰেপ্তাৰ কৰি তথা তামুলপুৰত ধুবুৰীৰ পৰা অহা প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি ‘’চৰকাৰে কেনেধৰণৰ গণতন্ত্ৰ দেখুৱাইছে’’ বুলি প্ৰশ্ন কৰি তেওঁ লগতে কয়, ‘’সেয়া অসমৰ ৰাইজে কল্পনা কৰক।‘’

তদুপৰি, ৭০ টা সংগঠনে গণতান্ত্ৰিকভাৱে কৰা আন্দোলনসমূহৰ ক’তো একো আইন শৃংখলাজনিত অৱস্থাৰ সৃষ্টি হোৱা নাই বুলি সংবাদমেলযোগে দাবী জনায় অখিল গগৈয়ে।

আনহাতে, উক্ত সংবাদমেলতে গগৈয়ে ‘’গণতান্ত্ৰিকভাৱে আন্দোলন কৰি থকাৰ পাছতো এনেধৰণে উচটনি দি থকাৰ দুটা মূল কাৰণ আছে’‘ বুলি সদৰী কৰি তেওঁ কয়, ‘’এটা হ’ল আমাৰ খং উঠাই উচটনি দি অগণতান্ত্ৰিক কাম কৰাবলৈ চেষ্টা কৰা হৈছে। দ্বিতীয়তে, ৰাইজে বেয়া পোৱাকৈ অসম বন্ধ, পথ অৱৰোধ ইত্যাদি কামবোৰ আমাৰ হতুৱাই কৰাব বিচৰা হৈছে।‘’

তাৎপৰ্যপূৰ্ণ কথা যে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰফুল্ল মহন্ত অথবা হিতেশ্বৰ শইকীয়া মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত এনে ধৰণে প্ৰতিবাদকাৰীক অৱদমন কৰা হোৱা নাছিল বুলি তেওঁ সংবাদমেলত দাবী জনায়।

‘’মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ স্বৈৰস্বাৰী শাসনৰ ছবিখন স্পষ্টকৈ ফুটি উঠিছে,‘’-সংবাদমেলত এইদৰে কয় গগৈয়ে।

তেওঁ লগতে হুংকাৰ দি কয়, ‘’প্ৰশাসন তথা চৰকাৰে যি ব্যাপক ৰূপত প্ৰতিবাদকাৰীৰ ওপৰত অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিছে আমাৰ হাতৰ পৰা নিয়ন্ত্ৰণ হেৰাই গ’লে আমাক দোষ দিলে নহ’ব। নেতৃত্বত থকাসকলে হাত এৰি দিবলৈ বাধ্য হ’ম।‘’

আনহাতে, প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিবলৈ অহা লোকক বাছেৰে কঢ়িয়াই নানিবৰ বাবে বাছৰ মালিকসমূহক দিচপুৰৰ পৰা নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ সংবাদমেলত এক গুৰুতৰ অভিযোগ কৰে।

উল্লেখযোগ্য যে, আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য্যৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইকে ধৰি ৭০ টা জাতীয় সংগঠনৰ নেতৃবৰ্গৰ মাজত এখন আলোচনা অনুষ্ঠিত হৈছিল। সেই আলোচনাত প্ৰতিবাদী সভা অনুষ্ঠিত কৰিবৰ বাবে অনুমতি প্ৰদান কৰাৰ লগতে মটৰ চাইকেল সমূহো কম-কমকৈ অহাৰ বাবে অনুমতি প্ৰদান কৰা বুলি সংবাদমেলত অখিলে জানিবলৈ দিয়ে।

ইয়াৰ বিপৰীতে, এজন আৰক্ষীৰ উচ্চ পৰ্য্যায়ৰ ব্যক্তি হৈ ৰাতিটোৰ ভিতৰতে ১৪৪ ধাৰা জাৰি কৰি এনেধৰণে ওলোটাখৰ মৰাটো তেওঁৰ নিজৰ বাবেই কলংক বুলি আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান গৰাকীক কটাক্ষ কৰে গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd