উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে। আগন্তুক এবছৰৰ ভিতৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) কাৰ্যকৰীভাৱে প্ৰত্যাহাৰ কৰা সম্ভৱ হ’ব পাৰে। তেওঁ দাবী কৰে যে বৰ্তমানৰ পৰিস্থিতিত মাত্ৰ এখন বা দুখন ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ-পূৱ অঞ্চলক আফছপা মুক্ত কৰিব পৰা যাব। এই মন্তব্যৰ পিছত এই বিতৰ্কিত আইনখন আৰু উত্তৰ-পূব ভাৰতৰ নিৰাপত্তা পৰিস্থিতিৰ পৰিৱৰ্তন পুনৰ আলোচনাৰ মাজলৈ আহিছে।
অমিত শ্বাহে কয় যে যোৱা এটা দশকত উত্তৰ-পূব ভাৰতত শান্তি আৰু স্থিতিশীলতা প্ৰতিষ্ঠা কৰাত যথেষ্ট সফলতা লাভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ধাৰাবাহিক পদক্ষেপ, নিৰাপত্তা বাহিনীৰ ফলপ্ৰসূ ভূমিকা আৰু বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ বাবে হিংসাৰ ঘটনা বহু পৰিমাণে হ্ৰাস পাইছে। সেইবাবেই আফছপাৰ পৰিসৰ ক্ৰমান্বয়ে সংকুচিত হৈছে।
গৃহমন্ত্ৰীগৰাকীৰ মতে, বৰ্তমান উত্তৰ-পূব ভাৰতৰ ৮০ শতাংশতকৈও অধিক অঞ্চল ইতিমধ্যে আফছপাৰ পৰিসৰৰ পৰা ওলাই আহিছে। নিৰাপত্তাজনিত কাৰণত এসময়ত অতি স্পৰ্শকাতৰ বুলি গণ্য কৰা অঞ্চলসমূহত পৰিস্থিতি উন্নত হৈছে। ফলত সাধাৰণ মানুহৰ জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাই নহয়, বিনিয়োগ, পৰ্যটন আৰু আন্তঃগাঁথনি উন্নয়নৰ পথো সহজ হৈ পৰিছে।
২০১৪ চনত নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ শান্তিক বিশেষ গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি এই সময়ছোৱাত উগ্ৰপন্থী আক্ৰমণ, নিৰাপত্তা বাহিনীক আক্ৰমণ আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে। বিভিন্ন বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাৰ জৰিয়তে কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে, যিয়ে দীৰ্ঘম্যাদীভাৱে স্থিতিশীলতা অনাত সহায় কৰিছে।
ইতিমধ্যে কেইবাখনো ৰাজ্যত আফছপা প্ৰত্যাহাৰৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ২০১৫ চনত ত্ৰিপুৰাৰ পৰা এই আইন সম্পূৰ্ণৰূপে বাতিল কৰা হয়। তাৰ পিছত ২০১৮ চনত মেঘালয়ো আফছপা মুক্ত হয়। বৰ্তমান অসম, নাগালেণ্ড আৰু মণিপুৰৰ বৃহৎ অঞ্চলৰ পৰা এই আইন প্ৰয়োগত বাধা আৰোপ কৰা হৈছে। যদিও কিছুমান স্পৰ্শকাতৰ ক্ষেত্ৰত এই আইনখন এতিয়াও বলবৎ হৈ আছে, তথাপিও ইয়াৰ পৰিসৰ পূৰ্বতকৈ বহু কম।
দীৰ্ঘদিন ধৰি বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আহিছে আফছপা। এই আইনত নিৰাপত্তা বাহিনীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে, য’ত আছে গ্ৰেপ্তাৰ, তালাচী আৰু প্ৰয়োজন হ’লে বল প্ৰয়োগৰ অধিকাৰ। সমৰ্থকসকলৰ মতে এই আইনখনে সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে। আনহাতে, মানৱ অধিকাৰ সংগঠনসমূহে দাবী কৰে যে এই আইনৰ অপব্যৱহাৰৰ বহু অভিযোগ উত্থাপন হৈছে। সেয়ে নিৰাপত্তা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে দীৰ্ঘদিন ধৰি ইয়াৰ প্ৰত্যাহাৰৰ দাবী প্ৰবল হৈ আহিছে।
অমিত শ্বাহৰ শেহতীয়া মন্তব্যই সেই দাবীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে কেন্দ্ৰৰ লক্ষ্য উত্তৰ-পূব ভাৰতত স্থায়ী শান্তি স্থাপন আৰু এনে পৰিস্থিতিৰ সৃষ্টি কৰা য’ত আফছপাৰ দৰে বিশেষ আইনৰ আৰু প্ৰয়োজন নহ’ব। আগন্তুক এবছৰত যদি নিৰাপত্তা পৰিস্থিতি অনুকূল হয়, তেন্তে এই আইনখন বৃহত্তৰ অংশৰ পৰা প্ৰত্যাহাৰ কৰা সম্ভৱ হ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।





