• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতৃক হত্যা কৰিছিল আল কায়দায়ে, ককায়েকক হত্যা কৰিছিল আইছিছে, এতিয়া মাতৃৰ বাবে ঘৰ সজাৰ সপোন ইৰাকৰ গ’লদাতা আয়মেনৰ

দেউতাকৰ সপোন আছিল নিজৰ এটা সুন্দৰ ঘৰ হোৱাৰ। সেই ঘৰটোত হুছেইন পৰিয়ালে সুখেৰে দিন কটাব বুলি ভাবিছিল। কিন্তু ২০০৮ চনত এটা ভয়ংকৰ ঘটনাই গোটেই পৰিয়ালটোক থানবান কৰি পেলালে। সন্ত্ৰাসবাদী সংগঠন আল কায়দায়ে তেওঁৰ পিতৃক হত্যা কৰিলে। আনহাতে আই এছ আই এছে তেওঁৰ ককায়েকক হত্যা কৰিলে। আৰু সেই পৰিয়ালৰ সন্তান আয়মেন হুছেইনে আজি ইৰাকৰ হৈ বিশ্বকাপত গ'ল দিলে। আৰ্লিং হালান্দৰ নৰৱেৰ বিৰুদ্ধে ইৰাকে খেলখনত জিকিব নোৱাৰিলে যদিও আয়মেনে এক নতুন ইতিহাস ৰচিলে। খেলখনত ইৰাকে ১-৪ গ'লত হাৰিল। কিন্তু যুদ্ধৰ আতংকক জয় কৰি এক নতুন প্ৰত্যাৱৰ্তনৰ কাহিনী লিখিলে আয়মেনে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 3:48 pm
114
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেউতাকৰ সপোন আছিল নিজৰ এটা সুন্দৰ ঘৰ হোৱাৰ। সেই ঘৰটোত হুছেইন পৰিয়ালে সুখেৰে দিন কটাব বুলি ভাবিছিল। কিন্তু ২০০৮ চনত এটা ভয়ংকৰ ঘটনাই গোটেই পৰিয়ালটোক থানবান কৰি পেলালে। সন্ত্ৰাসবাদী সংগঠন আল কায়দায়ে তেওঁৰ পিতৃক হত্যা কৰিলে। আনহাতে আই এছ আই এছে তেওঁৰ ককায়েকক হত্যা কৰিলে। আৰু সেই পৰিয়ালৰ সন্তান আয়মেন হুছেইনে আজি ইৰাকৰ হৈ বিশ্বকাপত গ‘ল দিলে। আৰ্লিং হালান্দৰ নৰৱেৰ বিৰুদ্ধে ইৰাকে খেলখনত জিকিব নোৱাৰিলে যদিও আয়মেনে এক নতুন ইতিহাস ৰচিলে। খেলখনত ইৰাকে ১-৪ গ’লত হাৰিল। কিন্তু যুদ্ধৰ আতংকক জয় কৰি এক নতুন প্ৰত্যাৱৰ্তনৰ কাহিনী লিখিলে আয়মেনে।

বষ্টন ষ্টেডিয়ামত অনুষ্ঠিত আই গ্ৰুপৰ খেলখনৰ আৰম্ভণিতে নৰৱে দলটো আগবাঢ়ি গৈছিল। ২৯ মিনিটত হালান্দে গ‘ল কৰিছিল। তাৰ পিছত ৩৯ মিনিটত আল আম্মাৰিৰ পাছৰ পৰা মূৰেৰে আঘাত কৰি আয়মেনে ইৰাকক সমতালৈ ঘূৰাই আনে। কিন্তু সেই আনন্দ বেছি সময় নাথাকিল। ৪ মিনিটৰ ভিতৰত হালান্দৰ আন এটা গ’লৰ জৰিয়তে ইউৰোপৰ দেশখনে পুনৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত ৭৬ মিনিটত লিঅ’ অষ্টিগাৰ্ডে গ’ল দিয়ে। আৰু খেলৰ একেবাৰে শেষৰ ফালে ইৰাকৰ আত্মঘাতী গ’লৰ ফলত নৰৱেৰ ব্যৱধান অধিক বাঢ়ি যায়। সেই আত্মঘাতী গ’লটো আয়মেনৰ গাতে লাগি হৈছিল।

Apply Now

৪০ বছৰৰ মূৰত ইৰাকে পুনৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে। আন্তঃমহাদেশীয় যোগ্যতা অৰ্জন পৰ্বত বলিভিয়াক ২-১ গ‘লত পৰাস্ত কৰি ইৰাকে বিশ্বকাপৰ টিকট লাভ কৰে। সেই খেলখনতো বিজয়সূচক গ’লটো আয়মেনৰ ভৰিৰ পৰাই আহিছিল। ইৰাকৰ যুদ্ধ বিধ্বস্ত আল হাজৱা অঞ্চলত তেওঁৰ জন্ম হৈছিল। চাৰিওফালে কেৱল বন্দুকৰ শব্দ আৰু মৃত্যুৰ কিৰিলিৰ মাজতেই তেওঁ ডাঙৰ দীঘল হৈছিল। সেই ভয়ংকৰ পৰিৱেশৰ পৰা বাচি থকাৰ একমাত্ৰ উপায় আছিল ফুটবল। মাত্ৰ ১২ বছৰ বয়সতে তেওঁ পিতৃক হেৰুৱাইছিল। তেওঁৰ পিতৃ ইৰাকৰ সেনাবাহিনীত আছিল। নিজৰ ঘৰ সজাবৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ যোৱাৰ সময়তেই আল কায়দায়ে তেওঁক হত্যা কৰিছিল।

আজিও তেওঁলোকৰ সেই ঘৰটো অসম্পূৰ্ণ হৈয়ে আছে। প্ৰথম খেলখনৰ আগতে ফিফাক দিয়া এটা সাক্ষাৎকাৰত আয়মেনে কৈছিল যে তেওঁ আজিও সপোন দেখে, টকা গোটাই গাঁৱলৈ গৈ দেউতাকে আৰম্ভ কৰা সেই ঘৰটোৰ কাম সম্পূৰ্ণ কৰিব। কিন্তু তেওঁৰ দুখৰ কাহিনী কেৱল দেউতাকৰ মৃত্যুতেই শেষ হোৱা নাছিল। ফুটবল খেলা আৰম্ভ কৰাৰ পিছত তেওঁ মাকক গাঁও এৰি গুচি আহিবলৈ কৈছিল। কিন্তু মাকে মান্তি হোৱা নাছিল। এদিন তেওঁ গম পালে যে তেওঁৰ ককায়েক নিৰুদ্দেশ হৈছে। আৰু তাৰ পিছত তেওঁ কেতিয়াও ঘূৰি নাহিল। সেই সময়ত সেই অঞ্চলটো আই এছ আই এছৰ দখলত আছিল। দেউতাকৰ দৰে তেওঁৰ ককায়েকো সেনাবাহিনীত কাম কৰিছিল।

An opening match win for Norway 🇳🇴#FIFAWorldCup

— FIFA World Cup (@FIFAWorldCup) June 17, 2026

ককায়েক নিৰুদ্দেশ হোৱাৰ পিছত আয়মেনে ফুটবল খেলাৰ সকলো আগ্ৰহ হেৰুৱাই পেলাইছিল। তেওঁ ফুটবল এৰি দিয়াৰ সিদ্ধান্ত লৈছিল। তেনে এক কঠিন সময়ত তেওঁৰ মাকে তেওঁক সাহস দিছিল। মাকে বিচাৰিছিল আয়মেনে যাতে কেতিয়াও সপোন দেখা বন্ধ নকৰে। সেই সপোনৰ পিছত দৌৰিয়েই তেওঁ ইৰাক দলত স্থান পালে আৰু বিশ্বকাপলৈ আমন্ত্ৰণ পালে। বৰ্তমান তেওঁ ইৰাকৰ আল কাৰমা নামৰ ক্লাবটোৰ হৈ খেলে। ইৰাকত তেওঁক মেছোপটেমিয়াৰ সিংহ বুলি জনা যায়। কিন্তু আমেৰিকালৈ আহিও তেওঁ বিপদত পৰিছিল। আমেৰিকাত ভৰি দিয়াৰ লগে লগেই তেওঁক অনুপ্ৰৱেশ বিভাগৰ বিষয়াসকলে ৭ ঘণ্টাৰ বাবে আৱদ্ধ কৰি ৰাখিছিল আৰু তেওঁৰ ফোনটো তন্ন তন্নকৈ পৰীক্ষা কৰিছিল। ইমানবোৰ কষ্ট আৰু পিতৃ তথা ককায়েকক হেৰুৱাৰ যন্ত্ৰণা লৈ আৰম্ভ কৰা যাত্ৰাৰ অন্তত তেওঁ বিশ্বকাপত গ‘ল কৰিবলৈ সক্ষম হ’ল। এতিয়া নিশ্চয় আয়মেনে নিজৰ অসম্পূৰ্ণ ঘৰটো সম্পূৰ্ণ কৰিব পাৰিব।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am
চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd