কোভিড-১৯ৰ সমান্তৰালকৈ ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে গাহৰিৰ ছোৱাইন ফিভাৰে।ৰাজ্যখনৰ ছয়খনকৈ জিলাত ইতিমধ্যে চৰকাৰে গাহৰি কিনা বেচা নিষিদ্ধ ঘোষণা কৰিছে।
ছোৱাইন ফিভাৰৰ বাবে অসমৰ কেইবাখনো জিলাত অস্বাভাৱিক ভাৱে গাহৰিৰ মৃত্যু হৈছে। সেয়ে এতিয়া শংকিত কৰি তুলিছে গাহৰি পালক সকলক।
যোৰহাট জিলাৰ এলেংমৰাৰ কলবাৰী অঞ্চলত এই পৰ্যন্ত ১৩ টা গাহৰিৰ মৃত্যু হোৱা বুলি যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰই ঘোষণা কৰিছে যদিও এই সমূহ গাহৰিৰ মৃত্যুৰ কাৰণ অৱশ্যে ছোৱাইন ফিভাৰ বুলি নিশ্চিত নহয় কৃষি বিকাশ কেন্দ্ৰ।
অৱশ্যে, কৃষি বিজ্ঞান কেন্দ্ৰৰ চিকিৎসকৰ মতে গাহৰি পালনৰ ক্ষেত্ৰত বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰাৰ ফলতেই ছোৱাইন ফিভাৰ সদৃশ ৰোগ অধিক সংঘটিত হৈছে।
ইতিমধ্যে চিকিৎসকলে গাঁৱে গাঁৱে গৈ টীকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু নিৰ্দিষ্ট নীতি-নিৰ্দেশনাৰ মাজেদি গাহৰিসমূহ পালন কৰিবলৈ পালকসকলক সজাগ কৰিছে।
ইপিনে, গাহৰি পালক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে।গাহৰি ফাৰ্মত উৎপাদিত গাহৰি পোৱালি সমূহ বিক্ৰী কৰিব পৰা নাই বজাৰত। ইয়াৰ ফলত ফাৰ্মত স্থানৰ অভাৱত এতিয়া গাহৰি পোৱালি সমূহ ৰখাত সমস্যাৰ সৃষ্টি হৈছে।
গাহৰি পালকসকলৰ জীৱনলৈ নামি অহা এই দুৰ্যোগৰ সময়ত পশুপালন বিভাগৰ মন্ত্ৰী তথা বিভাগটোৰ উচ্চ পৰ্যায়ৰ বিষয়া সকলে যদি বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে গৰিষ্ঠ সংখ্যক গাহৰি পালক অধিক সংকটৰ গৰাহত পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে।