সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ নৱগঠিত কেন্দ্ৰীয় সমিতিখনৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা আক্ৰাছুৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷
এই সন্দৰ্ভত আক্ৰাছুৰ সভাপতি ক্ষিতীশ বৰ্মন সমন্বিতে কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়াই মুখ্য কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি আক্ৰাছুৰ পৰৱৰ্তী কাৰ্যসূচী ঘোষণা কৰে।
সংবাদমেলত সংগঠনটোৰ সভাপতি বৰ্মনে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে আওকাণ কৰি কণা হাঁহক পতান দিয়াৰ লেখীয়া কাম কৰি থকাৰ বাবে কাৰ্যনিৰ্বাহক সভাত ক্ষোভ প্ৰকাশ কৰি আগন্তুক দিনৰ বাবে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাৱ লোৱা বুলি কয় ৷
সভাপতিগৰাকীয়ে ঘোষণা কৰা মতে সংগঠনটোৱে এই মাহৰ পৰাই প্ৰতিখন জিলা সমিতিৰ জৰিয়তে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ধাৰাবাহিক ভাৱে ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচী হাতত লৈছে।
আনহাতে অহা ডিচেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়তে দিছপুৰত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব।
ইয়াৰোপৰি পৰৱৰ্তী সময়ত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচীৰ উপৰি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সভাপতি গৰাকীয়ে সংবাদ মেলযোগে ঘোষণা কৰে। সংবাদ মেলত সভাপতি ক্ষিতীশ বৰ্মনে লগতে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে ধৈৰ্য সহকাৰে গণতান্ত্ৰিক ভাৱে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। সেয়ে চৰকাৰক অতি শীঘ্ৰে জনজাতিকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়।
তদুপৰি জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন কি পৰ্যায়ত আছে সেয়াও ৰাজহুৱা কৰিবলৈ দাবী জনায়। আনহাতে চিলাৰায় সেনা, মহিলা সমিতি আৰু আক্ৰাছুৰ দুবছৰ সম্পূৰ্ণ হোৱা জিলা সমিতিসমূহৰ অধিৱেশন অহা ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সংগঠনটোৱে জিলা সমিতিসমূহক নিৰ্দেশ দিয়া বুলিও জানিবলৈ দিয়ে ৷
আনহাতে সংগঠনটোৰ আগন্তুক শ্বহীদ দিৱস বাকসা জিলাত, চিলাৰায় দিৱস শিৱসাগৰ জিলাত আৰু প্ৰতিষ্ঠা দিৱস ওদালগুৰি জিলাত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদমেল যোগে জানিব দিয়ে।
সংবাদ মেলত সভাপতি গৰাকীয়ে কমতাপুৰৰ নামেৰে স্বায়ত্ব শাসিত পৰিষদ গঠন কৰা কাৰ্যক চৰকাৰক ধন্যবাদ জনাই কাৰ্যত এই পৰিষদক আগুৱাই নিবলৈ আহ্বান জনায়। লগতে কয় যে যেতিয়ালৈকে জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী পূৰণ নহয় তেতিয়ালৈকে আক্ৰাছুই অবিৰতভাৱে আন্দোলন চলাই যাব ৷
আক্ৰাছুই শীতকালীন অধিৱেশনৰ সময়তে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধান কৰি মৰ্যদা প্ৰদানৰ দাবী জনায় ৷
সংবাদ মেলত আক্ৰাছুৰ উপদেষ্টা শিৱানন বৰ্মন, উপ সভাপতি ব্ৰজেন ৰায়, সহকাৰী সম্পাদক শান্ত কুমাৰ ৰায়, কাৰ্যালয় সম্পাদক নিৰ্মল চৌধুৰী আদি উপস্থিত থাকে ৷