• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিৱসাগৰত অখিল গগৈৰ হুংকাৰ: “মোৰ জয় এহেজাৰ শতাংশ নিশ্চিত”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2026 11:46 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বাজি উঠাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিশেষকৈ ঐতিহাসিক শিৱসাগৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ আৰু বাকযুদ্ধই এতিয়া চৰম পৰ্যায় পাইছে। সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ বিজয়ক লৈ তীব্ৰ আত্মবিশ্বাস প্ৰকাশ কৰিছে। কাজিৰঙাত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত গগৈয়ে দাবী কৰে যে আগন্তুক নিৰ্বাচনত তেওঁৰ জয় কেৱল নিশ্চিতই নহয়, বৰঞ্চ এই সম্ভাৱনা ‘এহেজাৰ শতাংশ’ ধ্ৰুৱ সত্য।

নিৰ্বাচনী প্ৰচাৰৰ মাজতে অখিল গগৈয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী তথা বিজেপিৰ ঘোষিত প্ৰাৰ্থী, প্ৰাক্তন বিধায়ক কুশল দুৱৰীক তীব্ৰ ভাষাৰে আক্ৰমণৰ লক্ষ্য কৰি লয়। গগৈয়ে অভিযোগ কৰে যে ৯৬ নং শিৱসাগৰ বিধানসভা সমষ্টিত বিজেপি দলে যিজন কুশল দুৱৰী ওৰফে জয়ন্ত হাজৰিকাক প্ৰাৰ্থিত্ব দিছে, তেওঁৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণী চিকাৰৰ গুৰুতৰ অভিযোগ আছে। গগৈয়ে কয়, “২০১০ চনৰ ১৩০/২০১০ নং এটা গোচৰৰ অধীনত তেওঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীৱ হত্যা কৰিছিল। এই সন্দৰ্ভত আমি আগতেও আপত্তি দৰ্শাইছিলো।”

Apply Now

অখিল গগৈয়ে তথ্য দাঙি ধৰি অধিক অভিযোগ কৰে যে কাজিৰঙাৰ ভিতৰত জিতেন গগৈ আৰু কুশল দুৱৰীয়ে জীৱ হত্যা কৰা গোচৰটোত ২০২২ চনত আদালতৰ ৰায় আহিছিল। তেওঁৰ মতে, উক্ত গোচৰত কুশল দুৱৰী আৰু জিতেন গগৈৰ লগতে আন এজনক আদালতে দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। এনে এজন ‘কনভিক্টেড’ বা দোষী সাব্যস্ত হোৱা ব্যক্তিক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো দুৰ্ভাগ্যজনক বুলি তেওঁ অভিহিত কৰে। বিজেপি চৰকাৰ আৰু তেওঁলোকৰ প্ৰতিনিধিয়ে কেৱল মিছা প্ৰতিশ্ৰুতিৰে ৰাইজক আভুৱা ভাঁৰি আহিছে বুলিও গগৈয়ে অভিযোগ কৰে।

ইফালে, ব্যক্তিগত আক্ৰমণৰ লগতে সমষ্টিটোৰ ঐতিহ্য ৰক্ষা আৰু সামগ্ৰিক বিকাশৰ প্ৰশ্নও উত্থাপন কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। তেওঁ স্পষ্টকৈ কয় যে বিজেপিৰ কোনো কুচক্ৰান্তই তেওঁক জনসাধাৰণৰ পৰা আঁতৰাই ৰাখিব নোৱাৰে। কাজিৰঙাত তেওঁ পুনৰ দোহাৰে যে শিৱসাগৰৰ ৰাইজে বিগত সময়ছোৱাত প্ৰতিজন প্ৰতিনিধিৰ কাৰ্যকাল প্ৰত্যক্ষ কৰিছে আৰু সেয়েহে এইবাৰো তেওঁলোকে সজাগ হৈ সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। কুশল দুৱৰীয়ে সমষ্টিটোত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি গগৈয়ে একপ্ৰকাৰ প্ৰত্যাহ্বান জনায়।

২০২৬ৰ এই নিৰ্বাচন অখিল গগৈৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে অগ্নিপৰীক্ষা স্বৰূপে বিবেচিত হৈছে। কাৰাগাৰৰ পৰাই বিগত নিৰ্বাচনত ইতিহাস ৰচা গগৈয়ে এইবাৰ পোনপটীয়া নিৰ্বাচনী যুঁজত কিমান ফলপ্ৰসূ হ’ব, সেয়া এতিয়া লক্ষণীয় হ’ব। বিজেপিৰ দুৰ্গ দখলৰ পৰিকল্পনা আৰু অখিল গগৈৰ এই আক্ৰমণাত্মক স্থিতিৰ ফলত শিৱসাগৰৰ ৰাজনৈতিক যুঁজখন অধিক আকৰ্ষণীয় হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd