• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মণিপুৰ

হিংসাৰ এপেষক পাছত মণিপুৰত অমিত শ্বাহ: শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে বিভিন্ন পক্ষৰে বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2023 7:19 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত অশান্তজৰ্জৰ মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। বিগত প্ৰায় এমাহ ধৰি গোষ্ঠীগত সংঘৰ্ষৰ বাবে  হিংসাত্মক পৰিস্থিতিত স্থবিৰ হৈ পৰা ৰাজ্যখনত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ আহ্বানেৰে বিভিন্ন পক্ষৰে আলোচনাত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে।

মংগলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শীৰ্ষ নিৰাপত্তা বিষয়াৰ উপৰিও কুকি আৰু মেইটেই নেতা আৰু নাগৰিক সমাজৰ বিভিন্ন গোটক সাক্ষাৎ দি গোষ্ঠী সংঘৰ্ষৰ স্থায়ী সমাধানৰ বাবে চেষ্টা কৰে।

গৃহমন্ত্ৰী শ্বাহে ইয়াৰ লগতে হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটা চুৰাচান্দপুৰতো উপস্থিত হয়। কুকি অধ্যুষিত চুৰাচান্দপুৰ জিলালৈ উৰাজাহাজেৰে যোৱাৰ পূৰ্বে ৰাজধানী ইম্ফলত গৃহমন্ত্ৰী শ্বাহে মেইটেই জনগোষ্ঠীৰ বিভিন্ন গোট, মহিলা আৰু বিশিষ্ট ব্যক্তিৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰে।

Apply Now

ইপিনে ৰাতি তেওঁ সৰ্বদলীয় বৈঠক আৰু কেন্দ্ৰীয় আৰক্ষী বাহিনী, মণিপুৰ আৰক্ষী আৰু সেনাবাহিনীৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ৰাজ্যখনত শান্তি পুনঃপ্ৰতিষ্ঠা কৰিবলৈ আহ্বাৱ জনায়। তেওঁ লগতে ৰাজভৱনত মণিপুৰৰ মহিলা নেত্ৰী মেইৰা পাইবিৰ নেতৃত্বত এটা দলৰ সৈতেও আলোচনাত মিলিত হয়।

ইয়াৰ পাছতে গৃহমন্ত্ৰী শ্বাহে টুইটযোগে কয়, “মণিপুৰত মহিলা নেত্ৰী (মেইৰা পাইবি)ৰ এটা দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰো। মণিপুৰী সমাজত মহিলাৰ ভূমিকাৰ অতি তাৎপৰ্য। আমি একেলগে ৰাজ্যখনৰ শান্তি আৰু সমৃদ্ধি নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হওঁ।”

গৃহ মন্ত্ৰণালয়ৰ এগৰাকী মুখপাত্ৰৰ মতে, শ্বাহে পুৱা ইম্ফলত বিশিষ্ট ব্যক্তিসকলৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হয় আৰু মণিপুৰত শান্তিৰ প্ৰতিষ্ঠাৰ প্ৰতি তেওঁ দায়বদ্ধ ব্যক্তিসকলক আশ্বাস দিয়ে।

শ্বাহে আৰু কয়, “আজি ইম্ফলত বিভিন্ন নাগৰিক সমাজৰ সংগঠনৰ সদস্যসকলৰ সৈতে এক ফলপ্ৰসূ আলোচনা কৰিলোঁ। তেওঁলোকে শান্তিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰে আৰু মণিপুৰত স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ পথ প্ৰশস্ত কৰাত আমি একেলগে অৰিহণা যোগাম বুলি আশ্বাস দিয়ে।”

গৃহমন্ত্ৰী শ্বাহক সাক্ষাৎ কৰাৰ পাছত ক’ৰ্ডিনেটিং কমিটি অন মণিপুৰ ইণ্টিগ্ৰিটি (COCOMI)ৰ সমন্বয়ক জীতেন্দ্ৰ নিংগোম্বাই কয় যে তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীক ৰাজ্যখনৰ ভূখণ্ড আৰু প্ৰশাসনিক অখণ্ডতা ৰক্ষাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে।

মণিপুৰৰ ভূখণ্ডৰ অখণ্ডতাৰ ক্ষেত্ৰত কোনো আপোচ নকৰাৰ আশ্বাস শ্বাহে প্ৰতিনিধি দলটোক দিয়া বুলিও তেওঁ সদৰী কৰিছে।

নেত্ৰী অনিতা চানু আৰু এন কুঞ্জৰানী দেৱীকে ধৰি আন এটা গোট আৰু মণিপুৰৰ বঁটা বিজয়ী আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াবিদসকলেও মঙলবাৰে অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ চেষ্টা কৰাৰ পিছত সংবাদমেলত কয় যে ৰাজ্যখনৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ বাবে চৰকাৰে দায়িত্ব সূচাৰুৰূপে পালন নকৰিলে তেওঁলোকে পুৰস্কাৰসমূহ চৰকাৰক ঘূৰাই দিব।

ইফালে আই বিৰ মুৰব্বী তথা গৃহ সচিবগৰাকীৰ সৈতে শ্বাহে খিলঞ্জীয়া জনজাতিৰ মঞ্চ আই টি এল এফ, কুকি ছাত্ৰ সংগঠন কে এছ অ’কে ধৰি অন্যান্য নাগৰিক সমাজৰ সংগঠনৰ সৈতে তিনিটা পৰ্যায়ত আলোচনাত মিলিত হয়। বিজেপিৰ পাঁচজন কুকি বিধায়ককো তেওঁ সাক্ষাৎ দিয়ে।

গৃহমন্ত্ৰীগৰাকীয়ে কুকি সমাজখনক শান্তি বজাই ৰাখিবলৈ অনুৰোধ কৰাৰ লগতে সাধাৰণ মানুহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়োজন হ’লে অধিক নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰাৰ আশ্বাস দিয়ে বুলিও তেওঁলোকে সদৰী কৰিছে।

 “তেওঁ (শ্বাহে) আমাক জনাইছে যে এই দীৰ্ঘদিনীয়া সংঘৰ্ষৰ আঁৰৰ কাৰণ উলিয়াবলৈ চিবিআইক বিশদ তদন্তৰ দায়িত্ব দিয়া হ’ব। ইয়াৰ উপৰিও ন্যায়িক তদন্তও ঘোষণা কৰা হ’ব।” আইটিএলএফৰ সম্পাদক মুয়ান টম্বিঙে পিটিআইক কয়।

টম্বিঙে লগতে কয় যে তেওঁৰ দলটোৱে ‘মণিপুৰৰ পৰা পৃথক হোৱাৰ দাবী জনাইছিল’ আৰু লগতে ৰাজ্যখনত ‘ৰাষ্ট্ৰপতিৰ শাসন’ বিচাৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd