• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেহাৰবাৰীৰ ধাৰাবাহিক সদৃশ মুখ্যমন্ত্ৰীৰ অভিযোগ: অখিল গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2026 8:37 am
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰি অহা ‘পাকিস্তান লিংক’ৰ অভিযোগক তীব্ৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। সোমবাৰে লখিমপুৰত আয়োজিত এক সংবাদমেলত বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীৰ এই সমগ্ৰ প্ৰচাৰক জনপ্ৰিয় কমেডী ধাৰাবাহিক ‘বেহাৰবাৰী আউটপোষ্ট’ৰ সৈতে তুলনা কৰি ইয়াক এক ‘কল্প কাহিনী’ বুলি অভিহিত কৰে।

অখিল গগৈয়ে মন্তব্য কৰে যে মুখ্যমন্ত্ৰীয়ে ইমান দিনে যি ধৰণৰ অভিযোগ উত্থাপন কৰি আহিছিল, কালিৰ সংবাদমেলৰ পাছত সেয়া একেবাৰে অসাৰ প্ৰমাণিত হৈছে। তেওঁ কয়, “গৌৰৱ গগৈয়ে নিজৰ পাকিস্তান ভ্ৰমণৰ সকলো তথ্য ইতিমধ্যে ৰাজহুৱা কৰিছে। তাত আপত্তি কৰিবলগীয়া একো নাই। মুখ্যমন্ত্ৰীয়ে ইয়াক যিধৰণে উপস্থাপন কৰিছে, সেয়া কোনো গুৰুতৰ বিষয় নহয়, বৰঞ্চ এক ৰাজনৈতিক নাটকহে।”

Apply Now

মুখ্যমন্ত্ৰীক উভটি ধৰি বিধায়কগৰাকীয়ে প্ৰশ্ন কৰে যে যদিহে গৌৰৱ গগৈৰ আই.এছ.আই. (ISI) ৰ সৈতে সম্পৰ্ক আছিল, তেন্তে ইমান দিনে ভাৰত চৰকাৰৰ গৃহ বিভাগে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল? তেওঁ আৰু কয় যে, “যদি মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি জানিছিল, তেন্তে তেওঁক গ্ৰেপ্তাৰ নকৰি কিয় মুকলিকৈ ঘূৰি ফুৰিবলৈ দিলে? দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত আপোচ কৰা বাবে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী নিজেও জগৰীয়া।”

লগতে তেওঁ অভিযোগ কৰে যে এছ.আই.টি.ৰ প্ৰতিবেদন প্ৰকাশৰ নামত মুখ্যমন্ত্ৰীয়ে মিছা মাতিছে আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি আচল বিষয়টোৰ পৰা মানুহৰ দৃষ্টি আঁতৰাব বিচাৰিছে।

বিদেশী নাগৰিক বিতাড়নৰ প্ৰসংগতো অখিল গগৈয়ে বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁৰ মতে, পূৰ্বৰ কংগ্ৰেছ বা অগপ চৰকাৰৰ তুলনাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অতি নগণ্য সংখ্যক বিদেশীহে বিতাড়িত হৈছে। সংবাদমেলৰ শেষত তেওঁ আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ ‘বিৰোধী ঐক্য মঞ্চ’ক আসন বুজাবুজিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd