• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

প্ৰথমেই পৰীক্ষা কৰিবলৈ ওলোৱা নাৰীগৰাকীয়ে নিজৰ দেহৰ উৰ্দ্ধাংশৰ সকলো কাপোৰ খুলি আইনাৰ সমুখত থিয় হ'ব। তাৰপিছত,নিজৰ হাত দুখন কঁ‌কালৰ নিম্নাংশলৈকে উলম্ব কৰি নমাই স্তন দুটিৰ আকাৰ,আকৃতি লক্ষ্য কৰাৰ লগতেই,কিবা টেমুনা বা কোনোবাখিনিত সংকুচিত বা ভিতৰলৈ সোমাই পৰিছে নেকি,আৰু নিপ্প'লৰ ছালৰ ৰঙলৈ কিবা পৰিৱৰ্তন আহিছে নেকি লক্ষ্য কৰিব লাগে।

ডাঃ বিক্ৰম কুমাৰ ডেকা। by ডাঃ বিক্ৰম কুমাৰ ডেকা।
May 29, 2023 7:19 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্তন কেঞ্চাৰৰ বিষয়ে,ইতিমধ্যে দুটিকৈ লেখা আপোনাসৱৰ বাবে আগবঢ়াইছোঁ৷ বৰ্তমান সময়ত সমগ্ৰ বিশ্বজুৰি মানুহ যিবিধ কেঞ্চাৰত আটাইতকৈ বেছিকৈ আক্ৰান্ত হয়, সেই কেঞ্চাৰবিধেই হৈছে স্তন কেঞ্চাৰ। আৰু এই কথা প্ৰায় সকলোৰে অৱগত। আৰু ইয়াৰ লগতে ভাৰত তথা অসমৰ আটাইতকৈ অধিক সংখ্যক কেঞ্চাৰ ৰোগীয়েই স্তন কেঞ্চাৰৰ ৰোগী। ইয়াৰ লগতে নাৰীদেহত হোৱা কেঞ্চাৰ ৰোগৰ দ্বিতীয় শীৰ্ষত থকা কেঞ্চাৰেই হৈছে স্তন কেঞ্চাৰ। ই নিশ্চয়কৈ এক বৰ যোগাত্মক দিশ নহয়৷ প্ৰধানতঃ নাৰীসকলৰ বাবে। পিছে আন কিছু কেঞ্চাৰৰ দৰেই স্তন কেঞ্চাৰো সঠিক সময়ত ধৰা পৰিলে ইয়াৰ চিকিৎসা আৰু এক সুস্থ জীৱন যাপন সম্ভৱ। স্তন কেঞ্চাৰৰ পৰীক্ষণৰ বিষয়ে আগতে কিছুখিনি জনোৱা হৈছে। পিছে,আন কেঞ্চাৰৰ তুলনাত স্তন কেঞ্চাৰৰ পৰীক্ষণৰ এক সুবিধা হৈছে যে-সাময়িকভাৱে স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতেই কৰিব পাৰি। অৰ্থাৎ ঘৰতেই চাব পাৰি যে স্তনৰ কোনো অংশত সন্দেহজনক কিবা লক্ষণে দেখা দিছে নেকি। যদিহে দিয়ে,তেন্তে ততালিকে বিভাগীয় চিকিৎসকৰ ওচৰ চপা সহজ হৈ পাৰে। এনেয়ো,কেঞ্চাৰ ৰোগৰ লগতে স্তনত হ’ব পৰা আন কিবা ৰোগৰ অৱস্থিতিও এইদৰে কৰা পৰীক্ষণৰ দ্বাৰা ধৰা পেলাব পাৰি। অৰ্থাৎ,স্তনবৃন্তত বা ইয়াৰ আশে-পাশে দেখা দিয়া যিকোনো ধৰণৰ অস্বাভাৱিকতাক এইদৰে কৰা পৰীক্ষণৰ দ্বাৰা ধৰা পেলাব পাৰি আৰু প্ৰয়োজনত যাৱতীয় চিকিৎসা গ্ৰহণ কৰিব পাৰি।যদিওবা,মেম্ম’গ্ৰাম, ক্লিনিকেল পৰীক্ষা,আলট্ৰাচাউণ্ড, এম আৰ আই আদিৰ মাধ্যমেৰে স্তন কেঞ্চাৰৰ পৰীক্ষণ কৰা হয় আৰু এই পৰীক্ষণ মূল,তথাপিও ঘৰতেই এক নিৰ্দ্দিষ্ট সময়ৰ অন্তৰালত নিজেও যিদৰে স্তনৰ পৰীক্ষণ কৰিব পাৰি,সেই বিষয়েই আজিৰ এই লেখা৷

লগতে পঢ়কঃ How is cancer formed? কেন্সাৰ(কৰ্কট) ৰোগ বুলি ক’লেই আমাৰ জানিবলৈ মন যায় নহয় নে যে কেন্সাৰ ৰোগ হ’লে কি কি হয়! আহকচোন পঢ়োঁ

Apply Now

  স্তন কেঞ্চাৰৰ এই ঘৰুৱা পৰীক্ষণ,সকলো নাৰীয়েই কৰা উচিত। যিসকল নাৰীৰ মাহেকীয়া চক্ৰ নিয়মীয়া, তেওঁ‌লোকে মাহেকীয়া হৈ যোৱাৰ পিছতেই এই পৰীক্ষণ কৰাৰ এটা দিন ঠিক কৰি লব লাগে আৰু প্ৰতিমাহেই এই পৰীক্ষা ঠিক সেই সময়তেই কৰিব লাগে। আনহাতে,যিসকল নাৰীৰ মাহেকীয়া চক্ৰ অনিয়মিত,তেওঁ‌লোকে মাহৰ যিকোনো এটা দিন বাছি লৈ,প্ৰতিমাহে সেই দিনটোতেই নিজৰ স্তন পৰীক্ষা কৰিব পাৰে। এই পৰীক্ষা কৰিবলৈ বেছি সময়,বা আন কোনো আহিলাৰো প্ৰয়োজন নহয়। মাত্ৰ ঘৰত,শুই শুই,কিম্বা আইনাৰ আগত,অথবা গা ধুওতেও এই পৰীক্ষা মাত্ৰ কেইমিনিটমানতেই কৰি পেলাব পাৰি। এনেদৰে কৰিব পৰা স্তনৰ পৰীক্ষাৰ সম্পৰ্কে সবিশেষ তলত আগবঢ়াইছো-

১) আইনাৰ মুখত কিদৰে স্তন পৰীক্ষা কৰিবঃ-

প্ৰথমেই পৰীক্ষা কৰিবলৈ ওলোৱা নাৰীগৰাকীয়ে নিজৰ দেহৰ উৰ্দ্ধাংশৰ সকলো কাপোৰ খুলি আইনাৰ সমুখত থিয় হ’ব। তাৰপিছত,নিজৰ হাত দুখন কঁ‌কালৰ নিম্নাংশলৈকে উলম্ব কৰি নমাই স্তন দুটিৰ আকাৰ,আকৃতি লক্ষ্য কৰাৰ লগতেই,কিবা টেমুনা বা কোনোবাখিনিত সংকুচিত বা ভিতৰলৈ সোমাই পৰিছে নেকি,আৰু নিপ্প’লৰ ছালৰ ৰঙলৈ কিবা পৰিৱৰ্তন আহিছে নেকি লক্ষ্য কৰিব লাগে। দ্বিতীয়তে,হাতদুখন মুৰৰ ওপৰলৈ তুলি একেধৰণে স্তন পৰীক্ষা কৰিব লাগে। আৰু তৃতীয়তে,হাত দুখন নিজৰ কঁ‌কালত ৰাখি বুকুখন ফিন্দাই পুনৰাই আগৰ দৰে পৰীক্ষা কৰিব লাগে। মাত্ৰ এটা কথা মনত ৰাখিব লাগে যে-দুয়োটি স্তনলৈ সমানে নজৰ দিয়া হয় যেন।

২) থিয় হৈ কিদৰে স্তন পৰীক্ষা কৰিবঃ-

প্ৰথমেই পূৰ্বে উল্লেখ কৰাৰ দৰেই দেহৰ উৰ্দ্ধাংশৰ কাপোৰ খুলি থিয় হওক। এতিয়া,প্ৰথমে সোঁ হাতখনেৰে বাও স্তনটি পৰীক্ষা কৰক,আৰু তাৰপিছত একেদৰেই বাওঁ হাতেৰে সোঁ স্তনটি পৰীক্ষা কৰক। দুয়োটি স্তনতেই ক’ৰবাত কিবা টেমুনা,ডাঠ দাগ অথবা আন পৰিৱৰ্তন আহিছে নেকি চাবৰ বাবে হাতেৰে স্তনত প্ৰথমে মৃদু,তাৰপিছত অলপ অধিক আৰু তাৰপিছত আৰু অধিক চাপ প্ৰয়োগ কৰক। লগতেই নিপ্পল দুটি মোহাৰি চাওক,কিবা অস্বাভাৱিক নিঃসৰণ হৈছে নেকি।

৩) শুই শুই কিদৰে স্তন পৰীক্ষা কৰিবঃ-

প্ৰথমেই দেহৰ উৰ্দ্ধাংশৰ বস্ত্ৰ খুলি বিছনাত ওপৰমুৱাকৈ শুই লওক। এনেদৰে শুই স্তন পৰীক্ষা কৰাতো এক খুব ভাল স্থিতি,কাৰণ এনেদৰে স্তন দুটি অধিক প্ৰসাৰিত হৈ পৰে আৰু যিকোনো অস্বাভাৱিকতা ধৰা পৰাত অধিক সহায়ক হয়। প্ৰথমেই সোঁ‌ বাহুৰ তলত এটি গাৰু ৰাখি ২ নং পৰীক্ষণ প্ৰক্ৰিয়াত উল্লেখ কৰাৰ দৰেই স্তনৰ লগতেই কাষলতিৰ তলৰ অংশও পৰীক্ষা কৰক। এতিয়া একেধৰণেই,বাওঁ বাহুৰ তলত গাৰু এটা ৰাখি সেই স্তনটি সোঁ হাতেৰে পৰীক্ষা কৰক। 

লগতে পঢ়কঃ শৰীৰত এইকেইটা লক্ষণ দেখা পালে সাৱধান হওক : হ’ব পাৰে স্তন কেন্সাৰ

    এতিয়া আহিছোঁ এনেদৰে পৰীক্ষা কৰোতে স্তনত কি কি ধৰণৰ পৰিৱৰ্তন দেখিলে আপুনি সজাগ হোৱা জৰুৰী, তেনে কেইটিমান কথালৈ-

১) স্তনবৃন্ত দুটি দেখাত,আকৃতিত বা অনুভৱ কৰাত যদিহে কিবা পৰিৱৰ্তন পাইছে,

২) নিপ্পলৰ ৰঙ আৰু অনুভৱত যদিহে পৰিৱৰ্তন পাইছে,

৩) স্তনৰ কোনো অংশ পোটোকা পৰা বা সংকুচিত হোৱা যেন পাইছে যদি,

৪) স্তনৰ কোনো অংশত টেমুনা,ছালৰ ডাঠ দাগ বা টান কিবা অনুভৱ কৰে যদি,

৫) নিপ্পলৰ পৰা অস্বাভাৱিক নিঃসৰণ হৈছে যদি,

৬) নিপ্পলটো ভিতৰৰ ফাললৈ সোমাই যোৱা যেন পাইছে যদি,

৭) কেইবাদিনো ধৰি স্তনত হোৱ বিষ বা আঁতৰি নোযোৱা কোনো দাগ

৮) দুয়োটি স্তন যদিহে ফুলিছে,

৯) নিপ্পলৰ ছালত হোৱা খজুৱতি বা ৰঙা পৰা,

১০) স্তনৰ ছাল যদিহে ৰঙচুৱা পৰে,অথবা গাঢ় ৰঙৰ দাগ পৰিছে

লগতে পঢ়কঃ স্তন কেঞ্চাৰৰ বিষয়ে জানো আহক

  ঘৰুৱাভাৱে কৰা স্তনৰ পৰীক্ষণত উপৰুক্ত লক্ষণসমুহ যদিহে আৱিস্কাৰ কৰে,তেন্তে অনতিপলমে কেঞ্চাৰ ৰোগ বিশেষজ্ঞৰ কাষ চাপক। তেওঁ‌ তেতিয়া যাৱতীয় পৰীক্ষা-নিৰীক্ষাৰ বাবে লিখি দিব,যাৰ বিষয়ে ওপৰত উল্লেখ কৰিছো। যেনে মেম্ম’গ্ৰাম বা মেম্ম’গ্ৰাফী,যি এক এক্স-ৰে’ৰ দৰেই প্ৰক্ৰিয়া,যাৰ দ্বাৰা উপৰুক্ত লক্ষণসমূহ থকা নাৰীগৰাকী কেঞ্চাৰ আক্ৰান্ত হৈছে নে নাই নিশ্চিত হ’ব পাৰি। আৰু তাৰপিছত প্ৰয়োজনীয় চিকিৎসা-ব্যৱস্থা। যদিওবা কেঞ্চাৰ এতিয়াও দুৰাৰোগ্য বুলিয়েই ধৰা যায়,তথাপিও এনেদৰেই সচেতনতা আৰু সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰিলে এই ৰোগৰ প্ৰাবল্য কম কৰা আৰু চিকিৎসা, দুয়ো দিশতেই সহায়ক হয়। গতিকে,আজিয়েই এটি তাৰিখ নিৰ্ধাৰণ কৰক আৰু নিজকে সুৰক্ষিত কৰি ৰখাত এখোজ আগুৱাই থাকক।

লগতে পঢ়কঃ স্তন কেঞ্চাৰৰ লক্ষণ, পৰীক্ষণ আৰু চিকিৎসা 

ডাঃ বিক্ৰম কুমাৰ ডেকা।

কেন্সাৰ ৰোগ বিশেষজ্ঞ,ৰ’ব’টিক শল্য চিকিৎসক,বি এল কে মেক্স হস্পিটেল,দিল্লী।

চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা।

ডাঃ বিক্ৰম কুমাৰ ডেকা।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd