• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক, মাৰপিট আৰু হত্যাৰ ভাবুকিৰ অভিযোগ! গ্ৰেপ্তাৰ ক্ৰিকেটাৰ অভিষেক পোড়েল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 11, 2026 6:45 pm
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিয়াৰ প্ৰতিশ্ৰুতি দি এগৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰীৰ সৈতে একাধিকবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ। তাৰ পিছত মাৰপিট, বিয়াৰ পৰা আঁতৰি যোৱা আৰু আনকি হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে বংগৰ ক্ৰিকেটাৰ অভিষেক পোড়েলৰ বিৰুদ্ধে। এই অভিযোগৰ ভিত্তিত অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আইপিএলত দিল্লী কেপিটেলছৰ হৈ খেলা ক্ৰিকেটাৰগৰাকীক। দমদম থানাৰ অন্তৰ্গত ইমামী চিটিৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে হুগলী গ্ৰামীণ আৰক্ষীয়ে। এগৰাকী চিকিৎসা ছাত্ৰীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰে আৰক্ষীয়ে।

অভিযোগকাৰিণীৰ দাবী অনুসৰি, বিগত প্ৰায় তিনি বছৰ ধৰি অভিষেক পোড়েলৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আছিল। আৰম্ভণিতে দুয়োৰে মাজৰ সম্পৰ্ক ভালেই আছিল। কিন্তু যোৱা বছৰৰ পৰা সম্পৰ্কত ফাট মেলিবলৈ আৰম্ভ কৰে। অভিযোগ অনুসৰি, সেই সময়ৰ পৰাই অভিষেকে তেওঁৰ পৰা ক্ৰমে দূৰত্ব বজাই ৰাখিবলৈ আৰম্ভ কৰে।

Apply Now

যুৱতীগৰাকীৰ অভিযোগ, অভিষেকে তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দি একাধিকবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। কিন্তু পিছলৈ বিয়াৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ লগতে তেওঁক শাৰীৰিকভাৱে নিৰ্যাতন কৰাৰ আৰু ভয়-ভাবুকি দিয়াৰো অভিযোগ উত্থাপন হৈছে।

অভিযোগকাৰীয়ে যোৱা জুন মাহত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ কাষ চাপে। তেওঁ দাখিল কৰা অভিযোগত ধৰ্ষণ, শাৰীৰিক নিৰ্যাতন আৰু অপৰাধমূলক ভাবুকিৰ কথা উল্লেখ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

এফআইআৰত থকা অভিযোগ অনুসৰি, ঘটনাটো ইয়াতেই শেষ নহয়। যুৱতীগৰাকীয়ে দাবী কৰিছে যে অভিষেকে তেওঁক জোৰকৈ আবদ্ধ কৰি ৰাখিছিল। কেইবাদিনো তেওঁক খাবলৈ দিয়া হোৱা নাছিল আৰু বাহিৰৰ পৃথিৱীৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ৰখা হৈছিল। ইয়াৰ ফলত তেওঁ শাৰীৰিকভাৱে অত্যন্ত দুৰ্বল হৈ পৰিছিল বুলি অভিযোগত উল্লেখ কৰা হৈছে।

এফআইআৰৰ বৰ্ণনা অনুসৰি, যুৱতীগৰাকী ইমানেই দুৰ্বল হৈ পৰিছিল যে ঠিকমতে খোজ কাঢ়িবও পৰা নাছিল। অৱশ্যে ইয়াৰ পূৰ্বে সংবাদমাধ্যমৰ আগত ক্ৰিকেটাৰ অভিষেক পোড়েলে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছিল।

জুন মাহত অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। এগৰাকী আৰক্ষী বিষয়াই সংবাদ সংস্থা পিটিআইক জনোৱা অনুসৰি, আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পিছত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছিল। পিছত গোচৰটো কলকাতা উচ্চ ন্যায়ালয়লৈ যায়। আদালতে বিষয়টোত কঠোৰ স্থিতি গ্ৰহণ কৰি অভিষেক পোড়েলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে।

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে হুগলী গ্ৰামীণ আৰক্ষীয়ে অভিযান চলায়। আৰক্ষী অধীক্ষক কুণৱাৰ ভূষণ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দমদমৰ ইমামী চিটিৰ পৰা অভিষেক পোড়েলক গ্ৰেপ্তাৰ কৰে।

ইফালে ক্ৰিকেটৰ পথাৰত অভিষেক পোড়েলৰ উত্থান আছিল যথেষ্ট উল্লেখযোগ্য। ২০২১-২২ ছিজনত বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে তেওঁৰ। এতিয়ালৈকে তেওঁ ৩২খন প্ৰথম শ্ৰেণীৰ মেচ আৰু ২৩খন লিষ্ট ‘এ’ মেচ খেলিছে। ভাৰত ‘এ’ দলৰ হৈ ব্ৰিটেইন আৰু অষ্ট্ৰেলিয়াও ভ্ৰমণ কৰিছে।

২০২৩ চনৰ পৰা আইপিএলত দিল্লী কেপিটেলছৰ হৈ খেলি আহিছে বাঁওহতীয়া বেটাৰগৰাকীয়ে। যোৱা ছিজনত চাৰিটা ইনিংছত তেওঁৰ বেটৰ পৰা আহিছিল ১০৮ ৰান। ক্ৰিকেটাৰগৰাকীৰ গ্ৰেপ্তাৰৰ পিছত তেওঁ কেৰিয়াৰ কি হ’ব তাকে লি চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

ৰাজনীতিলৈ যাব দেৱাশীষ শৰ্মা, আৰণ্যক শইকীয়াক নগাঁৱৰ জিলা আয়ুক্ত হিচাপে নিযুক্তি

September 4, 2026 9:32 am
এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

এদিনতে ছয়জনক দোষী সাব্যস্ত, পাঁচজনক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিলে ডিব্ৰুগড়ৰ আদালতে

September 4, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

ইউক্ৰেইনক অস্ত্ৰ যোগানক লৈ বিপদত এষ্ট’নিয়া; বিতৰ্কত ভাৰতীয় কোম্পানী, প্ৰতিৰক্ষা মন্ত্ৰীৰ পদত্যাগ

September 4, 2026 11:31 am
নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

নেপালৰ বিধ্বংসী বানৰ ৯ দিন পাছত জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ দুজন শ্ৰমিক

September 4, 2026 10:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd