• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

কৰ ফাকিক ‘ৰাষ্ট্ৰদ্ৰোহ’ আখ্যা মন্ত্ৰী মল্লবৰুৱাৰ; মুখ্যমন্ত্ৰীৰ ভাষণত বাধা প্ৰদান কৰাৰ বাবে একেদিনাই সদনৰ পৰা নিলম্বিত ৰাইজৰ দলৰ সভাপতিগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2026 9:00 am
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ জৰিয়তে সামগ্ৰী আৰু সেৱা কৰ বা জিএছটি ফাকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে। বুধবাৰে ১৫ জুলাইত অসম বিধানসভাত ৰাজ্যৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই অভিযোগ উত্থাপন কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ তদন্ত আৰম্ভ কৰিবলৈ সদনৰ অনুমোদন বিচাৰে। দৰ্শনাৰ্থীৰ পৰা প্ৰৱেশ মাচুল সংগ্ৰহ কৰি তাৰ বিনিময়ত চৰকাৰক প্ৰাপ্য কৰ আদায় নিদিয়াৰ অভিযোগত এতিয়া নতুন বিতৰ্কৰ মাজলৈ সোমাই পৰিছে বিৰোধী বিধায়কগৰাকী।

 

Apply Now

চলিত বাজেট অধিৱেশনৰ অষ্টমটো দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে অখিল গগৈৰ দ্বাৰা পৰিচালিত এই অৰ্কিড পাৰ্কখনে জিএছটি পৰিশোধ নকৰাকৈয়ে দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰি আহিছে। এই কাৰ্যক এক গুৰুতৰ অপৰাধ বুলি অভিহিত কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে সদনত কয় যে যদি বিধানসভাই অনুমতি প্ৰদান কৰে, তেন্তে বিষয়টোৰ তদন্তৰ বাবে চৰকাৰে বিষয়া নিয়োগ কৰিব। প্ৰকাশ্যে সদনত মন্ত্ৰীগৰাকীয়ে কয় যে জিএছটি পৰিশোধ নকৰাকৈ দৰ্শনাৰ্থীৰ পৰা মাচুল সংগ্ৰহ কৰাটো কৰ ফাকিৰ সমপৰ্যায়ৰ আৰু কৰ ফাকি দি অখিল গগৈয়ে ৰাষ্ট্ৰদ্ৰোহৰ দৰে অপৰাধ সংঘটিত কৰিছে।

 

লক্ষণীয়ভাৱে, বিত্ত মন্ত্ৰীগৰাকীয়ে এই অভিযোগ উত্থাপন কৰাৰ কেইঘণ্টামান পূৰ্বে একেদিনাই অখিল গগৈক সদনৰ পৰা নিলম্বন কৰা হৈছিল। ৰাজ্যিক বাজেটৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামৰণি ভাষণ প্ৰদান কৰি থকাৰ সময়ত ধাৰাবাহিকভাৱে বাধাৰ সৃষ্টি কৰাৰ বাবেই বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে তেওঁক দিনটোৰ বাকী সময়ছোৱাৰ বাবে সদনৰ পৰা নিলম্বন কৰে। মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজত কোনো সদস্যই বাধা প্ৰদান কৰিব নোৱাৰিব বুলি অধ্যক্ষগৰাকীয়ে পূৰ্বেই নিৰ্দেশ দিছিল যদিও সেই নিৰ্দেশ অমান্য কৰি গগৈয়ে বাৰে বাৰে হস্তক্ষেপ কৰিবলৈ অনুমতি বিচৰাৰ লগতে বিভিন্ন বিষয় উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল।

 

অখিল গগৈৰ এই কাৰ্যত শাসকীয় পক্ষৰ সদস্যসকলেও তীব্ৰ আপত্তি দৰ্শায় আৰু অধ্যক্ষৰ নিৰ্দেশনাক সোঁৱৰাই দিয়ে। কেইবাবাৰো সকীয়নি প্ৰদান কৰাৰ পাছতো বিৰোধী বিধায়কগৰাকীয়ে শান্ত নোহোৱাত অৱশেষত অধ্যক্ষই তেওঁৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয়। বাজেট অধিৱেশনৰ এই দিনটোত শাসক আৰু বিৰোধী পক্ষৰ মাজত হোৱা তীব্ৰ বাকবিতণ্ডাই বিধানসভাৰ মজিয়া উত্তপ্ত কৰি ৰাখে।

 

একেদিনাই সদনৰ পৰা নিলম্বন আৰু তাৰ পাছতেই বিত্ত মন্ত্ৰীৰ জিএছটি ফাকিৰ অভিযোগে ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিধানসভাৰ মজিয়াত উত্থাপিত এই গুৰুতৰ অভিযোগ সন্দৰ্ভত বৰ্তমানলৈকে ৰাইজৰ দলৰ নেতাগৰাকীৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া লাভ কৰা হোৱা নাই। আগন্তুক সময়ত সদনে এই তদন্তৰ বাবে অনুমতি প্ৰদান কৰিব নে নাই আৰু ইয়াৰ পৰৱৰ্তী ৰাজনৈতিক প্ৰভাৱ কি হ’ব, সেয়া লক্ষণীয় হৈ পৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd