• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাঞ্চল্যকৰ প্ৰদৰ্শনেৰে চীন দেশত উজলিল অসম কন্যা অম্ব্ৰিকা নাৰ্জাৰী

১৭ অনূৰ্ধ্ব তৃতীয় এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপৰ লং জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন অম্ব্ৰিকা নাৰ্জাৰীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 19, 2019 9:56 am

2 min read

Ambrika Narzary

ফটো উৎস : ফেচবুক

1.6k
VIEWS
Share on FacebookShare on Twitter

চাঞ্চল্যকৰ প্ৰদৰ্শনেৰে ভাৰতীয় এথলেটিকছ জগতত খলকনি তুলিছে অসমৰ এগৰাকী প্ৰতিভা সম্পন্ন যুৱ এথলীটে। নাম অম্ব্ৰিকা নাৰ্জাৰী । সকলোৰে অজ্ঞাতে চীন দেশৰ হংকং চহৰত অনুষ্ঠিত হৈ থকা ১৭ অনূৰ্ধ্ব তৃতীয় এছিয়ান য়ুথ এথলেটিকছ চেম্পিয়নশ্বিপৰ লং জাম্প ইভেণ্টত এথলীটগৰাকীয়ে লাভ কৰিছে ব্ৰঞ্জৰ পদক।

ইতিমধ্যে চৰ্চা লাভ কৰা অত্যন্ত প্ৰতিভাশালী এথলীটগৰাকীয়ে প্ৰতিযোগিতাখনৰ লং জাম্পত (৫.৭৩ মিটাৰ) ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ অসমবাসীকে গৌৰৱান্বিত কৰিছে।

চিৰাং জিলাৰ বিজনীৰ শিলবাৰীৰ দৰিদ্ৰ কৃষক হৰেশ্বৰ নাৰ্জাৰী (হেমংগ নাৰ্জাৰী) আৰু মাতৃ জাউলি নাৰ্জাৰীৰ দ্বিতীয় কন্যা অম্ব্ৰিকা নাৰ্জাৰীৰ এই সাফল্যত জন্মস্থানৰ লগতে চিৰাং জিলাত এক আনন্দময় তথা উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে।

চিৰাং জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ এখন আগশাৰীৰ প্ৰতিযোগিতাত পদক জয় কৰাটো কষ্টকৰ আছিল যদিও সেয়া বাস্তৱত পৰিণত কৰাত স্বাভাৱিকতে আনন্দৰ বিষয় বুলি জিলাখনৰ বিভিন্ন দল-সংগঠনে ব্যক্ত কৰে। অম্ব্ৰিকাৰ সাফল্যৰ বাবে এবছুৰ বিজনী আঞ্চলিক সমিতিৰ তৰফৰ পৰা পিতৃ-মাতৃক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

কোকৰাঝাৰৰ ছাইত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰা উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী অম্ব্ৰিকা নাৰ্জাৰীয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পাঁচটাকৈ সোণ আৰু এটা ব্ৰঞ্জৰ পদকৰে নিজৰ প্ৰতিভাৰ উমান দি থৈছে।

উল্লেখ্য যে ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসীক দুৰন্ত গতিৰে আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাসৰ পাছত এথলেটিকছ জগতৰ নৱতম চাঞ্চল্য অম্ব্ৰিকা নাৰ্জাৰীয়ে লং জাম্পত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব বুলি ক্ৰীড়া সমালোচক তথা বিশ্লেষকসকলে ধাৰণা কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd