• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনজাতিকৰণৰ দাবীত ২০ ডিচেম্বৰত দিছপুৰ লাষ্ট গেটত আক্ৰাছুৰ অৱস্থান ধৰ্মঘট

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 6, 2021 3:29 pm
159
VIEWS
Share on FacebookShare on Twitter

কমতাপুৰৰ দাবীত দীৰ্ঘদিনধৰি সশস্ত্ৰ আন্দোলনৰ পথ বাছি লোৱা কেএলঅৰ মুৰব্বীৰ সৈতে চৰকাৰে শান্তি আলোচনাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সেই প্ৰক্ৰিয়াক ক্ষীতিশ বৰ্মন নেতৃত্বাধীন সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে আদৰণি জনাইছে ৷

সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সভাপতি ক্ষীতিশ বৰ্মনে কয় যে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত আক্ৰাছুৰ লগতে অসম আৰু পশ্চিম বংগৰ কেইবাটাও সংগঠনে কেইবাদশক ধৰি গণতান্ত্ৰিক আন্দোলন কৰি আহিছে৷

ইয়াৰ লগতে কে এল অ নামৰ সশস্ত্ৰ সংগঠনটোৱেও সশস্ত্ৰ পন্থাৰে কমতাপুৰ ৰাজ্যৰ দাবীত বিভিন্ন ঘাত- প্ৰতিঘাতৰ মাজেৰে সংগ্ৰাম চলাই আছে ৷

কিন্তু দুই ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক টুইকযোগে সশস্ত্ৰ সংগঠন কে এল অই শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা বুলি উল্লেখ কৰিছে ৷

সেয়ে এই শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে আগবঢ়া এই পদক্ষেপৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কে এল অৰ সেনাধ্যক্ষ জীৱন সিংহক আক্ৰাছুৰ তৰফৰ পৰা আদৰণি জনাইছে ৷

আক্ৰাছুই এই শান্তি আলোচনাৰ জৰিয়তে ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এক গঠনমূলক সিদ্ধান্তত উপনীত হ’ব বুলি আশা প্ৰকাশ কৰে ৷

লগতে আন সশস্ত্ৰ সংগঠনসমূহ আলোচনাৰ মজিয়ালৈ অহাৰ সময়ত যি মৰ্যদা প্ৰদান কৰিছিল, সেইদৰে কে এল অকো সম মৰ্যদা প্ৰদান কৰি সমস্যাসমূহ সমাধানত গুৰুত্বাৰোপ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

সংবাদ মেলত শান্তি আলোচনা ক্ষেত্ৰত কেএলঅ’ৰ সেনাধ্যক্ষ জীবন সিংহৰ পদক্ষেপকো আদৰণি জনাইছে সংগঠনটোৱে ৷
ইপিনে সংবাদমেলত জনজাতিকৰণ সন্দৰ্ভত সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মনে গভীৰ ক্ষোভ প্ৰকাশ কৰি কয় যে আক্ৰাছুৱে দীৰ্ঘদিন ধৰি কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আন্দোলন কৰি আহিছে যদিও বৰ্তমান লৈকে জনজাতিকৰণৰ ক্ষেত্ৰত ৯০ শতাংশ কাম সম্পন্ন হোৱা বুলি বিগত চৰকাৰৰ শিক্ষামন্ত্ৰী তথা বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সভাত ঘোষণা কৰিছিল ৷

কিন্তু এতিয়ালৈকে জনজাতিকৰণ হোৱা নাই ৷ গতিকে আক্ৰাছুৱে পুনৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হোৱা বুলি প্ৰকাশ কৰি অহা ২০ ডিচেম্বৰত বিধান সভাৰ শীতকালীন অধিবেশনৰ সময়তে সংগঠনটোৱে দিছপুৰ লাষ্ট গেটত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বুলিও সংবাদ মেলত উল্লেখ কৰে ৷

লগতে ইয়াৰ পিছতো যদি অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে ,তেতিয়াহলে আগন্তুক দিনত আক্ৰাছুৱে অধিক শক্তিশালী ৰূপত আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি কয় ৷

সংবাদ মেলত আক্ৰছুৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd