DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিযুক্ত ‘অপৰাধী’ক কোনো বিচাৰ নকৰাকৈ আৰক্ষীয়ে গুলিওৱাটো গণতন্ত্ৰ বিৰোধী আৰু ফেচিবাদী: অখিল গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 8, 2021 7:07 pm
Akhil-and-himanta
552
VIEWS
Share on FacebookShare on Twitter

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত কিছুমান আশ্চৰ্য্যজনক ঘটনা ঘটিবলৈ লৈছে বুলি এক সংবাদমেলযোগে সদৰী কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

‘অপৰাধ কৰা বুলি অনুমান কৰি যেতিয়া আৰক্ষীয়ে অভিযুক্তক কৰায়ত্ত কৰে, আজি কিছুদিনৰ পৰা আৰক্ষীয়ে গুলিয়াই দিয়া দেখিবলৈ পোৱা গৈছে।‘ অখিল গগৈয়ে এইদৰে কয়।

তাৎপয্যপূৰ্ণভাৱে ‘অপৰাধীৰ কোনো বিচাৰ নকৰাকৈ শাস্তি দিয়া কাম আৰম্ভ কৰি দিয়া হৈছে’ বুলি উল্লেখ কৰি এইটো সম্পূৰ্ণৰূপে গণতান্ত্ৰিক ব্যৱস্থাৰ বিৰোধী আৰু এটা ফেচিবাদী কাম হৈছে বুলি দাবী কৰে অখিলে।

অখিলৰ মতে ‘প্ৰত্যেকজন গণতান্ত্ৰিক মনৰ মানুহক আশংকাত ভোগাইছে যে অচিৰেই অসমত গণতন্ত্ৰ শেষ হ’ব।‘

অসমখন যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ নিচিনা হ’বলৈ গৈ আছে বুলি উল্লেখ কৰি অখিলে লগতে কয়, ‘য’ত অভিযুক্তক গুলিয়াই দিয়া হয়। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ সন্মিলনত অপৰাধীক গুলিয়াই দিব লাগে বুলি আৰক্ষীক প্ৰৰোচিত কৰা দেখিবলৈ পাইছো।‘

অখিলৰ প্ৰশ্ন ‘এয়া উত্তৰ প্ৰদেশৰ যোগীৰাজৰ দৰে নতুন ৰূপৰ ফেচিবাদৰ উক-মুকনি নহয় নে?’

ইপিনে, অভিযুক্তক শাস্তি প্ৰদানৰ বাবে এক ন্যায়িক ব্যৱস্থা আছে বুলি দাবী কৰি অখিলে লগতে কয়, ‘বিচাৰ প্ৰক্ৰিয়াৰ অন্তত অভিযুক্তজন দোষী নে নিৰ্দোষী প্ৰমাণিত কৰে আদালতে। দুৰ্ভাগ্যজনকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত অভিযুক্তসকলক আৰক্ষীয়ে গুলিয়াই দিছে। এই ঘটনাই সমগ্ৰ পৃথিৱীৰ সচেতন মহলক সচকিত কৰি তুলিছে।‘

অৱশ্যে, অভিযুক্তক ৰেহাই দিবলৈ তেওঁ কোনোপধ্যেই কোৱা নাই বুলি উল্লেখ কৰি লগতে কয়, ‘অভিযুক্তক ধৰা হওঁক অভিযুক্তক বিচাৰ কৰা হওঁক বা বেছি ডাঙৰ অভিযুক্ত হ’লে তেওঁলোকক জেইলত ভৰাই ৰখা হওঁক আৰু দোষী প্ৰমাণিত হ’লে প্ৰয়োজনত ফাঁচি দিয়ক।‘

এজন মানুহক ধৰাৰ লগে লগে তেওঁ অপৰাধী হয় নে নাই প্ৰমাণ নকৰাকৈ গুলিয়াই দিয়া ঘটনা কেতিয়াও সমৰ্থন কৰিব নোৱাৰি বুলি অখিলে কয়।

মুখ্যমন্ত্ৰীৰ দিনতে আৰক্ষী সঞ্চালক প্ৰধানে সাধাৰণ জনতাক লাঠিৰে কোবোৱা উচিত বুলি ক’বলৈ আৰম্ভ কৰিছে বুলি অভিযোগ তোলে অখিলে।

Recent News

African cheetahs to India

দেশত পুনৰ চিতাৰ বংশ বিস্তাৰৰ লক্ষ্য: ফেব্ৰুৱাৰীত দেশলৈ পুনৰ ১২ টা চিতা

india to overtake china in population

এছিয়াৰ ছুপাৰ পাৱাৰ ৰঙা চীনক পিছ পেলাব ভাৰতে! ২০২৩ বৰ্ষতে চীনক অতিক্ৰমি শীৰ্ষলৈ ভাৰত!

Accident

মুকালমুৱাত শোকাৱহ ঘটনা: বিদ্যুৎস্পৃষ্ট হৈ এগৰাকীৰ মৃত্যু

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

কুকুৰৰ মুখত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd