কিছুদিন ধৰি জনচক্ষুৰ আঁৰত থকা দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যক লৈ বিভিন্ন মিডিয়াত প্ৰকাশ পোৱা শংকা শনিবাৰে দূৰ কৰিলে অমিত শ্বাহে নিজেই।
এটা টুইটৰ জৰিয়তে নিজৰ শুভাকাংক্ষীসকলক তেওঁ জানিবলৈ দিয়ে যে তেওঁ সম্পূৰ্ণ সুস্থ আৰু অসুস্থতা সম্পৰ্কীয় খৱৰ ভুৱা।
ছচিয়েল মিডিয়াত অমিত শ্বাহৰ স্বাস্থ্য সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল। কিন্তু তেওঁ নিজেই সুস্থতাৰ কথা প্ৰকাশ কৰি সেই সকলো জল্পনা-কল্পনাৰ ওৰ পেলালে।
হিন্দীত টুইট কৰি তেওঁ কয়,’’যেতিয়া এই বাতৰিবোৰ মোৰ দৃষ্টিলৈ আহে মই ভাৱিলো মানুহে নিজৰ কল্পনাতে মজি থাকক। সেয়েহে, মই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলো।‘’
‘’ মোৰ কেইবাজনো বন্ধুৰ দৰে লোকে মোৰ সম্পৰ্কত ছচিয়েল মিডিয়াত অপপ্ৰচাৰ কৰিছে। কোনো কোনোৱেতো মোৰ আত্মাৰ শান্তি কামনাও কৰিছে। দেশে যেতিয়া কৰ’না ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিছে আৰু দেশৰ গৃহ মন্ত্ৰীগৰাকীয়ে দেৰিলৈকে নিশা মন্ত্ৰ্যালয়ৰ কামত ব্যস্ত থাকে তেতিয়া এইবোৰ বিষয়ে চিন্তা কৰাৰ অৱকাশ নাথাকে,’’-তেওঁ লগতে কয়।
मेरे स्वास्थ्य की चिंता करने वाले सभी लोगों को मेरा संदेश। pic.twitter.com/F72Xtoqmg9
— Amit Shah (@AmitShah) May 9, 2020
অপপ্ৰচাৰ কৰা সকলক লক্ষ্য কৰি তেওঁ লিখিছে:’’হিন্দুসকলৰ মাজত এটা ধাৰণা আছে যে, এনেধৰণৰ মিছা খৱৰে স্বাস্থ্য আৰু প্ৰাণৱন্ত কৰি তোলে। মই আশা কৰো তেওঁলোকে এইবাৰ ব্যৰ্থ চেষ্টা ত্যাগ কৰি নিজেও কামত লাগিব আৰু মোকো কাম কৰিবলৈ দিব।‘’
অমিত শ্বাহে লগতে তেওঁৰ শাৰীৰিক সুস্থতা কামনা কৰা শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰিছে।
উল্লেখ্য যে যোৱা এপ্ৰিল মাহৰ প্ৰথম ভাগত এটা হিন্দী সংবাদ গোষ্ঠীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা বুলি দাবী কৰি বাতৰি প্ৰচাৰ কৰাৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল।
চৰকাৰী এজেঞ্চি প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো চমুকৈ পি আই বিয়ে তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোখন ভূৱা বুলি স্পষ্টীকৰণ দিছিল।
‘‘মানুহৰ মনত ভ্ৰান্তিৰ সৃষ্টি কৰাৰ উদ্দেশ্যে এনে ভূৱা ফটো প্ৰচাৰ কৰা হৈছে। এনে ধৰণৰ ফটো শ্বেয়াৰ আৰু ফৰোৱাৰ্ড নকৰিব,’’ বুলিও পি আই বিয়ে নিজৰ টুইটাৰত উল্লেখ কৰিছিল।