প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহক বিদেশী সজাই ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা ঘটনাৰ পাছত এইবাৰ আন এগৰাকী ভাৰতীয় মহিলা বিশ্বনাথৰ অমিলা চাহক বিদেশী সজাই ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰা ঘটনা পোহৰলৈ আহিছে।
জামুগুৰিহাট থানাৰ অন্তৰ্গত ধলাইবিলৰ নিবাসী ৰাম দুলাল চাহৰ পত্নী অমিলা চাহ বিশ্বনাথ জিলাৰ প্ৰতাপগড় চাহ বাগিচাৰ প্ৰয়াত কেশৱ প্ৰসাদ গুপ্তাৰ জীয়ৰী। কেশৱ প্ৰসাদৰ ১৯৫১ৰ এন আৰ চিত নাম থকাই নহয়, তেওঁলোকৰ পৰিয়াল বৃটিছৰ যুগৰ পৰাই অসমত আছিল।
এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰতি সম্পূৰ্ণ সহযোগ আগবঢ়াই অমিলাই নিজৰ পিতাৰ লিগেছি প্ৰদান কৰাৰ লগতে সম্পৰ্ক স্থাপনৰ বাবে প্ৰতাপগড় চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ পত্ৰ, প্ৰতাপগড় চাহ বাগিচাত জন্মৰ প্ৰমানপত্ৰ আৰু পেন(PAN )কাৰ্ড জমা দিছিল। তথাপি তেওঁক সীমান্ত আৰক্ষীয়ে বিদেশী বুলি গোচৰ তৰে।
বিদেশী গোচৰ নং D/C 5424/13ৰ ভিত্তিত শোণিতপুৰ জিলাৰ সীমান্ত আৰক্ষীয়ে কোনো আইনগত প্ৰমাণ নোহোৱাকৈ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অমিলাই অসমত প্ৰৱেশ কৰা বুলি গোচৰ তৰে আৰু শোণিতপুৰ, তেজপুৰৰ বিদেশী ন্যায়াধীকৰণ (দ্বিতীয়)ই প্ৰেৰণ কৰা এক জাননীৰে তেওঁক ২০১৮ চনৰ ৪জুন তাৰিখে আদালতত হাজিৰ হ’বলৈ কয়।
সেই ভিত্তিত তেওঁ আদালতত উপস্থিত হৈ প্ৰয়োজনীয় নথি পত্ৰ জমা দিয়ে। তাৰোপৰি ২০১৯ চনৰ ৩০ জানুৱাৰিত লিখিত কপি দাখিল কৰাৰ লগতে মাতৃয়ে সাক্ষ্য প্ৰদান কৰে। আদালতত তেওঁ বিহাৰী সম্প্ৰদায়ৰ লোক বুলিও জনোৱা হৈছিল। ইমানৰ পাছতো ১৫ জুনত তেওঁ তেজপুৰ আদালতত হাজিৰ হোৱাত গ্ৰেপ্তাৰ কৰা হয় আৰু বৰ্তমান তেজপুৰ ডিটেনচন কেম্পত ৰখা হৈছে।
এই ঘটনাক চি পি আই (এম)-এ কঠোৰ ভাষাৰে গৰিহণা দি কয়, ‘এইটো ঘটনাই স্পষ্ট কৰিছে যে, অসম আৰক্ষীৰ সীমান্ত শাখাই যধে মধে কোনো অনুসন্ধান নকৰাকৈয়ে গোচৰ ৰুজু কৰিছে আৰু বিদেশী ন্যায়াধীকৰণে এক সম্পূৰ্ণ বিসংগতিপূৰ্ণ প্ৰক্ৰিয়াৰ মাজেৰে অমিলা চাহক ডিটেনচন শিবিৰলৈ প্ৰেৰণ কৰিলে।’
চি পি আই (এম)-এ অসম চৰকাৰৰ হস্তক্ষেপত তেওঁৰ নথি-পত্ৰ পুনৰ পৰীক্ষা কৰি শীঘ্ৰে অমিলা চাহক মুক্তি দিবলৈ দাবী জনায়।