• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘প্ৰদূষণমুক্ত দেৱালী : এয়ে আমাৰ ভৱিষ্যৎ’ শীৰ্ষক শ্ল’গানেৰে সেউজ দেৱালী উদযাপনৰ আহ্বান

NE NOW NEWS এন ই নাও নিউজ
নগাওঁ , November 6, 2018 11:24 am

2 min read

b02b240a-d1dc-42b1-8d5f-9438a79f3693

প্রদূষণমুক্ত দেৱালী উদযাপনৰ বাবে আহ্বান জনাই নগাওঁ কলেজৰ শিক্ষাৰ্থী। ফটো : নৰ্থইষ্ট নাও

355
VIEWS
Share on FacebookShare on Twitter

দেৱালীৰ ফটকাই শব্দ প্ৰদূষণ কৰাৰ লগতে বায়ু প্ৰদূষিত কৰে। ভৱিষ্যতৰ পৃথিৱীখনৰ বাবে নগাঁও কলেজ চৌহদত সোমবাৰে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে হাতে হাতে প্লেকাৰ্ড আৰু বেনাৰ লৈ তথা ‘প্ৰদূষণমুক্ত দেৱালী : এয়ে আমাৰ ভৱিষ্যৎ’ শীৰ্ষক শ্ল’গানেৰে এক বৃহৎ মানৱ শৃংখল গঢ়ি সেউজ দেৱালী উদযাপনৰ বাবে সচেতনতা সৃষ্টিৰ এক ব্যতিক্ৰমধৰ্মী প্ৰয়াস কৰে।

পুৱা চাৰে দহ বজাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পৰা ওলাই আহি এই মানৱ শৃংখলত অংশগ্ৰহণ কৰে। কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি-সাধাৰণ সম্পাদককে ধৰি এন-এছ-এছৰ সদস্যসকল, এন-চি-চিৰ সদস্যসকলে ভাগ লোৱা এই মানৱ শৃংখলত বেলুন ফুটাই ফটকাৰ দৰে শব্দৰ সৃষ্টি কৰি সেউজ ফটকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইয়াৰ উপৰিও দেৱালীৰ প্ৰাক্ মুহূৰ্তত ছাত্ৰ-ছাত্ৰীসকলে মিঠাই বিলাই ইজনে সিজনক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰি এক ব্যতিক্ৰমধৰ্মী কাৰ্যসূচী ৰূপায়ণ কৰে। নগাঁও কলেজৰ অধ্যক্ষ ড০  শৰৎ বৰকটকীয়ে প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এনে প্ৰয়াসক আদৰণি জনায়।

ছাত্ৰ একতা সভাৰ সভাপতি আয়াশ আহমেদ আৰু সাধাৰণ সম্পাদক কীৰ্তিকমল বৰাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই সচেতনতাৰ সৃষ্টি হ’লে ভৱিষ্যতে পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত ই এক বলিষ্ঠ পদক্ষেপ বুলি অভিহিত হ’ব।

এন-এছ-এছৰ তত্ত্বাৱধায়ক ড০ ভুবন চন্দ্ৰ চুতীয়াই মানৱ শৃংখলত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী, অধ্যাপক- অধ্যাপিকা সকলোকে ধন্যবাদ জ্ঞাপন কৰি ব্যক্ত কৰে যে নগাঁও কলেজৰ চৌহদ ইতিমধ্যে আতচবাজী আৰু প্লাষ্টিকমুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু কলেজৰ এন-এছ-এছ গোটৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলে ধাৰাবাহিকভাবে প্ৰতি বছৰে জীৱকুল আৰু মানৱ দেহৰ ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত বিভিন্ন প্ৰদূষিত আতচবাজীৰ বিৰুদ্ধে সজাগতাৰ উদ্দেশ্যে মানৱ শৃংখল গঢ়ি আহিছে।

কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ চিন্তামণি শৰ্মাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয় যে উচ্চ প্ৰাবল্যৰ আতচবাজীয়ে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ লগতে মানৱ জাতি আৰু সমগ্ৰ পক্ষীকুলৰ বাবে ভয়াৱহতাৰ সৃষ্টি কৰিছে।

নগাঁও কলেজৰ পৰিবেশ ৰক্ষাৰ এনে ব্যতিক্ৰমী কাৰ্যসূচীক নগাঁও জিলাৰ বৌদ্ধিক মহলে উষ্ণ আদৰণি জনোৱাৰ লগতে সমাজৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মতপোষণ কৰিছে।

Recent News

a day

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

Debabrata-Saikia22

জনসভাৰ পূৰ্বে নৰেন্দ্ৰ মোদীক শিৱসাগৰক লৈ কৰা পূৰ্বৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দিলে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd